বাণ থিয়েটাৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ সামৰণি

১৮ টা নাট্য দলৰ নাট পৰিৱেশনৰে জীপাল হ'ল বাণ থিয়েটাৰৰ মঞ্চ

0 17

১৪ গৰাকী দাতা পৰিয়ালৰ সদস্যক বাণ থিয়েটাৰৰ সন্মান প্ৰদানঃ
শ্ৰেষ্ঠ নাট্যদলৰ সন্মান নগাঁৱৰ “জ্যোতি শিল্প নাট্য দলঃ
শ্ৰেষ্ঠ পৰিচালক বোকাখাতৰ তৰুণ তীৰ্থ শইকীয়া

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৪ জুলাই : ৰাজ্যখনৰ বিভিন্ন জিলাৰ ১৮ নাট্য দলৰ চমকপ্ৰদ প্ৰদৰ্শনৰ অন্তত কালি নিশা প্ৰায় আঢ়ৈ বজাত সামৰণি পৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ। উল্লেখ্য যে যোৱা ২ আৰু ৩ জুলাইত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সদৌ অসম একাংক নাট প্ৰতিযোগিতাত নগাঁৱৰ জ্যোতি শিল্প নাট্য দলে প্ৰদৰ্শন কৰা “ত্ৰাহি দেৱ দামোদৰ” শীৰ্ষক নাটকখনে শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰি অৰিন্দম কৌশিক সোঁৱৰণী নগদ ১৫ হাজাৰ টকা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে সন্মান লাভ কৰে তেজপুৰৰ ইফক্ৰ নাট্য দলৰ সাংবাদিক ভাস্কৰ ডেকাই দিলীপ চৌধুৰী সোঁৱৰণী বঁটাৰ লগতে নগদ ৩ হেজাৰ টকা আৰু শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰি বোকাখাতৰ তৰুণ তীৰ্থ শইকীয়াই পংকজ বৰদলৈ সোঁৱৰণী বঁটাৰ লগতে নগদ দুহেজাৰ টকা লাভ কৰিবলৈ সক্ষম হয়।IMG 20220704 WA0067 বিশিষ্ট নাট্যশিল্পী মৃদুল চুতীয়া, চলচ্চিত্ৰ পৰিচালক কৃপাল কলিতা আৰু প্ৰগতিশীল নাট্যশিল্পী অমৃত বৰগোঁহায়ে বিচাৰকৰ আসন অলংকৃত কৰা এই প্ৰতিযোগিতাৰ অনান্য পুৰস্কাৰ লাভ কৰা শিল্পী সকল হ’ল,
২য় শ্ৰেষ্ঠদলঃ নাটক= কেকোঁ‌ৰা (জাগীৰোড মহাবিদ্যালয়)
৩য় শ্ৰেষ্ঠ দলঃ নাটক= নিংনি, প্ৰজন্ম,নলবাৰী,
শ্ৰেষ্ঠ নাট্যকাৰঃ ভাস্কৰ ডেকা,নাটক-যাদুঘৰ, ইফক্ৰ, তেজপুৰ,
শ্ৰেষ্ঠ পৰিচালকঃ তৰুণতীথ শইকীয়া, নাটকঃ ভূমিফুল, মনিমুগ্ধ নাট্যদল, বোকাখাত,
শ্ৰেষ্ঠ অভিনেতাঃ ৰিতুপৰ্ন চৌধুৰী, নাটকঃ পেণ্ডুলাম, সাৰথি নাট্যগোষ্ঠী,বোকাখাত,
শ্ৰেষ্ঠ অভিনেত্ৰীঃ শিল্পিকা গোস্বামী, নাটকঃ ত্ৰাহি দেৱ দামোদৰ, জ্যোতি শিল্প, নগাঁ‌ও,
২য় শ্ৰেষ্ঠ অভিনেতাঃ কিশোৰ পাঠক এন এফ আৰ চি এ,গুৱাহাটী)
২য় শ্ৰেষ্ঠ অভিনেত্ৰীঃ ছ’নিয়া ভৰদ্বাজ, নাটকঃ ভাগফল শূন্য, শিল্পায়ন ,গুৱাহাটী
শ্ৰেষ্ঠ সহ অভিনেতাঃ কৌশিক গোস্বামী, নাটকঃ ভাগফল শূন্য,
শ্ৰেষ্ঠ সহ অভিনেত্ৰীঃ হিমাক্ষী কলিতা,
শ্ৰেষ্ঠ কৌতুক অভিনেতাঃ দিগন্ত ভৰালী, নাটকঃ নিংনি, প্ৰজন্ম নলবাৰী,
শ্ৰেষ্ঠ শিশু শিল্পীঃ আৰ্যু আহমেদ আৰু প্ৰিয়াংশু চৌধুৰী, নাটকঃ জাল, ইয়ুঠ কলাক্ষেত্ৰ, বঙাইগাঁও,
শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলঃ আংগিক নাট্যদল, তেজপুৰ, নাটকঃ Rum বধ,
