বিজেপিৰ বিৰোধী ৰাজ্যত কোনো নাই বুলি ক’লে মুখ্যমন্ত্ৰীয়ে

কাৰ্বি আংলঙৰ ফলাফলকলৈ উচ্ছাস

0 17
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৩ জুনঃ তেজপুৰৰ বাটমাৰিস্থিত সন্মিলন কেন্দ্ৰতে অহা ছমাহৰ পাছতেই অনুষ্ঠিত হ’ব ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে এই কথা। তদুপৰি,ছমাহৰ পাছতে তিনিচুকীয়াত পুনৰ উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত হ’ব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ড° শৰ্মাই উপায়ুক্ত সন্মিলনৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে, অহা সময়চোৱাত ৰাজ্যৰ ছবি সলনি হৈ যাব। ইয়াৰ বাবে সকলোৱে যোগাত্মক মানসিকতাৰে আগবাঢ়িব লাগিব বুলিও তেওঁ কয়। উপায়ুক্তসকলে ভাল কাম কৰি আছে বুলিও দোহাৰে ড° শৰ্মাই। যোৱা নিশা ১.৩০ বজালৈকে অনুষ্ঠিত হোৱা উপায়ুক্ত সন্মিলনৰ পাছত আজি পুৱা ৯-৩০ বজাৰ পৰা মুখ্যমন্ত্ৰী গৰাকীৰ অধ্যক্ষতাত পুনৰ আৰম্ভ হয় উপায়ুক্ত সন্মিলন। আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী অজন্তা নেওঁগ, অতুল বৰা, জয়ন্ত মল্ল বৰুৱা, পিযুষ হাজৰিকা আদি কেবাটাও বিভাগৰ মন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা উপায়ুক্ত সন্মিলনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত সম্প্ৰতি ৰাজ্যৰ বিভিন্ন স্থানত চলা উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰি কয় যে, অসমত বৰ্তমান বনাঞ্চলকে ধৰি এইক্ষেত্ৰত যেনেদৰে কাম হৈছে সেয়া আন কোনো ৰাজ্যৰ লগতে তুলনাই নহয়। লামডিং, লাহৰিজান, গৰুখুটি আৰু লাওখোৱাৰ উচ্ছেদৰ উদাহৰণ ডাঙি ধৰি মুখ্যমন্ত্ৰী জনে আৰু কয় যে, উচ্ছেদ চলাবলৈ বুলডজাৰ, জে চি বি লাগিবৈ। সেয়া যন্ত্ৰহে বুলি প্ৰকাশ কৰি তেওঁ আৰু কয় যে, সেইবুলি কোনেও বুলডজাৰ বা জেচিবিৰ কোনেও প্ৰম’ট কৰা নাই, উচ্ছেদকহে গুৰুত্ব দিছে। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, বুলডজাৰৰ বিষয়টো সংবাদমাধ্যমেহে গুৰুত্ব দিছে। এটা ঘৰ ভাঙিবলৈ যাওঁতে এইবোৰ যন্ত্ৰৰ ব্যৱহাৰ হৈয়েই বুলি তেওঁ পুনৰ দোহাৰে। অসম আৰু উত্তৰ প্ৰদেশত বিজেপি চৰকাৰে বুলডজাৰখন প্ৰদৰ্শন কৰা নাই বুলিও তেওঁ মন্তব্য কৰে। আনহাতে অপৰাধৰ বিৰুদ্ধে অপৰাধৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে যিমান কঠোৰ হৈছে তাৰবাবে উচ্চন্যায়ালয়ত শপতনামা দাখিল কৰিয়েই থাকিব লাগে বুলি টিপ্পনী কৰা মুখ্যমন্ত্ৰী ড° শৰ্মাই আৰু এই প্ৰসংগত কয় যে ৰাজ্য চৰকাৰৰ এনে ভূমিকাৰ বাবে ৰাজ্যত বৰ্তমান অশান্তি নোহোৱা হৈ পৰিছে।