বাল্যবিবাহ, কিশোৰী মাতৃত্ব আৰু দুটামান প্ৰশ্ন
তৃষ্ণা বৰগোহাঞি
হাইলাইট
- সমাজত সাক্ষৰতাৰ হাৰ বৃদ্ধি মানেই শিক্ষিত লোকৰ সংখ্যাও বৃদ্ধি পাইছে বুলি ভবাটো ভুল।
- ২০২০-২১ চনত অসমত হাইস্কুল পৰ্যায়ত বিদ্যালয় আধাতে এৰা (ড্ৰপ আউট )ছাত্ৰীৰ সংখ্যা ৩১.৪ শতাংশ।
- বিবাহযোগ্য কন্যাক বিয়াত এতোলা সোণ দিয়াৰ আঁচনি লোৱাৰ পিছতো বাল্যবিবাহৰ সংখ্যা তিনিগুণমান বৃদ্ধিহে পালে !
- শিক্ষিত, কেৰিয়াৰ সচেতন কোনজনী ছোৱালীয়েনো ওঠৰ বছৰ বয়সতে বিয়া হৈ সংসাৰৰ ঘানী ঘূৰাবলৈ ইচ্ছুক হ’ব ?
- বৰ্তমান যি সমাধান সূত্ৰ হিচাপে আমাৰ সমুখত দাঙি ধৰা হৈছে তাক “বহ্বাৰম্ভে লঘুক্ৰিয়া ” বুলিবহে পাৰি।
সমাজত বিয়পি থকা বিভিন্ন ধৰণৰ কু-প্ৰথা সমূহ নিৰ্মূল কৰিবলৈ বহু সময়ত চৰকাৰে আইন প্ৰণয়ন আৰু সেইবোৰৰ প্ৰয়োগ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে। ইতিহাস খুঁচৰিলেও আমি এনেধৰণৰ আইন প্ৰণয়ন আৰু প্ৰয়োগৰ বহুতো উদাহৰণ পাম। সতীদাহ প্ৰথাৰ নিৰ্মূলকৰণ, বিধৱা বিবাহৰ প্ৰচলন, সাৰদা আইন, ভ্ৰূণহত্যাৰ বিৰুদ্ধে থকা আইন ইত্যাদি অনেক আইনে আমাৰ সমাজত ইতিবাচক প্ৰভাৱ পেলাইছে। কিন্তু তাৰ মাজতে আকৌ যৌতুক বিৰোধী আইন এখন আছে যদিও সমাজত আজিলৈকে যৌতুক প্ৰথা বন্ধ হোৱাত এই আইনখন সফল হৈছে বুলি ক’ব পৰা হোৱাগৈ নাই। কিয়নো যৌতুক দিয়া-লোৱা প্ৰথাটো এই আইনে তিলমানো ৰোধ কৰিব পৰা নাই।সমাজত বিয়পি থকা কুপ্ৰথা সমূহ বন্ধ কৰিবলৈ কেৱল আইনৰ শক্তিয়েই যথেষ্ট নহয়। ইয়াৰ বাবে লাগিব সচেতনতা বৃদ্ধি আৰু অনুকূল পৰিৱেশ ৰচনা। এই অনুকূল পৰিৱেশ ৰচনা কৰা কাণ্ডটো এটা দীঘলীয়া পৰিক্ৰমা আৰু ইয়াৰ বাবে “টাৰ্গেটেড গ্ৰূপটোক” যদিহে সচেতন কৰিব পৰা নাযায় আইনী প্ৰক্ৰিয়াই ইয়াক কেতিয়াও ফলপ্ৰসূ কৰিব নোৱাৰে ।
বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বাল্য বিবাহ ৰোধ আৰু নিৰ্মূলকৰণৰ কাৰ্যপন্থাটো আমাৰ দৃষ্টিত ভুকুতে কল পকাবলৈ লোৱাৰ দৰে হৈ পৰিছে। কিয়নো যিবোৰ আনুষংগিক কাৰ্য প্ৰণালীয়ে এই কু-প্ৰথাটোক আঁতৰ কৰাত সহায়ক হ’ব পাৰিলেহেঁতেন চৰকাৰে সেই কথাবোৰ সম্পূৰ্ণ ভাবে আওকাণ কৰিছে । দেখা গৈছে যে, যিসকল ব্যক্তি বাল্য -বিবাহত জড়িত তেওঁলোক অৰ্থনৈতিক ভাবে অনগ্ৰসৰ হোৱাৰ লগতে শিক্ষা-দীক্ষাৰ ফালৰ পৰাও অনুন্নত। কোনোবাই যদি ক্ষেত্ৰভিত্তিক অধ্যয়ন চলায় এই কথাও হয়তো গম পাব যে দৰিদ্ৰ চক্ৰৰ দৰেই বাল্য বিবাহৰো এক চক্ৰ আছে । এই ব্যাধিয়েও আমাৰ সমাজৰ একাংশ লোকৰ মাজত চক্ৰৰ দৰেই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বিয়পি আছে। সচেতনতা বৃদ্ধিৰ অবিহনে শাস্তি প্ৰয়োগেৰে ইয়াক নিৰ্মূল কৰাটো অসম্ভৱ ।
