বিক্ষোভত উত্তাল শ্ৰীলংকাৰ ৰাষ্ট্রপতি ভৱনৰ পাকঘৰ আৰু পুল ৰাইজৰ দখলত

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুলাই : শ্ৰীলংকা পুনৰ অগ্নিময় হৈ উঠিছে। দ্বীপৰাষ্ট্ৰখনৰ ৰাজধানী কলম্বোত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ চৰকাৰী বাসগৃহ সাধাৰণ লোকে দখল কৰিছে। এফ পিৰ সূত্ৰ অনুসৰি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে ঘৰৰ পৰা পলায়ন কৰিছে। অৰ্থনৈতিক সংকটৰ বাবে দেশবাসী অতিশয় ক্ষুব্ধ। দেশৰ সাধাৰণ জনতা আৰু কৰ্মীসকলে বিচাৰে ৰাজাপাকছাই তৎক্ষণাৎ ক্ষমতা ত্যাগ কৰক। ৯ জুলাই শনিবাৰে পুৱাৰে পৰা আন্দোলন কৰা ৰাইজে ৰাজাপাক্ষৰ চৰকাৰী বাসগৃহৰ সকলো নিৰাপত্তাৰক্ষীৰ বেহু ভাঙি পেলায়। সেই ঘটনাৰ কেইবাখনো ফটো আৰু ভিডিঅ’ ফুটেজ ইতিমধ্যে ভাইৰেল হৈছে। এটা ভিডিঅ’ত দেখা গৈছে যে প্ৰতিবাদকাৰীয়ে ৰাজাপাকছাৰ চৰকাৰী বাসগৃহৰ চুইমিং পুল দখল কৰি আছে। চুইমিং পুলৰ নীলা পানীত সাঁতুৰি আছে। চুইমিং পুলটোৰ চাৰিওফালে উত্তেজিত জনতাৰ ভিৰ। বহুতৰে হাতত জাতীয় পতাকা আছে। সূত্ৰ অনুসৰি ৰাজপাকছাৰ চৰকাৰী ঘৰৰ পাকঘৰটোও বহু লোকে দখল কৰিছে। দেশৰ অসংখ্য অনাহাৰে থকা লোকেও পাকঘৰত ৰন্ধা-বঢ়া কৰা আৰু খোৱা দেখা গৈছে। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি চোৰাংচোৱাই পূৰ্বে ৰাজাপাক্ষক এনে পৰিস্থিতি হ’ব পাৰে বুলি সতৰ্ক কৰি দিছিল। দেশৰ পৰিস্থিতি অতি সোনকালে নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিব বুলিও তেওঁলোকে কৈছিল। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীক সেনাৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হৈছিল। ফলত তেওঁ উত্তেজিত ভিৰৰ পৰা কোনোমতে সকাহ পায়। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰাণীল বিক্ৰমসিংহে দলৰ জৰুৰী বৈঠক আহ্বান কৰি পৰিস্থিতিৰ সমাধানৰ বাবে আলোচনা কৰিছে। তেওঁ অধ্যক্ষক সংসদ আহ্বান কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে, শ্ৰীলংকাত দীৰ্ঘদিন ধৰি চলি আহিছে অৰ্থনৈতিক সংকট। ব্লেকআউট প্ৰায় দীৰ্ঘদিন ধৰি হৈ আহিছে। দেশৰ মুদ্ৰাস্ফীতি তুংগত উঠিছে। ইন্ধন আৰু খাদ্য সংকট অহৰহ বৃদ্ধি পাইছে। দেশখনৰ ৰিজাৰ্ভ বেংকৰ তহবিল শূন্য। এনে অৱস্থাত ৰাষ্ট্ৰপতি ৰাজাপাক্ষৰ পদত্যাগৰ দাবীত সৰৱ হৈ পৰিছে দেশবাসী।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More