বানপানী : ডিমা হাচাওত ৩ জনৰ মৃত্যু

ৰাজ্যজুৰি ক্ষতিগ্ৰস্ত ২৪,৬৮১ জন

0 17
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ মে’ : ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে অসমৰ বিভিন্ন জিলাত বিধ্বংসী ৰূপ লৈছে। কালিলৈকে (১৪ মে’) ৰাজ্যখনৰ ভিতৰত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত জিলাসমূহৰ এখন ডিমা হাচাওত কমেও তিনিজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা সংস্থা(ASDMA)ই প্ৰকাশ কৰা আনুষ্ঠানিক বুলেটিনত কোৱা হৈছে যে, ডিমা হাচাও জিলাত বান আৰু ভূমিস্খলনৰ ফলত কমেও তিনিজন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত দুজন পুৰুষ আৰু এগৰাকী মহিলা। ডিমা হাচাওৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ, ধেমাজি, হোজাই, কাৰ্বি আংলং পশ্চিম, নগাঁও, কামৰূপ মেট্ৰ’ আদি জিলাসমূহ ক্ষতিগ্ৰস্ত হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More