বাক্সাৰ সাদেৰিত ভাগৱত গীতা পৰিভ্ৰমণ

0 46

বাক্সা ,১ মেঃ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি আজি বাক্সা জিলাৰ সাদেৰিত হোম-যজ্ঞৰে গাঁওখনত ভাগৱত গীতা পৰিভ্ৰমণ কৰে । কেবাশ ভক্তিপ্ৰাণ লোক সমবেত হৈ ৰাজহুৱা বুঢ়া গোসাই নামঘৰত হোম – যজ্ঞ কৰি ভাগৱত গীতা পৰিভ্ৰমণেৰে শান্তিৰ বাণী প্ৰেৰণ কৰে । গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পদুলিত ৰৈ ভক্ত সকলে গৃহস্থক আশীৰ্বাদ দিয়ে । উল্লেখ্য যে হোম – যজ্ঞ অনুস্থানৰ লগত সংগতি ৰাখি নৱ নিৰ্মিত বুঢ়া গোসাই নামঘৰটো শুভ উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক সৰ্বেশ্বৰ মদাহিয়ে । অনুষ্ঠানত গাঁওখনৰ বয়োজ্যেষ্ঠ লোক সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More