বাংকট : ভাৰতৰ আটাইতকৈ শান্তিপূৰ্ণ গাঁওখন

১০৮ বছৰত দাখিল হোৱা নাই এখনো এজাহাৰ

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ অক্টোবৰ : বিহাৰৰ গয়া জিলাৰ এখন গাঁৱে কেৱল ৰাজ্যখনৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবে এক আদৰ্শ দাঙি ধৰিছে। ১৯১৪ চনত বসতি স্থাপন কৰা এই গাঁৱৰ ৰাইজে আজিলৈকে এখনো এজাহাৰ দাখিল কৰা নাই। সাধাৰণতে সৰু সৰু কথাক লৈয়ে গাঁওবোৰত পাৰস্পৰিক বিবাদ হয়। কিন্তু এনে সৰু সৰু বিষয়বোৰ গৈয়েই থানাৰ পৰা আদালত পায়গৈ। কিন্তু বিহাৰৰ এখন গাঁৱৰ ৰাইজে যোৱা ১০৮ বছৰত এখনো এজাহাৰ দাখিল কৰা নাই। বিহাৰৰ এই গাঁওখনে নিশ্চয় একবিংশ শতিকাত সমগ্ৰ দেশবাসীলৈ এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। গাঁওখন হৈছে গয়া জিলাৰ আমাছ ব্লকৰ বাংকট গাঁও। ১৯১৪ চনত বসতি স্থাপন কৰা এই গাঁওখনৰ ইতিহাস ১০৮ বছৰীয়া। বৰ্তমান গাঁওখনৰ জনসংখ্যা প্ৰায় আঢ়ৈশ। আজিও এই গাঁৱৰ জনসাধাৰণে পাৰস্পৰিক ভাতৃত্ববোধৰে জীৱন কটাই আহিছে। সৰু সৰু অশান্তিৰ সমাধান হয় পঞ্চায়তৰ জৰিয়তে। ইয়াৰ মানুহে এতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন হোৱা পৰা নাই যাৰ বাবে তেওঁলোক থানালৈ যাবলগীয়া হ’ব পাৰে ৷ সেইবাবেই গাওঁখনৰ ৰাইজে থানা আৰু আদালতৰ মুখ দেখা নাই। বাংকট গাঁৱৰ বাবে পঞ্চায়তৰ সিদ্ধান্তই চূড়ান্ত। আমাছ ব্লক গয়া সদৰৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই বাংকাট গাওঁখন সম্পূৰ্ণ অপৰাধমুক্ত। গাঁওখনত মূলতঃ যাদৱ, চন্দ্ৰবংশী আৰু মহাদলিত জনগোষ্ঠীৰ লোকে বসবাস কৰে। কিন্তু এই গাঁৱত সকলোৱে সংহতিৰে বাস কৰে। সুখ দুখত ইজন সিজনৰ সহায়-সাৰথি হয়। ফলত এই গাঁওখনে জিলাখনৰ আন আন গাঁওসমূহৰ বাবে এক আদৰ্শ দাঙি ধৰিছে। বৰ্তমানৰ বাসিন্দাসকলে কয় যে পাৰস্পৰিক ভাতৃত্ববোধত জীয়াই থাকিলে সকলো সুখী হ’ব পাৰে। গাঁৱৰ বয়োজ্যেষ্ঠ উপেন্দ্ৰ যাদৱ আৰু দুধেশ্বৰ যাদৱে কয় যে এই গাঁৱৰ মানুহ মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। গাঁৱৰ মানুহে অৱশ্যেই চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে। শিশুৰ বাবে বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, নল জল যোজনা, নোলী গালী যোজনা, গড়কাপ্তানি প্ৰকল্প আদিৰে গাঁওখন সম্পূৰ্ণ সুখী। দুই-তিনি প্ৰজন্মৰ পাছতো এজন ব্যক্তিৰ বিৰুদ্ধেও গোচৰ ৰুজু হোৱা নাই। এই বিশেষত্বৰ বাবেই এই গাঁওখনে জিলাখনত এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। সমাজত গাঁওবাসীৰ পৰা সংগ্ৰহ কৰা ধনখিনিৰ সহায়ত আৰ্ত বা আৰ্থিকভাৱে দুৰ্বল গাঁওবাসীক সহায় কৰা হয়। ইয়াৰ বাহিৰেও আৰ্থিক জৰিমনা হিচাপে লাভ কৰা ধন আৰ্তজনৰ চিকিৎসা বা বিবাহৰ বাবে ব্যৱহাৰ কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More