দেশৰ আন স্থানত হোৱাৰ দৰে অসমত তেনেধৰণৰ ঘটনা ঘটা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ কয় যে আমাৰ লগত সকলো শ্ৰেণীৰ ৰাইজ আছে ক’তো একো ঘটা নাই। তেওঁ প্ৰসংগক্ৰমে কয় “সকলো ভালে থাকিলে এনেই কিবা এটা কৰি থাকিব নালাগে।” এতিয়া ৰাইজে নিজেই খেতি কৰিম, ধান উৎপাদন কৰিম বুলি কোৱা বুলিও মন্তব্য কৰি ড° শৰ্মাই এই সন্দৰ্ভত কয় যে, আমি মাজত গৈ হুলস্থূল কৰি থকাটো বেয়া। তেওঁ আৰু কয় যে, এতিয়া ৰাজ্যত ধানৰ মূল্য প্ৰতিকুইন্টলত ২০৪০টকা হ’ব, কিন্তু এই ক্ষেত্ৰত শোণিতপুৰ আৰু বিশ্বনাথ পিছ পৰি থকা বুলি লগতে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, এইক্ষেত্ৰত সংবাদ মাধ্যমে ৰাইজক খেতি কৰাৰ প্ৰতি আকৰ্ষণ কৰাৰ প্ৰচেষ্টা কৰিব লাগে যাতে আমাৰ যুৱক-যুৱতীসকল খেতি পথাৰলৈ পুনৰ উভতি আহে। নহ’লে মাজতে আমাৰ যুৱক যুৱতীসকল আন দিশত গুচি গৈছিল বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে, এতিয়া আমি সোণালী শইচ উৎপাদন কৰিব লাগে আৰু অসমখনক স্বাৱলম্বী কৰিব লাগে।
*অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ফলাফল বেয়া হোৱা বুলি চলা চৰ্চা অসত্য:পৰিশ্ৰমী শিক্ষকৰ সপক্ষে মুখ্যমন্ত্ৰী
ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ সপক্ষে থিয় দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ পৰিশ্ৰম কৰা শিক্ষকসকলৰ স’তে এল আই চি কৰা শিক্ষকসকলক একাকাৰ নকৰিবলৈ সংবাদ মাধ্যমৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্ৰী ড° শৰ্মাই। তেওঁ লগতে কয় যে,ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকল আঢ়ৈ বছৰে বিদ্যালয়লৈ যাব পৰা নাছিল ক’ভিদৰ বাবে। তেনে অৱস্থাত ৬০ শতাংশ উত্তীৰ্ণ হোৱাটো কোনো বেয়া ফলাফল নহয় বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰী জনে আৰু কয় যে, এই ফলাফলক লৈ তেওঁ সন্তুষ্ট। তেওঁ আৰু কয় যে, উত্তীৰ্ণৰ সংখ্যা শূন্য হোৱাটোহে চিন্তনীয় আৰু এনে ১০৩খন বিদ্যালয়ৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ সপক্ষে যুক্তি আগবঢ়াই মুখ্যমন্ত্ৰীজনে কয় যে য’দিহে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনেহলে এশ শতাংশ উত্তীৰ্ণ হোৱা বিদ্যালয়সমূহৰ শিক্ষকসকলে ভাবিব যে, তেওঁলোকৰ কষ্টৰ বিপৰীতে চৰকাৰে পুৰস্কাৰো নিদিয়ে আৰু বেয়া ফলাফল কৰা সকলকো সমান চকুৰেই চায়। এনে কথাই কষ্টকৰা শিক্ষকসকলক হতাশ কৰিব বুুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীজনে তেজপুৰৰ ঐতিহ্যমণ্ডিত চিলভাৰ জুবিলি বিদ্যালয়ৰ নাম উল্লেখ কৰি এনে বিদ্যালয়ৰ শিক্ষকৰ স’তে এল আই চি এজেন্ট কৰা শিক্ষকসকলক তুলনা নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনায়। তেওঁ ৰাজ্যখনত বহু প্ৰাতঃস্মৰণীয় শিক্ষক আছে বুলিও মন্তব্য কৰে।