বিলুপ্তি ঘটোৱা হ’ব ৰে’ল বিভাগত খালী থকা ন’ন ছেফটি কেটেগৰীৰ ৫০ শতাংশ পদ 

৩১ মে’ৰ পূৰ্বে ৭৫ হাজাৰ পদৰ বিলুপ্তি  কৰিবলৈ জৰুৰী নিৰ্দেশ

0 42

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৫ মে’ : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশত ’স্বাধীনতাৰ অমৃত মহোৎসৱ’ উদযাপন কৰি থকাৰ মাজতে গ্ৰহণ কৰিছে এক বৃহৎ হঠকাৰী সিদ্ধান্ত । ’সবকা সাথ সবকা বিকাশ’ৰ শ্ল’গান আওৰাই অহা মোদী চৰকাৰে অতি গোপনে গ্ৰহণ কৰিছে দেশৰ ৰে’ল বিভাগত খালী হৈ থকা ন’ন ছেফটি কেটেগৰীৰ ৫০ শতাংশ পদ বিলুপ্তিৰ সিদ্ধান্ত । ইতিমধ্যে অহা ৩১ মে’ৰ ভিতৰত এই সন্দৰ্ভত কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ ভাৰতীয় ৰে’লৰ সকলো শীৰ্ষ বিষয়ালৈ জাৰী কৰা হৈছে কঠোৰ আৰু জৰুৰী নিৰ্দেশ । দেশৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰাৰ ক্ষেত্ৰত সৰ্বদা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা ভাৰতীয় ৰে’লৰ কাৰ্য্যপ্ৰণালীত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱাৰ লগতে দেশৰ নিবনুৱা সমস্যা অধিক জটিল কৰি তোলাত এই হঠকাৰী সিদ্ধান্তই যে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব তাত কোনো সন্দেহৰ অৱকাশ নাই । নিবনুৱা সকলৰ বাবে বৃহৎ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে । তথ্যমতে ৰে’ল মন্ত্ৰালয়ে ইতিমধ্যে ভাৰতীয় ৰে’লৰ মহাপ্ৰবন্ধকসকলকে ধৰি সকলো শীৰ্ষ বিষয়ালৈ এই সন্দৰ্ভত নিৰ্দেশ প্ৰেৰণ কৰিছ ।IMG 20220525 185534 আনহাতে ৰে’ল বৰ্ডৰ তৰফৰ পৰা সকলো মাণ্ডলিক প্ৰৱন্ধক, উৎপাদন গোট তথা ৱৰ্কশ্বপ সমূহলৈ প্ৰেৰণ কৰা নিদেৰ্শনাৰ জৰিয়তে চলিত মে’ মাহৰ ‌৩১ তাৰিখৰ ভিতৰত ন’ন ছেফটি কেটেগৰীত খালী হৈ থকা ৫০ শতাংশ পদ বিলুপ্তি ঘটাবলৈ ‌কঠোৰ‌ নিৰ্দেশ দিছে । কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশ কাৰ্যকৰী হ’লে সমগ্ৰ দেশত ৰে’ল বিভাগৰ প্ৰায় ৭৫ হাজাৰ পদ বিলুপ্তি ঘটিব বুলি উত্তৰপূব সীমান্ত ৰে’লৰ এক সূত্ৰই সদৰি কৰিছে । তাত কোনো সন্দেহ নাই । জানিব পৰা মতে ৰে’ল বিভাগত বৰ্তমান প্ৰায় ২ লাখ ৫০ হাজাৰ পদ খালী হৈ আছে । ইয়াৰে প্ৰায় ১ লাখ ৫০ হাজাৰ ন’ন ছেফটি কেটেগৰীৰ পদ । অৰ্থাৎ সমগ্ৰ দেশত ৰে’ল বিভাগৰ প্ৰায় ৭৫ হাজাৰ পদৰ বিলুপ্তি ঘটোৱা হ’ব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More