বাণ থিয়েটাৰত শিল্পীৰ স্মৃতি সম্বলিত গ্ৰন্থ ‘মোৰ গান মোৰ প্ৰাণ’ উন্মোচন

দুগাৰ্ময়ী বৰাক এম ইব্ৰাহীম আলিৰ স্মৃতিত ‘কাঁচিজোন জীৱনযোৰা সাধনা বঁটা

0 68


এতিয়া গানতকৈ বাজানা বেছি, একাংশ গীতৰ কথাও তৰল- কীৰ্তিকমল ভূঞা

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ এপ্ৰিলঃ এগৰাকী কণ্ঠশিল্পীৰ জীৱনৰ বহু তিতা-মিঠা স্মৃতি আৰু জীৱনযোৰা সংগীত সাধনাৰ অপ্ৰকাশিত তথ্যৰে অসমীয়া আধুুনিক সংগীতৰ নিৰৱ সাধক দুগাৰ্ময়ী বৰাই লিখি উলিওৱা ‘মোৰ গান মোৰ প্ৰাণ’ শীৰ্ষক গ্ৰন্থখনি আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত আনুষ্ঠানিকভাবে উন্মোচন কৰা হয় । অসমীয়া গীতি সাহিত্যৰ পুৰোধা ইদ্ৰিছ আলি আৰু কীৰ্তিকমল ভূঞাৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সোণসেৰীয়া অসমীয়া আধুনিক গীতৰ ৰোমন্থনে উপস্থিত সকলোকে নষ্টালজিক কৰি তোলে । বিশিষ্ট কবি প্ৰয়াত এম ইব্ৰাহীম আলিৰ স্মৃতিত প্ৰতি পাঁচ বছৰৰ অন্তত আগবঢ়োৱা ‘কাঁচিজোন স্মাৰক জীৱনযোৰা সাধনা বঁটা’ প্ৰবীন কণ্ঠশিল্পী দুগাৰ্ময়ী বৰাক এই অনুষ্ঠানতে পৰিয়ালৰহৈ প্ৰবীন গীতিকাৰ ইদ্ৰীছ আলিয়ে আনুষ্ঠানিকভাবে প্ৰদান কৰে । বঁটা প্ৰদান কৰি প্ৰবীন গীতিকাৰ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ইদ্ৰিছ আলিয়ে কয় যে, মোৰ পিতৃ এম ইব্ৰাহীম আলিৰ স্মৃতি বিজড়িত এই বঁটা মোৰ অতিকৈ প্ৰিয় ছাত্ৰী দুৰ্গাময়ী বৰাক আগবঢ়াবলৈ পাই মই পৰম প্ৰশান্তি লাভ কৰিছোঁ। তেজপুৰৰ সাংস্কৃতিক প্ৰাণেৰে জীপাল এনে এক পৰিবেশত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে নতুন মাত্ৰাও লাভ কৰিছে । ইফালে অনুষ্ঠানত উপস্থিত থাকি আন এগৰাকী বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞাই ভাষণ প্ৰসংগত কয় যে, সাম্প্ৰতিক সময়ত সংগীতৰ চৰ্চা আৰু ইয়াৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ হৈছে যদিও গীতি সাহিত্যই যেন কৰবাত ছন্দ হেৰাইছে । আজিৰ বিহু মঞ্চত একাংশ শিল্পীয়ে গোৱা গীতে শ্ৰোতা দৰ্শকৰ হৃদয় স্পৰ্শ নকৰে । গানতকৈ বাজনা বেছি হয় । গীতৰ কথাও কেতিয়াবা তৰল হয় । এনে পৰিপ্ৰেক্ষিতত অসমীয়া আধুনিক গীতে আকৌ ছন্দ ঘূৰাই পাব বুলি আশা ব্যক্ত কৰে । তেওঁ লগতে নিজৰ জীৱনৰ গীতৰ সৈতে সম্পৰ্কীত নানা কথাৰ উল্লেখ কৰি প্ৰাণোঞ্চলতাৰে ভৰপুৰ, উচ্ছল, বৈভৱৰ এশবছৰীয়া অসমীয়া গীতৰ প্ৰাচুৰ্য্যময় ধাৰাক