তেওঁ কষ্ট কৰা শিক্ষকসকলৰ স’তে এল আই চি কৰা শিক্ষকসকলক একে বুলি ধৰিব নালাগে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীজনে কয় যে, যোৱা তিনি চাৰিদিনত অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ যি বোৰ কথা সংবাদ মাধ্যমত চৰ্চা হৈছে সেয়া সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এনেদৰে পৰিশ্ৰমী শিক্ষকসকলক হতাশ নকৰিবলৈ আহ্বান জনাই তেওঁ পুনৰ কয় যে, এনে কিছুমান বিদ্যালয় আছে য’ত আচলতে বিদ্যালয় স্থাপনেই কৰিব নোৱাৰি। এইবোৰ বিদ্যালয় তেনেদৰেই চলি আহিছে। তেওঁ লগতে কয় যে,বহু সংখ্যক আহে মানৱতাৰ নামত চাকৰি এটা বিচাৰি। “মানৱতাৰ নামত চাকৰি কেনেকৈ হ’ব! চাকৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হ’ব লাগিব” বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ পুনৰ কয় যে, বেয়া ফলাফলৰ লোকক তথা টেটৰ অৱিহনে বিদ্যালয়ত হোৱা নিযুক্তিৰ বাবেই এনে অৱস্থা হৈছিল যি বোৰৰ এতিয়া পৰিৱৰ্তন হৈ আছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে, ফলাফল শূন্য হোৱা বিদ্যালয়ৰ শিক্ষকসকলৰ স’তেও এই সকলো বিষয় আলোচনা কৰা হ’ব। তেওঁ কয় যে, এই বিদ্যালয় সমূহত ৰিক্সাচালক, ঠেলাচালক, কৃষকৰ সন্তান তথা বহুসংখ্যক দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে পঢ়ে। ক’ভিদৰ ছমাহ সময়ত তেওঁলোকে পঢ়িব নোৱাৰিলেই বুলি প্ৰকাশ কৰি তেওঁ আৰু কয় যে, ক’ভিদকালিন পৰিস্থিতিৰ বাবে ছমাহকাল বিদ্যালয় সমূহ বন্ধ হৈ আছিল আৰু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ হাতত অনলাইন শ্ৰেণী কৰিব পৰাকৈ একোটা স্মাৰ্ট ফোন নথকাৰ বিষয়টো তেওঁ আঙুলিয়াই দিয়ে। অৱশ্যে বেয়া ফলাফল দেখুওৱা বিদ্যালয়ৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হ’ব বুলিও উল্লেখ কৰি তেওঁ কয় যে সকলোকে সমালোচনা কৰাৰ ফলত বেয়া ফলাফলৰ লগতে ভাল ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়ৰ শিক্ষকসকলৰ মনতো হতাশাৰ সৃষ্টি হ’ব। তেওঁ ৰাজ্যৰ কিছুমান অঞ্চলৰ বিদ্যালয় স্থাপনৰ উপযুক্ত  পৰিৱেশেই নাই বুলি উল্লেখ কৰি লগতে কয় যে ৰাজ্যৰ কিছুমান বিদ্যালয় চৰকাৰে অনিচ্ছা সত্বেও প্ৰাদেশিকী কৰণ কৰিব লগীয়া হৈছে। ১০৩ খন বিদ্যালয়ৰ ভিতৰত প্ৰায় ৭০খন এনে বিদ্যালয় আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসমীয়া মাধ্যমৰ বহু বিদ্যালয়ৰ পৰা এশ শতাংশ উত্তীৰ্ণ হৈছে, টিচি বিদ্যালয়ৰ পৰা ষ্টেনো কৰিছে।
* বিজেপিৰ কোনো বিৰোধী নাই
