বান বিধ্বস্ত ছয়দুৱাৰ মহাবিদ্যালয়ঃ ১২ জন অধ্যক্ষসহ সহযোগী অধ্যাপকৰ ১ লাখ টকাৰ অনুদান

অধ্যক্ষ পৰিষদৰ পৰিদৰ্শন

0 28

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুলাইঃ  নৱ গঠিত বিশ্বনাথ জিলাৰ শৈক্ষিক ক্ষেত্ৰৰ অগ্ৰণী উচ্চশিক্ষানুষ্ঠান তথা গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ক এইবাৰ বানে অতি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। বানে বিধ্বস্ত কৰা  মহাবিদ্যালয়খনত আজি অধ্যক্ষ পৰিষদৰ দৰং, শোণিতপুৰ আৰু বিশ্বনাথ মণ্ডলৰ প্ৰায় ১২ জন অধ্যক্ষৰ লগতে বিশ্বনাথ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অজিত দত্তই পৰিদৰ্শন কৰি মহাবিদ্যালয়খনৰ ক্ষয়-ক্ষতিৰ বুজ লয়। আজি দৰং, শোণিতপুৰ, বিশ্বনাথ মণ্ডলৰ সভাপতি তথা তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকা, সম্পাদক তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিমনি শৰ্মা, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমণি শ‍ইকীয়া, চতিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° স্বপন কুমাৰ কলিতা, বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জীৱন চন্দ্র নাথে বানে ধোৱা ছয়দুৱাৰ মহাবিদ্যালয়ত উপস্থিত হৈ মৰ্মাহত হৈ পৰে। তেওঁলোকে বানপানীত হোৱা ক্ষয় ক্ষতিৰ বুজ লৈ সহমর্মিতা প্রকাশ কৰে। তদুপৰি দৰং, শোণিতপুৰ, বিশ্বনাথ মণ্ডলৰ ১২জন অধ্যক্ষৰ লগতে বিশ্বনাথ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অজিত দত্তই নিজা বৰঙণিৰে ছয়দুৱাৰ মহাবিদ্যালয়লৈ নগদ ১ লাখ টকাৰ সাহায্য আগবঢ়ায়। মহাবিদ্যালয়খনৰ বান সমস্যাৰ স্থায়ী সমাধান আৰু বৰ্তমানৰ পৰিস্থিতি মোকাবিলা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশ্বনাথ জিলাৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ছয়দুৱাৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গই পৰিষদৰ মহানুভৱতাক আদৰণি জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More