বানযুক্ত লখিমপুৰক বানমুক্ত কৰাৰ দাবীত আছুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি অৰুণাচলীৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ৰাজপথ

0 53

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ,২৮মেঃ উত্তৰ লখিমপুৰত আজি ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি  প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। মূলতঃ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা শীঘ্ৰে মেৰামতি কৰাৰ দাবী তুলিছে আছুৰ প্ৰতিবাদী সকলে। লখিমপুৰ জিলাৰ মাজেৰে যোৱা জৰাজীৰ্ণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণ আৰু নিৰ্মীয়মান বাইপাছৰ কাম খৰতকীয়া কৰি সম্পূৰ্ণ কৰিবৰ বাবে দাবী জনাই আছুৱে। ইয়াৰোপৰি লখিমপুৰৰ এটা স্থায়ী সমস্যা বানপানী, গৰাখহনীয়া সমস্যা। সদৌ অসম ছাত্ৰ সন্থা তথা ‘সদৌ লখিমপুৰ জিলা ছাত্র সন্থাই দীর্ঘদিন এই সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰাৰ পাছতো সমস্যা সমাধান নহ’ল। যাৰ বাবে সোৱণশিৰি, ৰঙানদী, শিঙৰা, ডিক্ৰং নদীৰ বানপানী, গৰাখহনীয়াই প্ৰতিবছৰে ধ্বংসলীলা চলাই আহিছে। বিজ্ঞান সন্মতভাৱে নদী কেইখনৰ ওপৰত অধ্যয়ন কৰি বানযুক্ত লখিমপুৰক বানমুক্ত কৰাৰ লগতে স্থায়ী সমাধান কৰিবৰ বাবে দাবী জনাইছে আছুৱে।আছুৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি সীমান্ত নেওঁগ,সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে কয়-দীৰ্ঘদিন ধৰি অসমৰ মাটিত অৰুণাচলীয়ে অস্ত্র-শস্ত্ৰলৈ অসমৰ ভূমি বে-দখল কৰি আহিছে। এই সন্দৰ্ভত আছুৱে জিলা প্ৰশাসন কিম্বা চৰকাৰক বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো চৰকাৰে কানসাৰ দিয়া নাই।সেয়েহে আছুৱে পুনৰ প্ৰতিবাদী কাৰ্যসূচী লবলৈ বাধ্য হৈছে।আছুৰ লখিমপুৰ জিলা সমিতিয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পাছত মুখ্যমন্ত্ৰীলৈ দাবী সমূহ শীঘ্ৰে সমাধানৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।দাবী সমূহ অচিৰে ৰূপায়ন নহলে পুনৰ তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More