ৰাজ্যত এতিয়া  এতিয়া বিৰোধীৰ ভূমিকাও বিজেপিয়েই ল’ব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। তেওঁ কয় যে, ৰাজ্যৰ সকলো লোকেই বিজেপিৰ লগত আছে। অসমীয়া সমাজ, বাঙালী ভাষী সমাজ, হিন্দীভাষী সকলোৰে লগতে অনুসূচিত, জনজাতি, খিলঞ্জীয়া মুছলমান, গোৰ্খা সমাজ সকলো বিজেপিৰ লগতে থকা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীজনে কয় যে কাৰ্বি আংলঙৰ পৰিষদীয় নিৰ্বাচনত ইয়াত থকা প্ৰায় ২৫শতাংশ খ্ৰীষ্টান ভোটাৰেও বিজেপিকে ভোট দান কৰিছে। এনে স্থলত ৰাজ্যত বিজেপিৰ বিৰোধী বুলিবলৈ আন দল নাই বুলি দাবী কৰি তেওঁ কয় যে, বিজেপিৰ বিধায়ক তথা মানুহেহে বেয়া কাম কৰি কৰিহে  ৰাজ্যত বিজেপিয়েই বিৰোধীৰ ভূমিকা ল’ব লাগিব। গতিকে আমি ভাল কাম কৰিব লাগিব বুলি কৈ সকলো শ্ৰেণীৰ ৰাইজ বৰ্তমান বিজেপিৰ পক্ষত বুলিও তেওঁ দাবী কৰে। আনহাতে, কাৰ্বি অংলঙৰ পৰিষদীয় নিৰ্বাচনৰ ফলাফলতো চমকপ্ৰদ সাফল্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় “ৰাইজৰ ইমান মৰম দেখি অভিভূত হৈ পৰিছো। ইমান মৰমো ভাল নহয়। ৰাইজে যেতিয়া বিজেপি দলক ইমান দিছে গতিকে বিজেপিৰো দায়িত্ব বৃদ্ধি পাইছে। আগন্তুক দিনত কিদৰে ৰাইজৰ আশা-আকাংখ্যা পূৰ কৰিব তাক লৈ বাৰুকৈয়ে চিন্তিত হৈ পৰিছো বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি আৰু কয় যে সেয়ে তেওঁ মুকলিকৈ আনন্দ প্ৰকাশ কৰিব পৰা নাই। তেওঁ আৰু কয় যে, বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত দুইলাখ ২৫হেজাৰ ৯৯৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬০হেজাৰ ভোট লাভ কৰিছে আৰু আপ বা আন দলে লাভ কৰিছে মাত্ৰ ১৫হেজাৰ ভোট।আনহাতে এইচ এছ এল পি চি নামৰ দলটোৱে নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰি তেওঁ কয় যে,নিৰ্দলীয়ই মুঠ ভোট লাভ কৰিছে প্ৰায় ৯০হেজাৰ আৰু ইয়াৰে এইচ এছ এল পি চিয়ে ৫০-৬০হেজাৰ লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে,বিৰোধীয়ে বিজেপিৰ চাৰিভাগৰ এভাগহে ভোট লাভ কৰিছে। তেওঁ পুনৰ কয় যে পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে ২৬খন আসনেই লাভ কৰিব বুলি জানিছিল য’দিও ইমান বৃহৎ ব্যৱধানত জয়ী হ’ব বুলি তেওঁ ভবা নাছিল বুলিও কয়। পূৰ্বে ৬০টা, এশটা ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ বিপৰীতে এইবাৰ বিজেপিৰ প্ৰাৰ্থীসকল ন-১০হেজাৰ ভোটৰ ব্যৱধানত বিজয়ী হোৱা বুলিও তেওঁ উল্লেখ কৰে। তেওঁ তুলিৰাম ৰংহাঙৰ নেতৃত্বৰ শলাগ লৈ ৰংহাঙক কাৰ্বি আংলঙৰ ৰাইজে গ্ৰহণ কৰাটোকে সূচাইছে বুলিও কয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More