বিভিন্ন দেশৰ অদ্ভুত নিয়মবোৰ জানেনে

চেল্ফি তুলিলেও ভৰিব লাগে জৰিমনা

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুলাই : চেল্ফি তুলি কোনে ভাল নাপায়! কিন্তু চেল্ফি তোলাটো যদি অবৈধ হয় তেন্তে কি হ’ব? গছৰ ডালত বহি থকা দেখিলেও যদি আৰক্ষীয়ে জৰিমনা দিবলৈ কয়, তেতিয়া কি হ’ব? শুনিবলৈ আচৰিত যেন লাগিলেও কথাবোৰ সঁচা। পৃথিৱীৰ এনে কিছুমান ঠাই আছে, য’ত মাজনিশা বাথৰুম ব্যৱহাৰ কৰাটো অপৰাধ বুলি গণ্য কৰা হয়। কোনো কোনো দেশত আকৌ পত্নীৰ জন্মদিন পাহৰিলে জৰিমনা আৰোপ কৰা হয়। দেশৰ লগতে বিদেশৰ বিভিন্ন প্ৰান্তত এনে কিছুমান আইন আছে, যিবোৰ আচহুৱা যেন লাগিব পাৰে, কিন্তু অমান্য কৰিলে জৰিমনা আদায় দিবলগীয়া হয়। কিছুমান দেশৰ এনে কিছুমান অদ্ভুত নিয়মৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।

* অষ্ট্ৰেলিয়াত ঘৰৰ লাইট সলনি কৰাৰ ক্ষেত্ৰতো নিয়ম আছে। ভিক্টোৰিয়া অঞ্চলৰ ইলেক্ট্ৰিচিয়ানসকলৰ বাবে অনুজ্ঞাপত্ৰ থকাটো বাধ্যতামূলক। ইয়াৰ বাহিৰে কাৰোবাৰ ঘৰৰ লাইট বা বাল্ব বেয়া হ’লেও তেওঁলোকে কোনো বিদ্যুতৰ কাম কৰিব নোৱাৰে। বৰং আইন ভংগ কৰাৰ বাবে জৰিমনা দিব লাগিব।

* ভ্ৰমণৰ সময়ত প্ৰায় সকলোৱেই চেল্ফি তুলি ভাল পায়। কিন্তু, শ্ৰীলংকাত ভ্ৰমণ কৰিব বিচাৰিলে স্থান-কাল-পাত্ৰ বিবেচনা কৰি চেল্ফি ল’ব লাগিব। শ্ৰীলংকাৰ সৈতে গভীৰভাৱে জড়িত গৌতম বুদ্ধ। প্ৰায় সকলোতে বুদ্ধ প্ৰতিমূৰ্তি দেখা যায়। কিন্তু এই প্ৰতিমূৰ্তিৰ ফটো তোলাৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞা আছে। বুদ্ধৰ লগত কোনো ধৰণৰ চেল্ফি ল’ব নোৱাৰিব। আনকি প্ৰতিমূৰ্তিৰ পিছফালে থিয় হৈ ফটো উঠাও নিষিদ্ধ। এনেধৰণৰ ফটো তুলি থকা দেখিলেই পুলিচ আহি হাজিৰ হ’ব। প্ৰথমে ফোনটোৰ পৰা সকলো ছবি ‘ডিলিট’ কৰিবলৈ ক’ব আৰক্ষীয়ে। সেই নিৰ্দেশনা মানি নচলিলে জৰিমনা বিহা হ’ব। কিছুমান বিশেষ ভংগীমাত দৰ্শকে বুদ্ধৰ সৈতে ফটো তুলিব পাৰে। শ্ৰীলংকাৰ আইন অনুসৰি মূৰ্তিৰ সন্মুখত কাষে কাষে থিয় হোৱা বা মূৰ্তিৰ সন্মুখীন হোৱাটো অবৈধ নহয়।

