বিতর্কিত ‘অগ্নিপথ’ সেনা প্রকল্পৰ সূচনা

জানো আহক কিদৰে নিয়োগ কৰা হ'ব 'অগ্নিবীৰ'

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুন : বিতর্কিত ‘অগ্নিপথ’ প্রকল্পৰ কথা ঘোষণা কৰা হ’ল প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ উপস্থিতিত। এই প্রকল্পৰ মাধ্যমেৰে সেনা বাহিনীত স্বল্প ম্যাদৰ চুক্তিৰ ভিত্তিত সেনাকর্মী নিয়োগ কৰা হ’ব। এই প্রকল্পৰ অধীনত চলিত বছৰত কেন্দ্রীয় চৰকাৰে ভাৰতীয় সেনা বাহিনীত প্রায় ৪৬০০০ তৰুণক নিয়োগ কৰিব। যিসকলৰ নাম দিয়া হ’ব ‘অগ্নিবীৰ’।

* কি এই ‘অগ্নিপথ’ প্রকল্প
এই আঁচনিৰ মাধ্যমেৰে ভাৰতীয় তৰুণসকলে চাৰি বছৰৰ বাবে সশস্ত্র বাহিনীত কাম কৰাৰ সুযোগ পাব। এই প্রকল্পটোৱে সশস্ত্র বাহিনীৰ তৰুণসকলক প্রফাইল প্ৰস্তুত কৰাৰ বাবে আৰু তৰুণসকলক সেনাৰ পোছাক পৰিধান কৰাৰ এক গুৰুত্বপূর্ণ সুযোগ দিব। যাতে দেশৰ তৰুণসকলে প্রচুৰ পৰিমাণে সেনা বাহিনীৰ মাধ্যমেৰে দেশসেৱা কৰাৰ সুযোগ পায় তাৰ বাবেই এই জাতীয় প্রকল্প গ্রহণ কৰা হৈছে। এই প্রকল্পৰ লক্ষ্য হ’ল সমাজৰ পৰা তৰুণ প্রতিভা বিচাৰি অনা আৰু সেনা বাহিনীত যোগদান কৰাৰ বাবে আকৃষ্ট কৰা। আগন্তুক দিনত তেওঁলোকক দক্ষ আৰু সুশৃঙ্খল কৰি তোলাটোও এক গুৰুত্বপূর্ণ উদ্দেশ্যে।

* কিদৰে নিয়োগ হ’ব ‘অগ্নিবীৰ’
অগ্নিবীৰসকলক চাৰি বছৰৰ বাবে সংশ্লিষ্ট পৰিসেৱা আইনৰ অধীনত বাহিনীত নথিভুক্ত কৰা হ’ব। তেওঁলোকে সশস্ত্র বাহিনীত একোটা স্বতন্ত্ৰ পদ গঠন কৰিব। অন্য যিকোনো বিদ্যমান পদৰ পৰা এওঁলোকৰ পদ সম্পূর্ণ পৃথক হ’ব। অগ্নিবীৰসকলৰ কামৰ মূল্যয়ান কৰি চাৰি বছৰৰ ম্যাদ শেষ হোৱাৰ পিছত তেওঁলোকে যদি বিচাৰে, তেতিয়াহ’লে স্থায়ীভাৱে সশস্ত্র বাহিনীত কাম কৰাৰ সুযোগ কৰি দিয়া হ’ব। অগ্নিবীৰৰ প্রতিটো নির্দিষ্ট বেটছৰ ২৫ শতাংশক সশস্ত্র বাহিনীৰ নিয়মিত কেডাৰলৈ পৰিণত কৰাৰ লক্ষ্য আছে। তালিকাভুক্ত অল ইণ্ডিয়া অল ক্লাছ ভিত্তিত হ’ব আৰু যোগ্য বয়স ১৭ বছৰ ৫ মাহৰ পৰা ২১ বছৰ হ’ব লাগিব। স্বীকৃতিপ্ৰাপ্ত কাৰিকৰী প্রতিষ্ঠান যেনে উদ্যোগ প্রশিক্ষণ ইনষ্টিটিউট আৰু নেচনেল স্কিলছ কোৱালিফিকেচন ফ্রেমৱর্ক আদিৰ লগতে অন্যান্য মাধ্যমেৰে বিশেষায়িত সমাৱেশ আৰু কেম্পাচ ইন্টাৰভিউসহ তিনিটা পৰিসেৱাৰ বাবে এটা অনলাইন কেন্দ্রীভূত ব্যৱস্থাৰ মাধ্যমেৰে তালিকাভুক্ত কৰা হ’ব। অগ্নিবীৰসকলক তিনিটা পৰিসেৱাৰ বাবে একাধিক ভাট্টা দিয়া হ’ব। চাৰি বছৰ সময় শেষ হ’লে অগ্নিবীৰসকলক এককালীন ভাট্টা দিয়াৰ পৰিকল্পনা আছে। যিটো সেৱা নিধি পেকেজ হিচাবে পৰিচিত হ’ব। এই প্রকল্পই ভাৰতীয় সশস্ত্র বাহিনীৰ গড় বয়সৰ প্রফাইল ৪-৫ বছৰ কমাই আনে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More