বিশিষ্ট সাহিত্যিক-চিন্তাবিদ অধ্যাপক ড॰ নগেন শইকীয়ালৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশেষ সম্বৰ্ধনা

0 260

তেজপুৰ, ৪ নৱেম্বৰঃ ‘‘বিগত প্ৰায় সাতটা দশক ধৰি অসমীয়া ভাষা-সাহিত্যৰ সাৰস্বত সাধনা, একাগ্ৰ অনুশীলনেৰে আধুনিক অসমীয়া সাহিত্যক আপুনি যি সৌষ্ঠৱ আৰু সমৃদ্ধি প্ৰদান কৰিছে, সেয়া অসমীয়া ভাষা-সাহিত্যৰ বলয়ত এক নজহা-নপমা ঐতিহ্যৰ নামান্তৰ হৈ ৰ’ব৷ অসমৰ বিদ্যায়তনিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদান আৰু সাংগঠনিক দক্ষতাৰে অসমীয়া জাতীয় জীৱনক আপুনি প্ৰদান কৰি অহা বলিষ্ঠ নেতৃত্বই অসমীয়া জাতিক সমৃদ্ধ কৰিছে৷ এই মুহূৰ্তত আপোনাক সন্মান যাঁচিবলৈ পাই আমি তেজপুৰ বিশ্ববিদ্যালয় পৰিয়াল বাধিত আৰু অনুগৃহীত৷’’—- বিশিষ্ট সাহিত্যিক-চিন্তাবিদ-শিক্ষাবিদ অধ্যাপক ড॰ নগেন শইকীয়াৰ ডিব্ৰুগড়স্থিত বাসগৃহ ‘বৰ্ণমালা’ত আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই এই মন্তব্য কৰে৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক হৃদয় শইকীয়াই সাহিত্যিকগৰাকীৰ সৃষ্টিশীল সাধনা আৰু বিদ্যায়তনিক অৱদানৰ বিষয়ে মন্তব্য আগবঢ়াই তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰে৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক কাৰ্যসূচীত শিক্ষাবিদগৰাকীয়ে আগবঢ়াই অহা সক্ৰিয় সহযোগিতাৰ কথাও তেখেতে উল্লেখ কৰে৷ বুদ্ধিজীৱীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে এখন সম্বৰ্ধনা-পত্ৰ, এটি ৰূপৰ স্মাৰক আৰু কেইবাটাও উপহাৰেৰে বৰেণ্য সাহিত্যিকগৰাকীক তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালে সম্বৰ্ধনা জ্ঞাপন কৰে৷ সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে সহকাৰী অধ্যাপক জ্যোতিষ্মান দাসে৷IMG 20221104 WA0007অনুষ্ঠানটিত উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য অধ্যাপক কন্দৰ্প ডেকাই ‘অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদ’ৰ হৈ পৰৱৰ্তী অনুষ্ঠানৰ আঁত ধৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপিকা-বিশিষ্ট সাহিত্যিক কৰবী ডেকা হাজৰিকাই তেজপুৰ বিশ্ববিদ্যালয়ৰ এই উদ্যোগৰ শলাগ লোৱাৰ লগতে শইকীয়া ছাৰৰ সান্নিধ্য আৰু ব্যক্তিত্বৰ বিষয়ে মন্তব্য আগবঢ়ায়৷ অধ্যাপক নগেন শইকীয়াই বেদ-উপনিষদৰ আধাৰত ভাৰতীয় দৰ্শন সম্পৰ্কে এক সাৰগৰ্ভ বক্তব্য আগবঢ়ায়৷ উল্লেখযোগ্য যে তেজপুৰ বিশ্ববিদ্যালয়ে নগেন শইকীয়াদেৱৰ সৃষ্টিৰাজিৰ অধ্যয়ন, গৱেষণা আৰু অনুবাদৰ উদ্দেশ্য আগত ৰাখি কেইবাটাও প্ৰকল্প হাতত লোৱাৰ পৰিকল্পনা কৰিছে৷ সাহিত্যিকগৰাকীয়ে সকলোৰে লগতে কিছু সময়ৰ বাবে মত বিনিময় কৰে আৰু এক অন্তৰংগ-অনুষ্ঠানত অংশ লয়৷ প্ৰায় ত্ৰিছ হাজাৰ আপুৰুগীয়া গ্ৰন্থেৰে সমৃদ্ধ শইকীয়াদেৱৰ ব্যক্তিগত পুথিভঁৰালৰ গ্ৰন্থৰাজিৰ ডিজিটাইজেশ্যনৰ সম্পৰ্কেও আলোচনা কৰা হয়৷ সাৰস্বত ন্যাস পৰিষদে এই অনুষ্ঠানটোতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পুথিভঁৰাললৈ অধ্যাপক নগেন শইকীয়াদেৱৰ ৰচনা-সমগ্ৰৰ চাৰিটা খণ্ড প্ৰদান কৰে৷ তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালৰ হৈ উপাচাৰ্য আৰু যুটীয়া পঞ্জীয়কৰ লগতে সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপিকা জুৰি গগৈ কোঁৱৰ আৰু অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক জ্যোতিষ্মান দাসে অধ্যাপক নগেন শইকীয়াৰ সৈতে মত-বিনিময়ত অংশগ্ৰহণ কৰে৷ অনুষ্ঠানটোত শইকীয়াদেৱৰ পৰিয়ালৰ সদস্যসকলৰ লগতো বিশ্ববিদ্যালয় পৰিয়ালে মত বিনিময় কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More