বিচাৰি পোৱা গ’ল ‘চান্টাক্লজ’ৰ সমাধি

সঁচাকৈয়ে তেওঁ গোপনে উপহাৰ দিছিল?

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ অক্টোবৰ : অৱশেষত ‘চান্তাক্লজ’ বা চেন্ট নিকোলাছৰ সমাধি বিচাৰি পোৱা গ’ল। চতুৰ্থ শতিকাৰ খ্ৰীষ্টান সাধুজন ছান্টাক্লজৰ চৰিত্ৰৰ আঁৰৰ প্ৰেৰণা আছিল, যিজনক আধুনিক কালত বৰদিনৰ সময়ত শিশুক উপহাৰ যোগান ধৰা ‘চান্টাক্লজ’ নামেৰে জনাজাত। ১৬০০ বছৰতকৈয়ো অধিক পূৰ্বে তেওঁৰ মৃত্যু হৈছিল। চেন্ট নিকোলাছৰ সমাধিৰ সন্ধান দীৰ্ঘদিন ধৰি চলি আছিল। শেহতীয়াকৈ তুৰস্কৰ বাইজেন্টাইন যুগৰ এটা গীৰ্জাৰ তলত এই সমাধিটো আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে পুৰাতত্ত্ববিদৰ এটা দলে। গৱেষকসকলে অৱশ্যে জানিছিল যে চেণ্ট নিকোলাছৰ মৃতদেহটো তুৰস্কৰ আন্টালিয়া প্ৰদেশৰ চতুৰ্থ শতিকাৰ এটা গীৰ্জাত সমাধিস্থ কৰা হৈছিল। কিন্তু, তেওঁৰ মৃত্যুৰ প্ৰায় ৭০০ বছৰৰ পাছত তেওঁৰ মৃতদেহ চুৰি হৈছিল। গতিকে তেওঁক ক’ত সমাধিস্থ কৰা হৈছিল সেই সম্পৰ্কে এটা ৰহস্যৰ সৃষ্টি হৈছিল। কিন্তু এতিয়া পুৰাতত্ত্ববিদসকলে দাবী কৰিছে যে সেই গীৰ্জাঘৰটোত নতুন নতুন খনন কৰা হৈছে আৰু তাতেই চান্টাক্লজৰ সমাধিস্থল পোৱা গ’ল। এই ভৱনটো জেৰুজালেমৰ চাৰ্চ অৱ দ্য হলি চেপালচাৰৰ দৰেই। গীৰ্জা অৱ দ্য হলি চেপলচাৰত যীশু খ্ৰীষ্টক সমাধিস্থ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। তদুপৰি এটা ফ্ৰেস্কো আছে, যাৰ পৰা অনুমান কৰিব পাৰি যে ই চেণ্ট নিকোলাছৰ সমাধি। প্ৰত্নতত্ত্ববিদসকলে কয় যে এই গীৰ্জাঘৰটো তুৰস্কৰ দক্ষিণ উপকূলত, ডেমৰে চহৰত অৱস্থিত। বৰ্তমানৰ গীৰ্জাঘৰটো ৫২০ খ্ৰীষ্টাব্দত এটা পুৰণি গীৰ্জাৰ ভেটিৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। মধ্যযুগত ভূমধ্য সাগৰত জলস্তৰ বৃদ্ধি পোৱাৰ বাবে পূৰ্বৰ গীৰ্জাঘৰটো ধ্বংস হৈছিল। ইয়াৰ কিছুদিনৰ পিছতে নতুন গীৰ্জাঘৰটো ইয়াৰ ভেটিৰ ওপৰত নিৰ্মাণ কৰা হয়। পুৰাতত্ত্ববিদসকলে দাবী কৰে যে চেণ্ট নিকোলাছে চতুৰ্থ শতিকাত পুৰণি গীৰ্জাঘৰটোত বিচপ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৭ চনত নতুন গীৰ্জাঘৰটো খনন কৰি থাকোঁতে বিশেষজ্ঞসকলে নতুন গীৰ্জাঘৰটোৰ মজিয়াত এটা ফাঁক আৱিষ্কাৰ কৰিছিল। বছৰ বছৰ ধৰি থকা মোজাইকৰ মজিয়াখন সাৱধানে আঁতৰাই প্ৰাচীন ভেটিটো উন্মোচন কৰা হৈছে। ডেমৰে নগৰৰ আগৰ নাম আছিল মাইৰা। ৩৪৩ খ্ৰীষ্টাব্দত চেন্ট নিকোলাছৰ মৃত্যু হয়। তাৰ পিছত তেওঁক মাইৰাৰ সেই গীৰ্জাত সমাধিস্থ কৰা হয়। তেতিয়াৰ পৰা মধ্যযুগত খ্ৰীষ্টানসকলৰ তীৰ্থস্থান হিচাপে এই গীৰ্জাটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। চেন্ট নিকোলাছে ২৭০ চনৰ পৰা ৩৪৩ চনলৈকে জীয়াই আছিল। শুনা যায় যে তেওঁ গোপনে দুখীয়াসকলক উপহাৰ দিছিল। তেওঁৰ মৃত্যুৰ পিছত চান্টাক্লজৰ চৰিত্ৰটো ক্ৰমান্বয়ে তেওঁৰ ব্যক্তিত্বৰ পৰা অনুপ্ৰাণিত হৈছিল বুলি ধাৰণা কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More