বাহনা মহাবিদ্যালয়ত ‘সাগৰ তলিৰ শংখ’ অনুষ্ঠিত

0 19

শতাব্দ প্ৰতিনিধি, যোৰহাট , ৯ মে : জাতীয় গৌৰৱৰ এদিন অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বাহনা মহাবিদ্যালয়ত অনুষ্ঠিত হয় ‘সাগৰ তলিৰ শংখ’ কথা-কবিতা আৰু সংগীতৰ অনুষ্ঠান। বাহনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা নমিতা শইকীয়াই আদৰণী ভাষণত জাতীয় গৌৰৱৰ এদিন অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সাগৰ তলিৰ শংখ অনুষ্ঠানটিয়ে ছাত্ৰী ছাত্ৰী সকলক উপকৃত কৰিব বুলি মন্তব্য কৰে। অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা কবি, লেখক তথা কথাশিল্পী মৃদুল কুমাৰ বৰাই ভাষণত কয় যে নীলমণি ফুকনৰ ভাষাশিল্পই, জীৱনবোধে অসমীয়া জাতি আৰু ভাষাক পুনৰ গজগজীয়া কৰিলে। তেখেতৰ কবিতাই অসমীয়া কাব্য সাহিত্যৰ আধুনিকতাক ভাঙি গঢ়ি নতুন মাত্ৰা প্ৰদান কৰিলে, তেখেতৰ প্ৰতিটো শব্দই কেতিয়াবা ব্ৰহ্মৰূপ, কেতিয়াবা প্ৰেমাসিক্ত, পথৰুৱা, পলসুৱা গন্ধৰে মহিমামণ্ডিত‌। তেখেতে ছাত্ৰ ছাত্ৰী সকলক কবিতাৰ আৰু অসমীয়া ভাষাৰ কালিকা জানিবলৈ বুজিবলৈ কৰ্ষণ কৰিবলৈ অনুৰোধ জনায়। আবৃত্তিকাৰ ৰূপ কুমাৰ বৰা আৰু কবি ৰঞ্জিত গগৈয়ে নীলমণি ফুকনৰ কবিতা আবৃত্তি কৰি উপস্থিত সকলক আকৃষ্ট কৰে। অনুষ্ঠানত ছাত্ৰদ্বয় জ্যোতিৰ্ময় শইকীয়া আৰু সিদ্ধাৰ্থ গৌতম দত্ত আৰু ছাত্ৰী জয়শ্ৰী হাজৰিকা আৰু গৌৰৱী দত্তই নীলমণি ফুকনৰ কবিতা পাঠ কৰে। সঞ্চালক ভৃগুপতি হাজৰিকাই তেখেতৰ বক্তব্যত নীলমণি ফুকনে কবিতাৰ উপৰি চিত্ৰকলা আৰু ভাস্কৰ্যৰ ওপৰত লিখা তেখেতৰ প্ৰবন্ধসমুহ অসমৰ শিল্পকলা ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অনন্য বুলি উল্লেখ কৰি কয় যে তেখেতে এই লিখনিসমুহৰ ভাষা আৰু সিবোৰত নিমজ্জিত প্ৰকাশো অনন্য বুলি ব্যক্ত কৰে।অনুষ্ঠানটোত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰূপণ কোষৰ সমন্বয়ক ড° পংকজ বৰায়ো বক্তব্য আগবঢ়ায় । জাতীয় গৌৰৱৰ এদিন উদযাপন সমিতিৰ সম্পাদক ত্ৰিদিৱ দত্তই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট লেখিকা দিপ্তী কলিতাই শলাগৰ শৰাই আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More