বিদূষী মহিলা হেমলতা বৰুৱাক তিলোত্তমা বৰুৱা স্মাৰক বঁটা প্ৰদান তেজপুৰ বিশ্ববিদ্যালয়ৰ

0 40

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ মেঃ ত্যাগ আৰু সংগ্ৰামৰ প্ৰতীক স্বৰূপ তেজপুৰৰ ৯৪ বছৰীয়া হেমলতা বৰুৱাক আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰই ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা’ প্ৰদান কৰে। উল্লেখ্য যে, প্ৰবীন স্বাধীনতা সংগ্ৰামী মহিলা সৱলীকৰণৰ অগ্ৰণী নেত্ৰী সমাজসেৱিকা তিলোত্তমা বৰুৱাৰ আজি ৪০ সংখ্যক মৃত্যুবাৰ্ষিকীৰ দিনটোতে তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰ প্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰই আয়োজন কৰা তিলোত্তমা বৰুৱা স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানত নতুন দিল্লীৰ পৰা অনলাইনৰ জৰিয়তে মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে বক্তৃতা প্ৰদান কৰে । বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিষদীয় ভৱনত অনুষ্ঠিত আজিৰ এই বিশেষ অনুষ্ঠানটি আৰম্ভ হয় তিলোত্তমা বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ।ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ডঃ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য, পঞ্জীয়ক ডক্টৰ বীৰেন দাস, তিলোত্তমা বৰুৱাৰ পৰিয়ালৰ সদস্যসকলৰ লগতে বঁটা প্ৰাপক পৰিয়ালৰ সদস্যসকলে অংশ গ্ৰহণ কৰে । ইয়াৰ পিছতেই আৰম্ভ হোৱা এই স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি ভাৰপ্ৰাপ্ত উপাচাৰ্য তথা বিশ্ববিদ্যালয়খনৰ প্ৰ-উপাচাৰ্য ডঃ ধ্ৰুুৱ কুমাৰ ভট্টাচাৰ্যই তিলোত্তমা বৰুৱা আৰু বঁটা প্ৰাপক প্ৰবীণ সমাজকৰ্মী হেমলতা বৰুৱাৰ জীৱন দৰ্শন আলোকপাত কৰে । তিলোত্তমা বৰুৱাৰ জীৱনকৃতী সম্পৰ্কে আলোকপাত কৰে বিশিষ্ট সাংবাদিক লেখক প্ৰফুল্ল প্ৰাণ মহন্তই। একেদৰে বঁটা প্ৰাপক হেমলতা বৰুৱাৰ জীৱন কৃতী আলোকপাত কৰাৰ লগতে তেওঁলৈ প্ৰস্তুত কৰা সম্বৰ্ধনা পত্ৰও পাঠ কৰা হয় । এই অনুষ্ঠানতে দুয়ো গৰাকীৰ ওপৰত প্ৰকাশিত পুস্তিকা উন্মোচন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাচাই। বিশিষ্ট অতিথিৰ আসনৰ পৰা সাংসদ তাচাই ভাষণ প্ৰদান কৰি পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীকলৈ আমি গৌৰৱ অনুভৱ কৰোঁ বুলি কৈ সমাজহিতৈষী মহিলা তিলোত্তমা বৰুৱা আৰু হেমলতা বৰুৱাৰ অৱদান অনস্বীকাৰ্য বুলি মন্তব্য কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে, নাৰী সৰবৰাহ অথবা নাৰী নিযাৰ্তনৰ ক্ষেত্ৰত কেবল পুৰুষেই জড়িত নাথাকে। বহু সময়ত নাৰীৰ শত্ৰু নাৰী হোৱাও দেখা যায়। নিজৰ ঘৰৰ দহ বছৰীয়া শিশুটিক চোৱাচিতা কৰিবলৈ বাগানৰ আঠ বছৰীয়া শিশুক কামত লগোৱা বহু ভদ্ৰ পুৰুষ-মহিলায়ো অনুভৱ নকৰে শিশুৰ অধিকাৰৰ কথা। একেদৰে নাৰী সৰবৰাহতো জড়িত থাকে দুষ্ট প্ৰকৃতিৰ একাংশ নাৰী। এনেবোৰ বিষয়ৰ কাৰণ আৰু সমাধান বিচাৰিব লাগিব এনেধৰণৰ অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে। দুৰ্গা, কালীক আই মাতৃ বুলি পূজা-অৰ্চনা কৰা নাৰীক সেই একেজন মানুহে কিদৰে নিযাৰ্তন চলাব পাৰে সেই কথাও সমাজে চিন্তা কৰিব লাগিব। সংস্কৃতিৰ নামত বোকাত লুতুৰিপুতুৰি হৈ উৎপাত কৰা ডেকা-গাভৰুৰ পিতৃ-মাতৃয়েও নিজকে প্ৰশ্ন কৰিব লাগিব সন্তানক শিক্ষা দিয়াৰ ক্ষেত্ৰত কত ভুল থাকি গ’ল। তেওঁ লগতে বিশ্ববিদ্যালয়ত গৱেষণা কেবল মাত্ৰ ডিগ্ৰীলাভৰ বাবেই নহয়, এই গৱেষণাই সমাজৰ উপকাৰ সাধন কৰিব লাগিব। গতিকে বিশ্ববিদ্যালয়ত কৰা গৱেষণাৰ বিষয়ে চৰকাৰ-প্ৰশাসনক অৱগত কৰি ইয়াক হাতে-কামে প্ৰয়োগ কৰাৰ বাবে সকলোৱে চেষ্টা চলোৱা উচিত বুলি কয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা ৱেচাইট মুকলি কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক ডীন ড° মৃন্ময় কুমাৰ শমাৰ্ই। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ সমাজবিদ্যা আৰু মানৱিকী বিভাগৰ ডীন ড° ফাৰহিনা ডান্টাই চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দৰে বিদুষী মহিলাই সমাজক দেখুওৱা বাটেৰে নাৰী সমাজ আগবাঢ়িব লাগে বুলি কয়। তেওঁ লগতে গৱেষণা আৰু অধ্যয়নৰ জৰিয়তে এইসকল মহিলাৰ কৰ্মৰাজিৰ সঠিক মূল্যায়নৰ প্ৰয়োজন বুলি মন্তব্য কৰে। অনুষ্ঠানটিত বিশ্ববিদ্যালয়খনৰ চন্দ্ৰ প্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপিকা ড° মাধুৰীমা গোস্বামীয়ে সমগ্ৰ অনুষ্ঠানটিৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে। উল্লেখ্য যে, শাৰীৰিক অসুস্থতাৰ বাবে তেজপুৰ চহৰৰ নতুন আমোলাপট্টীৰ বাসগৃহতে চিকিৎসাধীন হৈ থকা সংগ্ৰামী মহিলা হেমলতা বৰুৱাই নিজে উপস্থিত থাকি আজি এই বঁটা গ্ৰহণ কৰিব নোৱাৰাত ভতিজা দিগন্ত বৰুৱাই এই বঁটা গ্ৰহণ কৰে। এই বঁটাত গামোচা, অংগ বস্ত্ৰ, শৰাই,নগদ ধন, প্ৰশস্তি আদি আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More