বাৰ্ধক্যক সন্মানঃ তিনিচুকীয়াত ৩৬ বয়োজেষ্ঠ ব্যক্তিক সম্বৰ্ধনা

0 53
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ মে’ : তিনিচুকীয়া চহৰৰ গেলাপুখুৰী পথত  আজি এদিনীয়া কাৰ্যসূচীৰে অনুস্থিত ৩৪ সংখ্যক কচুজান আঞ্চলিক ৰঙালী বিহু সন্মিলনে অঞ্চলটোৰ আগশাৰীৰ ৩৬জন বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত বিহু সমিতিৰ উদ্যোক্তাসকলে সম্বৰ্ধিত ব্যক্তিসকলক একোখন সম্বৰ্ধনা পত্ৰসহ ফুলাম গামোচা প্ৰদান কৰে । কাৰ্যসূচী অনুসৰি বিহু উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত বৰ্মনে পুৱা পতাকা উত্তোলন কৰাৰ পাছত টেকেলী ভঙা, সংগীত চকী, চিত্ৰাংকণ, বিহুগীত, বিহুনৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিয়লি বঁটা বিতৰণী সভাৰ পাছত সন্ধিয়া প্ৰয়াত আদিত্য কুমাৰ গগৈ আৰু প্ৰয়াত ভাস্কৰ বৰপাত্ৰগোহাঁইৰ সোৱঁৰণত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More