বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত ধেমাজিত আছুৰ বিক্ষোভ 

0 50
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৩০ জুনঃ সদৌ অসম ছাত্র সন্থাৰ আহ্বান মৰ্মে আজি ধেমাজি জিলাতো সদৌ ধেমাজি জিলা ছাত্র সন্থাই অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান কৰা, বানত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য, উচিৎ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত ধেমাজি নগৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্র সন্থাৰ প্ৰায় দুই শতাধিক কৰ্মী উপস্থিত থকা কাৰ্যসূচীত ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা আৰু সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে কয় যে প্ৰতিবছৰে সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাতো বান-গৰাখহনীয়া সমস্যাই ব্যাপক ক্ষয়-ক্ষতি কৰি আহিছে। কিন্তু কোনো এখন চৰকাৰে আজিলৈকে এই বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিব নোৱাৰিলে। এইবছৰো জিলাখনৰ জীয়াঢল, কুমটীয়া, গাইনদী, চিমেন, চিয়াং, লালী, ৰাইনৈ, ন-নদী, মিছামাৰী, নিলখ, ডিমৌ আদি নৈৰ বাঢ়নি পানীয়ে শতাধিক গাওঁ প্লাবিত কৰি ৰাখিছে । হাজাৰোধিক পৰিয়াল গৃহহাৰা হোৱাৰ লগতে সা-সম্পত্তি, পশুধন বাঢ়নি পানীয়ে উটুৱাই লৈ গৈছে। ঠায়ে ঠায়ে ভিতৰুৱা ৰাস্তা-ঘাট ভাঙি তচনচ কৰি দিছে। চিয়াং নৈৰ পানীয়ে পবা বনাঞ্চলক সংকুচিত কৰি অনাৰ লগতে কবু চাপৰি, সন্তপুৰ, কেচাকাঠনি, লালুকিজান, চমকং আদি অঞ্চল নদীৰ বুকুত যাহ যোৱাৰ উপক্ৰম হৈছে। প্ৰতিবছৰে বাৰিষাত এইবোৰ সমস্যাই দেখা দিয়ে যদিও আজিলৈকে বিজ্ঞানসন্মত পদ্ধতিৰে এই সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা নকৰাত ক্ষোভ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ চকু কেৱল অসমৰ সম্পদৰ ওপৰত, অসমৰ সমস্যাৰ ওপৰত কেন্দ্ৰৰ চকু নাই কিয় বুলি প্ৰশ্ন কৰে। দেশৰ প্ৰধানমন্ত্রী আৰু গৃহমন্ত্রীক উদ্দেশ্য কৰি কয় যে কেৱল নিৰ্বাচনৰ সময়ত বৰ বৰ কথা কলেই, প্ৰতিশ্ৰুতি দিলেই নহব; এই বিপদৰ সময়ত কেৱল মাত্র টেলিফোন কৰি দায়িত্ব সামৰিলে নহ’ব, অসমৰ বান-খহনীয়া সমস্যাক অতিশ্ৰীঘ্ৰে ৰাষ্টীয় সমস্যা হিচাপে ঘোষণা কৰি বিশেষ পুঁজি মোকলাই এই সমস্যাৰ স্থায়ী সমাধান কৰিবই লাগিব। প্ৰতিবাদী বিক্ষোভৰ জৰিয়তে সদৌ ধেমাজি জিলা ছাত্র সন্থাই অসম চৰকাৰকো বানপানীত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰাৰ লগতে ঘৰ-বাৰী হেৰুৱা ব্যক্তিসকলক উচিৎ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈ, ধেমাজি মহকুমা ছাত্র সন্থাৰ সভাপতি অৰবিন্দ গগৈ, জোনাই মহকুমা ছাত্র সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰীকে ধৰি প্ৰায় দুই শতাধিক ছাত্র কৰ্মী উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More