বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ সম্পন্ন

ছাত্ৰ-ছাত্ৰীক শাৰীৰিক মানসিক শাস্তি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰিপন্থী-গুনীন বৰা

0 194
শতাব্দৰ প্ৰতিনিধি ১২ মেঃ  সমগ্ৰ শিক্ষা অসমৰ অধীনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, লক্ষীমপুৰ জিলাৰ উদ্যোগত যোৱা ১১মে’ৰ পৰা ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ বিষয়ববীয়াৰ প্ৰশিক্ষণ কৰ্মশালাখনৰ আজি সামৰণি পৰিছে। বিদ্যালয় এখন পৰিচালনা কেনেকৈ কৰিব লাগে,শিকন,শিক্ষণ প্ৰক্ৰিয়াত শিক্ষক আৰু পৰিচালনা সমিতিৰ ভূমিকা ,নীতি জ্ঞান, মানসিক চৰিত্ৰ গঠন,সময়জ্ঞান,নৈতিকতা,শালীনতাৰ শিক্ষা আদিকৈ অলেখ বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। আনহাতে ছাত্ৰ-ছাত্ৰীক শাৰীৰিক মানসিক শাস্তি প্ৰদান কৰাটো ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰিপন্থী বুলি উল্লেখ কৰে সমল ব্যক্তি গুনীন বৰাই। বিদ্যালয় এখন সুৰক্ষাৰ সামগ্ৰী গোটাই ৰখা,মধ্যাহ্ন ভোজনৰ তদাৰকী কৰি ত্ৰিৰঙ্গা থালিৰ গুৰুত্ব প্ৰদান কৰা ইত্যাদিৰ ওপৰত নজৰ দিয়া বিদ্যালয় পৰিচালনা সমিতিৰ অন্যতম দায়িত্ব বুলি অভিহিত কৰা হয়। অৱশ্যে নিৰ্ধাৰিত সময়তকৈ ডেৰঘণ‌টা পলমকৈ দুয়োটা দিনাই কৰ্মশালাখন আৰম্ভ হোৱাৰ বাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত কৰ্মশালাখনত সময়ৰ গুৰুত্ব থাকিব লাগে বুলিও সচেতন মহলে মত ব্যক্ত কৰিছে। দুয়োটা দিনৰ কৰ্মশালা জাতীয় সংগীতেৰে আৰম্ভ আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি মৰা হয়। লখিমপুৰ জিলা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ জিলা সমন্বয়ক সৰুজ বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা সভাখনত সমল ব্যক্তি হিচাবে উপস্থিত থাকে ক্ৰমে মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ মোহন হাজৰিকা,হাৱাজান একাডেমী অধ্যক্ষ নৰেন বৰা, ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উমা দাস, পিছলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গুনীন বৰা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মুকুল ভৰালী ।দুয়োটা দিনৰ কৰ্মশালত অংশগ্ৰহণ কৰা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিসমূহ হ’ল ক্ৰমে ভেলাইমৰা উচ্চ মাধ্যমিক বিদ্যালয়, ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোহাঁঞিপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়, হাৰমতী পিছলা উচ্চ মাধ্যমিক বিদ্যালয়, হাৱাজান একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়, জনপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়, জনকল্যাণ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়,কচুৱা মাল্টিপাৰপ’ছ উচ্চ মাধ্যমিক বিদ্যালয়, কমলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়, মাজঘাট উচ্চ মাধ্যমিক বিদ্যালয়, মেৰমুখ বালক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, নামনি সোৱণশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, নাৰায়ণপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু ভিবীৰাম হাজৰিকা মহাবিদ্যালয়। কৰ্মশালাখনৰ আঁত ধৰে ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ সত্যৰঞ্জন বৰাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More