এতিয়া আহোঁ আন এটা প্ৰশ্নলৈ– বাল্য-বিবাহবন্ধনত সাঙোৰ খাই পৰা সেই দুৰ্কপলীয়া ছোৱালীহঁতৰ কথালৈ -এই ছোৱালীহঁতে ইমান কম বয়সতে বিয়াত বহে কিয় ? ২০২০ চনৰ পিছৰ সময়ছোৱাত এই সংখ্যাটো অলপ বাঢ়ি গৈছে নেকি ? যদিহে বাঢ়ি গৈছে কিয় ? ইয়াৰ কিবা আৰ্থ-সামাজিক প্ৰেক্ষাপট আছে নেকি ?
সমাজ কল্যাণ আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগে সদনত উল্লেখ কৰা তথ্য অনুসৰি ২০১৬ ৰ পৰা ২০২১ চনৰ সময়ছোৱাত মুঠতে ৩১৯২খন বাল্যবিবাহ হৈছে । ২০১৬ চনত ৭৪ খনৰ বিপৰীতে ২০২১ চনত এই সংখ্যা হয়গৈ ১০৮৯খন। আচৰিত কথাটো হ’ল তাৰ মাজতেই মুখ্য মন্ত্ৰীয়ে ১৮ বছৰৰ ওপৰৰ বিবাহযোগ্য কন্যাক বিয়াত এতোলা সোণ দিয়াৰ আঁচনিও গ্ৰহণ কৰিছিল যাতে উপযুক্ত বয়সৰ বিয়াসমূহক উৎসাহিত কৰা হয়। কিন্তু তাৰ পিছতো বাল্যবিবাহ সংখ্যা তিনিগুণমান বৃদ্ধিহে পালে ! কিয় ?
উত্তৰটো হয়তো পোৱা যাব আন এটা তথ্যত।২০২০-২১ চনত অসমত হাইস্কুল পৰ্যায়ত বিদ্যালয় আধাতে এৰা (ড্ৰপ আউট )ছাত্ৰীৰ সংখ্যা ৩১.৪ শতাংশ। এই বয়সত বিদ্যালয় এৰা বা বিদ্যালয় এৰিব লগা হোৱা সেই বৃহৎ সংখ্যক ছোৱালীৰ ভবিষ্যতৰ বাবে সমাজ আৰু চৰকাৰে কি ব্যৱস্থা হাতত লৈছিল ? সিহঁতক কিবা কামত নিয়োগ অথবা কিবা কামৰ বাবে প্ৰশিক্ষণৰ বাবেও চৰকাৰে বা অন্যান্য এন.জি .অ’ সমুহে কিবা পদক্ষেপ হাতত লৈছিল নে? সেইখিনি ছোৱালীয়ে কম বয়সতে কাৰোবাৰ সতে বিয়াত নবহি কৰিবলৈ সিহঁতৰ সমুখত কি পথ খোলা আছিল ?
নাৰীৰ ক্ৰিয়া-কালাপ, মৰ্যাদা আৰু স্থানে এখন সমাজৰ স্বৰূপ প্ৰতিফলিত কৰে ।এখন সমাজ কিমান আগবঢ়া সেই বিষয়ে অনুমান কৰিবলৈ সমাজৰ বৃহৎ সংখ্যক নাৰী কোনটো পৰ্যায়ত আছে সেয়া মন কৰিলেই যথেষ্ট। সমাজত সাক্ষৰতাৰ হাৰ বৃদ্ধি মানেই শিক্ষিত লোকৰ সংখ্যাও বৃদ্ধি পাইছে বুলি ভবাটো ভুল। বেছি সময়তেই এই কথা মন কৰা যায় যে অসমত বেছি সংখ্যক নাৰীৰে অৱস্থাৰ বিশেষ একো উন্নতি হোৱা নাই ।চৰকাৰী বিনামূলীয়া শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচলনৰ সুবাদতে বিদ্যালয় গৰকা ছাত্ৰীৰ সংখ্যা বৃদ্ধি পালেও প্ৰকৃততে শিক্ষিত নাৰীৰ সংখ্যা বঢ়া নাই । অন্যথা শিক্ষিত, কেৰিয়াৰ সচেতন কোনজনী ছোৱালীয়েনো ওঠৰ বছৰ বয়সতে বিয়া হৈ সংসাৰৰ ঘানি টানিবলৈ ইচ্ছুক হ’ব ?
