বাইডেনৰ ঐতিহাসিক সিদ্ধান্তঃ শীর্ষ বিজ্ঞান উপদেষ্টা হ’ল ভাৰতত জন্ম গ্ৰহণ কৰা আৰতি প্রভাকৰ

0 37

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুন : ভাৰতীয় বংশোদ্ভূত গৱেষক আৰতি প্রভাকৰক তেওঁৰ শীর্ষ বিজ্ঞান উপদেষ্টা হিচাবে মনোনীত কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। বাইডেনৰ এই সিদ্ধান্তক ঐতিহাসিক বুলি অভিহিত কৰিছে আমেৰিকাৰ ভাৰতীয় সমাজে। ২০ জুনত ৰাষ্ট্ৰপতি বাইডেনে কয়— ‘‘ডক্টৰ প্রভাকৰ এগৰাকী অসামান্য ইঞ্জিনিয়াৰ আৰু বিখ্যাত পদার্থবিদ। তেওঁ অত্যন্ত সন্মানীয় এগৰাকী পণ্ডিত। তেওঁ বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্রত সামগ্রিক উন্নয়নকল্পে ‘অফিচ অব চায়েন্স এণ্ড টেকনলজি’ক যোগ্য নেতৃত্বদানৰ মাধ্যমেৰে উৎকর্ষৰ দিশলৈ আগুৱাই লৈ যাব। তেওঁ অসম্ভৱক সম্ভৱ কৰিব পাৰে, এয়াই মোৰ বিশ্বাস।’’ চিনেটে মনোনয়নত ছীল-মোহৰ লগালে আমেৰিকাৰ ইতিহাসত আৰতিয়েই হ’ব প্রথম অভিবাসী মহিলা যি ‘অফিচ অব চায়েন্স এণ্ড টেকনলজি পলিচি (অ’এছটিপি)’ৰ প্রধান ডিৰেক্টৰ হ’ব। তদুপৰি তেওঁ বাইডেন প্রশাসনত অন্যতম উচ্চশিক্ষিত ভাৰতীয় বংশোদ্ভূত। দিল্লীত জন্ম হৈছিল আৰতিৰ। তিনি বছৰ বয়সত মাক-দেউতাকৰ লগত উৰা মাৰে আমেৰিকালৈ। প্রথমে  আছিল চিকাগোত। তাৰ পিছত আৰতিৰ বয়স যেতিয়া ১০, তেতিয়া টেক্সাচলৈ গুচি যায়। ‘টেক্সাচ টেক ইউনিভার্চিটি’ৰ পৰা আৰতি ইলেক্ট্রিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক হয়। প্রথম মহিলা হিচাবে আৰতিয়ে ‘কেলিফর্নিয়া ইনষ্টিটিউট অব টেকনলজি’ৰ পৰা ফলিত পদার্থবিদ্যাত পিএইচডি কৰে। সেই শিক্ষা প্রতিষ্ঠানতেই তেওঁ ইঞ্জিনিয়াৰিঙৰ এমএছ কৰে। বর্তমান ষ্টেনফর্ডৰ চেন্টাৰ ফৰ এডভান্সড ষ্টাডি আৰু ইন্সষ্টিটিউট অব ইলেক্ট্রিকেল এণ্ড ইলেক্ট্রনিক্স ইঞ্জিনিয়াৰ্ছৰ ফেল’ আৰু নেচনেল একাডেমি অব ইঞ্জিনিয়াৰিঙৰ সদস্য আৰতিয়ে জীৱনৰ এছোৱা সময় চিলিকন ভেলীতো কাম কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More