বিদাৰি পেলাইছে সোৱণশিৰিৰ পাৰঃ ৰণচণ্ডী মহিলা

চাউলধোৱাৰ থেকেৰাগুৰিত উত্তপ্ত পৰিস্থিতি ঃ আৰক্ষী-বন বিভাগৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ

0 68

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মে’ ঃWhatsApp Image 2023 05 27 at 8.04.25 PM 1 লখিমপুৰ জিলাৰ চাউলধোৱাত থকা ভীমপৰা কোৱাৰিত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ন আলি থেকেৰাগুৰি গাঁৱৰ কাষতে ভীমপৰা কোৱাৰিৰ অন্তৰ্গত সোৱণশিৰি নদীৰ গৰাৰ কাষত ট্ৰেক্টৰে বালি-মাটি খন্দাক লৈ এনে পৰিস্থিতিৰ সৃষ্টি হয়৷ থেকেৰাগুৰি ন-আলিৰ একাংশ মহিলা ওলাই আহি নদীৰ গৰা খনন কাৰ্য বন্ধ কৰাৰ দাবী জনাই পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ ফলত ঘটনাস্থলীত চাউলধোৱা আৰক্ষী, পথালিপাম বন খণ্ডৰ বিষয়া কৰ্মচাৰীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ জোৱান উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ গাঁৱৰ একাংশ মহিলা-পুৰুষে অভিযোগ কৰি কয় যে ভীমপৰা কোৱাৰি তথা শিল-বালি মহলৰ মহলদাৰে ইচ্ছাকৃত ভাৱে ট্ৰেক্টৰ, জেচিবি, ডাম্পাৰৰ সহায়ত উক্ত অঞ্চলত খনন কাৰ্য অব্যাহত ৰখাত স্থানীয় কেবাখনো গাঁৱৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে৷ এনেদৰে গাঁৱৰ কাষতে বিশেষকৈ থেকেৰাগুৰি ন-আলি গাঁৱৰ কাষতে সোৱণশিৰি নদীৰ গৰাত খনন কাৰ্য চলোৱাৰ ফলত স্থানীয় ন আলি, থেকেৰাগুৰি, মিলিজুলি আদি গাঁও সমূহলৈ নদীখনে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ ইফালে উক্ত স্থানত এনেদৰে খনন কাৰ্য চলাই স্থানীয় বাসিন্দাসকললৈ ভাবুকি কঢ়িয়াই অনা কাৰ্যৰ বিৰুদ্ধে শীঘ্ৰে চাউলধোৱা আঞ্চলিক ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী, জিলা উপায়ুক্ত আদিক লিখিত অভিযোগ দাখিল কৰিব বুলি জানিবলৈ দিছে৷ ইয়াৰ পূৰ্বেও ন আলি থেকেৰাগুৰিত ভীমপৰা কোৱাৰিত শিলবালি খনন কাৰ্যত স্থানীয় একাংশ লোকে বাধা প্ৰদান কৰি আহিছে৷ আনহাতে আজি মহিলাসকলৰ ৰণচণ্ডী ৰূপ দেখি পথালিপাম বন খণ্ডৰ কাৰ্যালয়ৰ লগতে নিবিদাপ্ৰাপ্ত মহলদাৰে সেই স্থানত খনন কাৰ্য বন্ধ কৰিবলৈ বাধ্য হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More