* বায়ু প্ৰদূষণৰ দৰে শব্দ প্ৰদূষণ, পানী প্ৰদূষণেও পৰিৱেশৰ ক্ষতি কৰে। ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ কমোৱাৰ বাবে সমগ্ৰ বিশ্বতে বিভিন্ন আইন প্ৰণয়ন কৰা হৈছে। চুইজাৰলেণ্ডতো শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্যৰে আইন আছে। অৱশ্যে সেই কথা শুনি আচৰিত লাগে। ৰাতি দহ বজাৰ পিছত ছুইজাৰলেণ্ডৰ মানুহ এজনে শৌচাগাৰলৈ গ’লেও তেওঁ ‘টয়লেট ফ্লাছ’ ব্যৱহাৰ কৰিব নোৱাৰে। এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে, কাৰণ সেই শব্দ ৰাতিৰ শব্দ প্ৰদূষণৰ ভিতৰত পৰে। সেইবাবেই চুইজাৰলেণ্ডত কোনেও ‘টয়লেট ফ্লাছ’ ব্যৱহাৰ নকৰে মাজনিশা। দেশৰ আইন অনুসৰি এটা নিৰ্দিষ্ট সময়ৰ পিছত ইয়াক পুনৰ ব্যৱহাৰ কৰিব পাৰি।

* সৰুতে খেলা-ধূলা কৰি থাকোঁতে গছত উঠি ভাল পাইছিল নেকি? কিন্তু কানাডাত থাকিলে গছত উঠিলেও জৰিমনা দিব লাগিব। এই আইন কানাডাৰ অশ্বাৱা অঞ্চলৰ উদ্যানসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য। অঞ্চলটোত যিমানেই পাৰ্ক আছে, যদি কোনোবাই গছত উঠি থকা দেখা যায়, তেন্তে তেওঁক আৰক্ষীয়ে জৰিমনা বিহিব। কানাডাৰ আৰক্ষীৰ মতে, এই আইনখন অশ্বাৱাৰ বাসিন্দাসকলক সুৰক্ষা দিয়াৰ বাবে ৰচনা কৰা হৈছিল। ৰেডিঅ’ চেনেলত কাম কৰাৰ সময়ত বহু নিয়ম মানি চলিব লাগে। কিন্তু কানাডাত ইয়াৰ বাবে সুকীয়া আইন আছে। যিকোনো ৰেডিঅ’ চেনেলত এটা অনুষ্ঠান সম্প্ৰচাৰ কৰিবলৈ হ’লে অংশগ্ৰহণকাৰী ৩৫% শিল্পী কানাডাৰ নাগৰিক হ’ব লাগিব।

* আপোনজনৰ জন্মদিন পাহৰি যোৱাটোও আইনৰ বিৰুদ্ধে। ওচেনিয়াত একধৰণৰ নিয়ম আছে। চামোয়াত এজন বিবাহিত পুৰুষে ভুলবশতঃ পত্নীৰ জন্মদিন পাহৰিলে কাৰাগাৰত বন্দী হ’ব পাৰে। জন্মদিনৰ শুভেচ্ছা জ্ঞাপন নকৰা বা জন্মদিন উদযাপন নকৰা মানে স্বামীয়ে পাহৰি গৈছে যে, আজি পত্নীৰ জন্মদিন। গৃহিণীগৰাকীয়ে যদি স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে তেন্তে আৰক্ষীয়ে স্বামীক এদিনৰ বাবে জিম্মাত ৰাখে।