অসমৰ বাল্য -বিবাহৰ সমস্যাটো বহুমাত্ৰিক। এটা দিশৰ পৰা চাই ইয়াক ৰোধ কৰিবলৈ বৰ্তমান যি পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে ই চমক সৃষ্টিৰ প্ৰচেষ্টা যেনহে অনুভৱ হৈছে। কিছুদিন পূৰ্বে প্ৰকাশিত তথ্য অনুসৰি সৰ্বভাৰতীয় তুলনাত অসমতেই প্ৰসূতিৰ মৃত্যুৰ হাৰ সৰ্বাধিক। ইয়াৰ কাৰণ বিশ্লেষণ কৰিলে কিশোৰী মাতৃত্ব যে অন্যতম কাৰণ সেয়া দেখদেখ হৈ পৰিব । সেয়ে চৰকাৰক জবাব দিহি হোৱাৰ পৰা বাচিবলৈ কিছু পদক্ষেপ লৈ দেখুওৱাটো জৰুৰী আছিল । চৰকাৰ যে এই সামাজিক কেৰোণটো আতঁৰোৱাৰ প্ৰতি আন্তৰিক নহয় সেয়া কামকাজত প্ৰকাশ পাইছে। এতিয়া প্ৰশ্ন হ’ল অসমৰ সচেতন ৰাইজেও এই সমস্যাটোক লৈ কি মনোভাৱ গ্ৰহণ কৰে ।
সমস্যা এটাৰ সমাধান পাই গলোঁ বুলি পতিয়ন যোৱাৰ লগে লগে সমস্যাটোক ভিন্ন দৃষ্টি কোণৰ পৰা চোৱাৰ বাটটো বন্ধ হৈ পৰে। অসমৰ বাল্য-বিবাহ সমস্যাটোৰ ভিন্ন দিশ চালি-জাৰি চোৱাৰ প্ৰয়োজনীয়তা আছে। বৰ্তমান যি সমাধান সূত্ৰ হিচাপে আমাৰ সমুখত দাঙি ধৰা হৈছে তাক “বহ্বাৰম্ভে লঘুক্ৰিয়া ” বুলিবহে পাৰি। এইটো কথা মন কৰিব লগীয়া যে অসমত যেতিয়াই যি কোনো এটা সমস্যা গা কৰি উঠে অসমৰ মানুহবোৰৰ সমস্যাটোক লৈ সদায়েই গা এৰা দিয়া মনোভাৱ পৰিলক্ষিত হয়। উচ্চ শিক্ষিত, আৰ্থিক সমৰ্থৱান সকলে যিকোনো সমস্যাক “আমাৰ নহয় সিহঁতৰ” এইধৰণৰ মনোবৃত্তিৰে সমস্যাটোৰ পৰাৱ নিজকে এৰাই চলে । এইযে ‘সিহঁতক’ দোষী সাব্যস্ত কৰি দায় সৰাৰ মনোভাৱ এটাৰে এচাম মানুহে সমস্যাটোক দূৰৰ পৰা চাই থাকে সিয়েই গোটেই সমাজখনৰ বিস্তৰ ক্ষতি সাধন কৰে। আমাৰ সমাজৰে এচাম নাৰী আজিৰ দিনতো এইধৰণৰ সমস্যাই সৃষ্টি কৰা জটিলতাৰে ভাৰাক্ৰান্ত! সুবিধাজনক অৱস্থানত থকা নাৰী সকলক কি এইবোৰ কথাই তিলমানো ব্যথিত নকৰে? নে সচেতন নাৰী সকলৰ সচেতনতা কেৱল নাৰী দিৱসৰ মেল মিটিঙৰ ভাষণৰ ফুলজাৰিতে সীমাবদ্ধ ?
ঠিকনাঃ সৰিয়হজান । কাৰ্বি আংলং ।