বিদ্যুতৰ শুল্ক প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি

গ্ৰাহকৰ মূৰত মাধমাৰ এপিডিচিএলৰ

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ নৱেম্বৰ : অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে ৰাজ্যত বিদ্যুতৰ শুল্ক প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰিছে। অসমত এই নতুন বিদ্যুৎ শুল্ক ২০২২ চনৰ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে তিনি মাহৰ বাবে প্ৰযোজ্য হ’ব।অসমত বৰ্তমান বিদ্যুৎ শুল্ক প্ৰতি ইউনিটত ৩০ পইচা। এপিডিচিএলে ২৫ নৱেম্বৰত জাৰি কৰা এক জাননীৰ জৰিয়তে এই বৃদ্ধিৰ বিষয়ে অৱগত কৰে। এপিডিচিএলৰ জাননীখনত এনেদৰে লিখা আছিল— “সকলো বিদ্যুৎ গ্ৰাহকৰ তথ্যৰ বাবেই এ ই আৰ চি (ইন্ধন আৰু শক্তি ক্ৰয় মূল্য সালসলনি) নিয়মাৱলী, ২০১০ৰ ভিত্তিত ইন্ধন আৰু শক্তি ক্ৰয় মূল্য সালসলনি (এফ পি পি পি এ) প্ৰতি ইউনিটত ৭৯ পইচা (কিলোৱাট ঘন্টা)ত সকলো শ্ৰেণীৰ পৰা আৰোপ কৰা হ’ব অহা তিনি মাহৰ বাবে; ডিচেম্বৰ’২২ (নৱেম্বৰ’২২ৰ সময়ছোৱাত ব্যৱহৃত শক্তি)ৰ পৰা ফেব্ৰুৱাৰী’২৩ (জানুৱাৰী’২৩ৰ সময়ছোৱাত ব্যৱহৃত শক্তি)লৈকে।” এনেদৰে প্ৰতি ইউনিট বিদ্যুতৰ ক্ষেত্ৰত বৃদ্ধি কৰা শুল্কই সাধাৰণ উপভোক্তাসকলৰ মূৰত যে অতিৰিক্ত হেঁচা সৃষ্টি কৰিব সেয়া নিশ্চিত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More