বিশিষ্ট শিক্ষাবিদ, লেখক ৰমেশ চন্দ্ৰ কলিতা তেজপুৰ সাহিত্য সভাৰ সভাপতি, শিশু সাহিত্যিক দ্বীজেন নাথ সম্পাদক হিচাপে নিৰ্বাচিত

তেজপুৰ সাহিত্য সভাৰ অধিবেশনত মাতৃভাষা মাধ্যমৰ সুৰক্ষাৰ বাবে চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ

0 62

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১ জানুৱাৰীঃ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, লেখক ৰমেশ চন্দ্ৰ কলিতা তেজপুৰ সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। উল্লেখ্য যে, আজি পহিলা জানুৱাৰীৰ দিনটোত পুৱাৰ পৰা অনুষ্ঠিত তেজপুৰ সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিৱেশনে শিক্ষাবিদ, লেখক গৰাকীক সভাপতি হিচাপে সৰ্ব সন্মতি হিচাপে নিৰ্বাচিত কৰাৰ লগতে বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক নবীন চন্দ্ৰ লহকৰক উপসভাপতি, বিশিষ্ট শিশু সাহিত্যিক দ্বীজেন নাথক সম্পাদক, অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যক সহকাৰী সম্পাদক, বিশিষ্ট নাট্যশিল্পী মৃগেন চন্দ্র বড়াক পত্ৰিকা সম্পাদক, দিগন্ত কুমাৰ ভূঞাক হিচাপ পৰীক্ষক, জগন্নাথ বৰাক কোষাধক্ষ হিচাপে লৈ ২১ জনীয়া কাৰ্যনিৰ্বাহক সমিতিৰে নতুন সমিতি নিৰ্বাচিত কৰে। পুৱা সভাপতি ড° ভূপেন শইকীয়াৰ দ্বাৰা পতাকা উত্তোলনৰ পিছত অনুষ্ঠিত অধিৱেশনৰ মূল সভাৰ অন্তত নতুন সমিতিত প্ৰাক্তন সম্পাদক পংকজ বৰুৱা, বিশ্বজিৎ বড়ো, মহেন্দ্ৰ কুমাৰ নাথ, বিকাশজ্যোতি কলিতা, ভূপেন কটকী, নিৰু নেওগ বৰা, মৰমী বৰুৱা, দিব্যজ্যোতি নাথ, হৰেশ্বৰ গোস্বামী আদিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ ২১ জনীয়া নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে। আনহাতে সভাপতি ড° ভূপেন শইকীয়াৰ পৌৰোহিত্যত সম্পাদক দেৱব্ৰত শৰ্মাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা আৰু হিচাপ পৰীক্ষক বিক্ৰম কুমাৰ বৰাৰ অনুপস্থিতিত দিগন্ত কুমাৰ ভূঞাই হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰা সভাত সভাপতি ড° ভূপেন শইকীয়াই ৰচনা কৰা “সুৰমাৰ গংগা চিলনি” শীৰ্ষক গণশিল্পী হেমাংগ বিশ্বাসৰ জীৱন আধাৰিত উপন্যাসখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা সমূহৰ প্ৰাক্তন নিয়ন্ত্ৰক ড° ভুবনেশ্বৰ চহৰীয়াই ।উন্মোচনী ভাষণত ড° চহৰীয়াই গণশিল্পী হেমাংগ বিশ্বাসৰ জীৱনৰ সকলো দিশৰ লগতে গণনাট্য সংঘৰ বহু দিশ উন্মোচিত হোৱা উপন্যাসখন অসমীয়া জীৱনীমূলক উপন্যাসৰ অন্যতম উপন্যাস হ’ব বুলি মন্তব্য কৰি ইংৰাজী নতুন বৰ্ষটিত অসমীয়া সাহিত্যলৈ ই এক অমূল্য উপহাৰ হ’ব বুলি মন্তব্য কৰে। আনহাতে সভাখনত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই অসম সাহিত্য সভাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ প্ৰতিগৰাকী সদস্যকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনাই অসমৰ জাতীয় সমস্যা সমূহৰ ক্ষেত্ৰত অসম সাহিত্য সভাই কোনো ক্ষেত্ৰতে কেতিয়াও আপোচ নকৰে বুলি মন্তব্য কৰে। আনহাতে তেজপুৰ সাহিত্য সভা অসমৰ শাখা সাহিত্য সভা সমূহৰ ভিতৰত এখন গতিশীল আৰু সক্ৰিয় শাখা বুলি মন্তব্য কৰি তেজপুৰৰ এক বৌদ্ধিক অনুষ্ঠানলৈ তেজপুৰ সাহিত্য সভা পৰ্যৱসিত হৈছে বুলি কয়। পৰ্যবেক্ষক হিচাপে উপস্থিতি থকা শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথ, জেষ্ঠ সদস্য ড° গহন চন্দ্র মহন্ত, নবীন চন্দ্ৰ লহকৰ, দিলীপ কুমাৰ কাকতি আদিয়ে ভাষণ প্ৰদান কৰা মূল সভাতে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াক জ্যেষ্ঠ সদস্য তথা অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ কেওঁটে তেজপুৰ সাহিত্য সভাৰ হৈ এখন গামোচাৰে অভিনন্দন জ্ঞাপন কৰে ।আনহাতে আজিৰ অধিৱেশনে অসমৰ মাতৃভাষাৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই অষ্টম শ্ৰেণীলৈকে বিজ্ঞান আৰু গণিত বিষয় পূৰ্বৰ দৰে মাতৃভাষা মাধ্যমতে বাহাল ৰাখিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে ৰাজ্যখনত বসবাস কৰা অন্য ভাষা – ভাষী লোককো অসমীয়া ভাষা শিকোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰে।আজিৰ অধিৱেশন আৰম্ভ হয় তেজপুৰ সাহিত্য সভাৰ সদস্যা সকলে পৰিবেশন কৰা “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীতেৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More