দুৰ্গাময়ী বৰাৰ দৰে শিল্পীয়ে বোৱাই ৰাখিছে বুলি মন্তব্য কৰে । IMG 20220423 WA0071গ্ৰন্থখনৰ প্ৰকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা কবি, লেখক জনাৰ্দ্দন গোস্বামীয়ে গ্ৰন্থখনৰ জন্ম যাতনা দীঘলীয়া পৰিক্ৰমাৰ বিষয়ে ব্যাখ্যা কৰি অন্যান্য কণ্ঠশিল্পীৰ দৰে দুৰ্গাময়ী বৰাই কেৱল গীত গাই নাথাকি গীতৰ ইতিহাসৰ সৈতে সম্পৰ্কিত কৰি নিজৰ গীতৰ মাজেৰে নিজৰ প্ৰাণৰ অন্তস্পৰ্শী কথা প্ৰকাশ কৰি আপ্লুত কৰি তুলিছে বুলি মন্তব্য কৰে । বিশিষ্ট কবি বিপুলজ্যোতি শইকীয়াই কয় যে, গানৰ সৈতে মোৰ সম্পৰ্কটো এজন শ্ৰোতাৰহে আৰু সেই সম্পৰ্কটোৰ যোগসূত্ৰ হিচাপেহে মই শিল্পী দুৰ্গাময়ী বৰাক পাইছোঁ । চিৰকলীয়া, চিৰন্তন গীতৰ পৰম্পৰাৰ কেন্দ্ৰ সমূহৰ ভিতৰত তেজপুৰ এখন অন্যতম কেন্দ্ৰ । আধুনিক গীতৰ জৈৱিক ৰূপটো চিৰপ্ৰবাহমান কৰি ৰাখিছে দুৰ্গাময়ী বৰাৰ দৰে শিল্পীয়ে । প্ৰবীন গীতিকাৰ বঙ্কিম শৰ্মাই কয় যে, দুৰ্গাময়ী বৰাই গীতক সুৰ হিচাপে গ্ৰহণ কৰিছে, শব্দশৈলীক সাহিত্যলৈ ৰূপান্তৰিত কৰিছে । সেইদৰে অনুষ্ঠানত উপস্থিত থকা নাট্য সমালোচক নয়ন প্ৰসাদে কয় যে, তেজপুৰ মোৰ বাবে এটি নষ্টালজিয়া । নাটকৰ লগত সম্পৰ্কীত হোৱাৰ বাবে গানৰ সৈতেও মোৰ চিৰ নতুন সম্পৰ্ক । দুৰ্গাময়ী বৰাৰ গীতে আমাৰ হৃদয়ক স্পৰ্শ কৰে । গীতসমূহে সুৰৰ পৃথিৱীলৈ টানি আমাক লৈ যায় । মাটিৰ সৈতে সম্পৰ্কিত এই গীতৰ পৰম্পৰা অব্যাহত থাকক । তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াই ভাষণ প্ৰসংগত কয় যে, পৰিশীলিতভাবে লোকগীত, ধ্ৰুপদী সংগীত, আধুনিক সংগীত এই তিনিওটি ধাৰাটেই চৰ্চা অব্যাহত ৰখা বিশিষ্ট শিল্পী দুৰ্গাময়ী বৰাক এইবেলি এই বঁটা আগবঢ়োৱাটো অসমীয়া সংগীত জগতৰ বাবে এটি আশাপ্ৰদ বতৰা । উল্লেখ্য যে, তেজপুৰ সাহিত্য সভা আৰু শোণিতপুৰ প্ৰেছ ক্লাবে আয়োজন কৰা কণ্ঠশিল্পী দুৰ্গময়ী বৰাৰ ‘মোৰ গান মোৰ প্ৰাণ’ শীৰ্ষক গ্ৰন্থ উন্মোচনী সভাত নিজৰ অনুভৱ ব্যক্ত কৰি শিল্পী গৰাকীয়ে গান তেওঁৰ জীৱনৰ পৰিসমাপ্তিলৈকে লগতে থাকিব বুলি কয় । শোণিতপুৰ প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক পংকজ বৰুৱাই আঁত ধৰা এই অনুষ্ঠানতে প্ৰসিদ্ধ গীতিকাৰ ইদ্ৰীছ আলি আৰু কীৰ্তিকমল ভূঞাৰ ৰচিত দুটি যুগজয়ী গীত পৰিৱেশন কৰে ক্ৰমে- ভাৱনা শইকীয়া আৰু প্ৰণামী বৰঠাকুৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More