বিচাৰকৰ বিশেষ বঁ‌টাঃ মানস প্ৰতিম বৰা, মঞ্চতীৰ্থ,অসম,তেজপুৰ, নিশা শৰ্মা । উল্লেখ্য যে এই প্ৰতিযোগিতাৰ মাজতে বাণ থিয়েটাৰৰ পৰিয়ালে দাতা পৰিয়ালৰ সদস্য সকলক বিশেষ ভাবে সন্মান প্ৰদান কৰে। সন্মান জনোৱা সদস্য সকল হ’ল প্ৰথম শ্ৰেষ্ঠ দলৰ অৰিন্দম কৌশিক সোঁৱৰণী বঁটা প্ৰদান কৰোঁতা অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° জ্যোৎস্না শৰ্মা বেজবৰুৱা, দ্বিতীয় শ্ৰেষ্ঠ দলৰ হেদায়ৎ উল্লাহ সোঁৱৰণী বঁটাৰ দাতা আমিনুল ইছলাম, তৃতীয় শ্ৰেষ্ঠ দলৰ কৰুণাময়ী সোঁৱৰণী বঁটাৰ দাতা প্ৰবীণ অভিনেত্ৰী কৃষ্ণা দাস নাথ, শ্ৰেষ্ঠ নাট্যকাৰৰ দিলীপ চৌধুৰী সোঁৱৰণী বঁটাৰ পৰিয়ালৰ সদস্য, শ্ৰেষ্ঠ পৰিচালকৰ পংকজ বৰদলৈ সোঁৱৰণী বঁটাৰ দাতা বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈ, শ্ৰেষ্ঠ অভিনেতাৰ বাণীকান্ত শৰ্মা সোঁৱৰণী বঁটাৰ দাতা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি অখিল শৰ্মা, শ্ৰেষ্ঠ অভিনেত্ৰীৰ গৌৰী প্ৰতিমা পদ্মপতি সোঁৱৰণী বঁটাৰ দাতা শৈলজা কুমাৰ পদ্মপতি, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ কবিন বৰুৱা সোঁৱৰণী বঁটাৰ দাতাৰ পৰিয়ালৰ সদস্য, দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ মেঘালী তালুকদাৰ সোঁৱৰণী বঁটাৰ দাতা প্ৰহ্লাদ তালুকদাৰ, শ্ৰেষ্ঠ সহ অভিনেতাৰ ভূপেন বৰুৱা সোঁৱৰণী বঁটাৰ দাতা নিজৰা কলিতা, শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ সত্যৰঞ্জন কলিতা সোঁৱৰণী বঁটাৰ দাতাৰ পৰিয়াল, শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ উদয় চন্দ্র দাস সোঁৱৰণী বঁটাৰ দাতা খনীন্দ্ৰ কুমাৰ দাস, শ্ৰেষ্ঠ শিশু শিল্পীৰ ডাঃ গজেন্দ্ৰ নাথ কলিতা সোঁৱৰণী বঁটাৰ দাতা প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা আৰু শ্ৰেষ্ঠ শৃংখলাৱদ্ধ দলৰ আৰছাদ হুছেইন সোঁৱৰণী বঁটাৰ দাতা বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য তাজ হুছেইনক বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী,সাধাৰণ পৰিচালক ভূপেন শৰ্মা, মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, গ্ৰন্থাগাৰিক দিগন্ত কুমাৰ ভূঞা, কাৰ্যনিৰ্বাহক সদস্য তিলক নাথ, কিশোৰ শৰ্মা, মৰমী শইকীয়া, সত্যদেৱ শৰ্মা, জ্যোতি প্ৰসাদ গোস্বামী আদিয়ে বিশেষ ভাবে সন্মান প্ৰদান কৰে। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ঢকুৱাখনাৰ উদীয়মান অভিনেত্ৰী শিৱা ৰাণী কলিতাক বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই বিশেষ ভাবে অভিনন্দন জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More