বাক্সাৰ বৰমাত পাঞ্জাৱ লুধিয়ানাৰ ডি এ ভি পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত ডিজিটেল মাধ্যমত মত বিনিময় বাকসাৰ ছাত্ৰ ছাত্ৰীৰ

0 7

শতাব্দ প্ৰতিনিধি, বাক্সা,৬ মেঃ ডিজিটেল মাধ্যমৰ অভুতপূৰ্ব সাফল্যৰ ফলত সম্ভৱ হৈ উঠিছে সকলো কাম । আনকি বহিঃৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো যোগসূত্ৰ সম্ভৱ হৈ উঠিছে এই মাধ্যমৰ যোগেদি। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন ডিজিটেল ইণ্ডিয়াৰ ফলত শুক্ৰবাৰে দুখন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মতবিনিময় অনুস্থান সম্পন্ন হয় বাক্সাৰ বৰমাত । বাক্সা জিলাৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শুক্ৰবাৰে বৰমাৰ চেন্টজন্স মিচন হায়াৰ চেকেণ্ডাৰী বিদ্যালয়ত ভাৰতবৰ্ষৰ আগশাৰীৰ বিদ্যালয় পাঞ্জাৱ লুধিয়ানাৰ এ ভি পি পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰম্ভ হয় মতবিনিময় অনুস্থান। পাঞ্জাৱ আৰু অসমৰ শিক্ষা, সংস্কৃতিৰ ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰদৰ্শন হয়। বাক্সা জিলাৰ ছাত্ৰ-ছাত্ৰীয় বিহু,বাগুৰুমবা, বৈশাগু, নৃত্য প্ৰদৰ্শনৰ উপৰি নৃত্যত ব্যৱহৃত সঁজুলিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে ডিজিটেল মাধ্যমৰ যোগেদি লুধিয়ানাৰ ছাত্ৰ-ছাত্ৰীক বৰ্ণনা কৰে । এই অনুস্থানৰ দ্বাৰা বাক্সা জিলাৰ ভিতৰুৱা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে ভাৰতৰ আগশাৰীৰ বিদ্যালয় লুধিয়ানাৰ ডি এ ভি Snap1651836305693পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মতবিনিময় কৰি যথেষ্টখিনি শিকিব পাৰিছে বুলি মন্তব্য কৰে বাক্সা জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে। বাক্সা জিলাৰ বিদ্যালয় সমুহৰ আন্তঃগাঁঠনি আৰু শিক্ষকৰ সমস্যা থকাৰ কথা উল্লেখ কৰি বিদ্যালয়সমুহৰ পৰিদৰ্শকে আজিৰ মতবিনিময়ৰ জৰিয়তে বাক্সা জিলাৰ ছাত্ৰছাত্ৰীয়ে বহু কথা শিকিব পাৰিছে বুলি মন্তব্য কৰে । অনুস্থানত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে বিহু আৰু বৈষাগু ,বাগুৰুমবা নৃত্য প্ৰদৰ্শ কৰি নিজৰ ভাললগা মন্তব্য দাঙি ধৰে। অনুস্থানত বাক্সা জিলা উপায়ুক্ত আয়ুষ গাৰ্গ,অতিৰিক্ত উপায়ুক্ত, নিৰ্বাচনী বিষয়া মানবেন্দ্ৰ ভৰালীৰ উপৰিও বহু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More