* ঘৰত কুকুৰক খাদ্য খুৱাই দিয়ে, কিন্তু সঠিক পৰিমাণৰ সময় দিব পৰা নাই? ইটালীয়ে এই সন্দৰ্ভত আইন প্ৰণয়ন কৰিছে। টুৰিন অঞ্চলৰ বাসিন্দাসকলে দিনটোত কমেও তিনিবাৰকৈ পোহনীয়া জন্তু এৰি নিদিয়াৰ বাবে ৬৫০ টকা (ভাৰতীয় মুদ্ৰাত ৫১,৬১০ টকা) জৰিমনা বিহা হয়। ইটালীত প্ৰতি বছৰে ডেৰ লাখ পোহনীয়া জন্তু উদ্ধাৰ কৰা হয়। সেই কথা মনত ৰাখি টুৰিনত এই আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পোহনীয়া জন্তু ৰাস্তালৈ লৈ গ’লেও আইন মানি চলিব লাগিব। কেপ্ৰি দ্বীপপুঞ্জৰ বাসিন্দাসকলে নিজৰ পোহনীয়া কুকুৰক ঘৰৰ পৰা উলিয়াই নিয়াৰ পিছত ৰাজপথত শৌচ নকৰাবলৈ যত্ন লয়। এনে ঘটনা ঘটিলেও মালিকে চাফা কৰিব লাগিব। কোনোবাই এই দায়িত্ব এৰাই চলিলে মল সংগ্ৰহ কৰি ডি এন এ পৰীক্ষা কৰা হয়। সেই বিচাৰত তেওঁক দোষী সাব্যস্ত কৰা হয় আৰু আইন ভংগ কৰাৰ বাবে ২৪০ মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত ১৯ হাজাৰ টকা) জৰিমনা বিহা হয়।

* সেনাবাহিনীত বিশেষ ধৰণৰ ছাপ মৰা কাপোৰ ব্যৱহাৰ কৰাৰ ধাৰা আছে যিয়ে হাবিত লুকাই থকাত সহায় কৰে। আকৌ সেই বিশেষভাৱে উৎপাদন কৰা বা ছদ্মবেশৰ ডিজাইনবোৰ বজাৰত বিক্ৰী হোৱা দেখা যায়, যিবোৰ দেশৰ নাগৰিকেও ইচ্ছামতে পিন্ধিব পাৰে। কিন্তু, আফ্ৰিকা আৰু কেৰিবিয়ানত আইন আছে, সামৰিক বাহিনীত সেৱা আগবঢ়োৱা নহ’লে কোনেও এই বিশেষ প্ৰিন্টৰ পোছাক পিন্ধিব নোৱাৰে। যদি কোনোবাই এই আইন উলংঘা কৰে তেন্তে তেওঁলোকক এক নিৰ্দিষ্ট পৰিমাণৰ জৰিমনা বিহা হয়।

* ভেনিচৰ এটা আকৰ্ষণীয় স্থান হ’ল ছেইণ্ট মাৰ্কছ স্কোৱাৰ। এই অঞ্চলত বহু পাৰ চৰাই থাকে। যদি কোনো ধৰণে পাৰই তাত থকা স্মৃতিসৌধটোৰ ওপৰত শৌচ কৰে তেন্তে ইয়াৰ ফলত স্মৃতিসৌধটোৰ সৌন্দৰ্য নষ্ট হ’ব। এই কথা মনত ৰাখি ২০০৬ চনত ইটালী চৰকাৰে এখন আইন প্ৰণয়ন কৰে। আইন অনুসৰি পাৰ চৰাইক খুৱালে ৬০০ ইউৰো (ভাৰতীয় মুদ্ৰাত ৫৫.৬ টকা) পৰ্যন্ত জৰিমনা বিহা হ’ব।

* অ’টিটি মঞ্চৰ জনপ্ৰিয়তা বিশ্বমানৰ। বহুতে টকা ৰাহি কৰিবলৈ বন্ধু বা আপোনজনৰ একাউণ্ট ব্যৱহাৰ কৰি চিনেমা বা ৱেব চিৰিজ চায়। কিন্তু আমেৰিকাত এনে কৰিলে জৰিমনা বিহাটো নিশ্চিত। যদি টেনেচি অঞ্চলত বাস কৰা কোনো ব্যক্তিয়ে আন কাৰোবাক অ’টিটি ষ্টেজ পাছৱৰ্ড ব্যৱহাৰ কৰিবলৈ দিয়ে, তেন্তে সেই ব্যক্তিজনৰ ওপৰত জৰিমনা আৰোপ কৰা হয়। কেৱল সেয়াই নহয় , যিয়ে এই পাছৱৰ্ড বিচাৰিছিল, তেওঁকো জৰিমনা বিহা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More