বিদেশৰ নহয়, ভাৰতৰে এটা সুন্দৰ পথ

ফটো দেখি আপুনিও পুলকিত হ'ব

0 39

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুলাই : কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে চৰ্চালৈ আনিলে গোৱা-কৰ্ণাটক ঘাইপথৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু মনোমোহা ফটো। তেওঁ এটা টুইটাৰ পোষ্টত উল্লেখ কৰিছে— “কৰ্ণাটকৰ গোৱা/কৰ্ণাটক সীমান্তৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুণ্ডপুৰ অংশলৈকে চাৰিলেনযুক্ত প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পথত।” উল্লেখ্য যে, এই ঘাইপথটো আৰব সাগৰৰ উপকূলৰ এফালে ১৬ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত আৰু আনফালে পশ্চিম ঘাট পৰ্বত। 1657273338575এই সংযোগস্থলত ঘাইপথটো স্বাভাৱিকতে এক অনন্য প্ৰাকৃতিক সৌন্দৰ্য্যৰে আগুৰি আছে। পথটো নিঃসন্দেহে ভাৰতৰ অন্যতম সুন্দৰ দৃশ্যপটেৰে ঘেৰা ঘাইপথ হিচাপে গণ্য কৰা হ’ব। মন কৰিবলগীয়া যে এই প্ৰকল্পই পশ্চিম আৰু দক্ষিণ ভাৰতৰ মাজত এক গুৰুত্বপূৰ্ণ উপকূলীয় ঘাইপথ সংযোগৰ সৃষ্টি কৰিছে। এই প্ৰসংগত নীতিন গাডকাৰীয়ে কয় যে, বৰ্তমান ১৮৩ কিলোমিটাৰ (মুঠ কামৰ ৯২.৪২ শতাংশ কাম সম্পূৰ্ণ হৈছে) সম্পূৰ্ণ হৈছে। চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত কাম সম্পূৰ্ণ হ’ব। এই ঘাইপথটোৱে পানভেল, চিপলুন, ৰত্নাগিৰি, পানাজি, মাৰগাঁও, কাৰোৱাৰ, উডুপি, সুৰথকাল, মঙলদৈ, কোঝিকোড, কোচি, তিৰুৱনন্তপুৰম, কন্যাকুমাৰীকে ধৰি প্ৰধান চহৰসমূহক সংযোগ কৰিছে। নীতিন গাডকাৰীয়ে কয়— ‘‘এই প্ৰকল্পৰ জৰিয়তে যাত্ৰীসকলৰ যাতায়াতৰ সময় বহু পৰিমাণে হ্ৰাস পাব আৰু লগতে দুৰ্ঘটনাও ৰোধ কৰিব। একে সময়তে মসৃণ পথসমূহে ইন্ধন ৰাহি কৰাত সহায় কৰিব আৰু আভ্যন্তৰীণ আৰু আন্তঃৰাজ্যিক যাত্ৰীসকলৰ বাবে যানজঁট হ্ৰাস কৰিব।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More