বিশ্বজুৰি চোৰাংচোৱা কৰিবলৈ শিক্ষাৰ্থীক ব্যৱহাৰ

আমেৰিকান গুপ্তচৰৰ চাঞ্চল্যকৰ তথ্য

0 14
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জুলাইঃ দেখাত সাধাৰণ চাকৰি খালী পদৰ এটা বিজ্ঞাপন যেন লাগিব। চীনা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা এটা চীনা কোম্পানীয়ে বিচাৰিছে ইংৰাজী অনুবাদক। কিন্তু ইয়াৰ আঁৰত আছে ষড়যন্ত্ৰৰ আভাস। পশ্চিমীয়া দেশসমূহৰ ওপৰত চকু ৰাখিবলৈ এই নিযুক্তি দিয়া হৈছে বুলি ধাৰণা কৰা হৈছে আৰু ইয়াৰ আঁৰত আছে চৰকাৰী সমৰ্থন। এনে সম্ভাৱনা ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে। জানিব পৰা মতে, চীনৰ চোৰাংচোৱা সংস্থাটোৰ সৈতে হেকাৰে হাতে হাত মিলাই কাম কৰিবলৈ আৰম্ভ কৰিছে। চীনা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা বহুকেইজনক এই কামৰ বাবে বাছনি কৰা হৈছে। হংকং পোষ্টত প্ৰকাশিত এক প্ৰতিবেদনত এনেধৰণৰ দাবী কৰা হৈছে। চীনৰ হাইনান, ছিচুয়ান আৰু জিয়ন কলেজৰ ১৪০ জন ছাত্ৰ-ছাত্ৰীয়ে এই চাকৰিৰ বাবে আবেদন কৰিছে। তেওঁলোকে মাত্ৰ গ্ৰেজুৱেচন কৰিছে। এনে অৱস্থাত বেইজিঙে তেওঁলোকক ব্যৱহাৰ কৰি চাইবাৰ চোৰাংচোৱাগিৰি চলাব বিচাৰিছে। ২০২১ চনত আমেৰিকাৰ চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনতো এনে সম্ভাৱনাৰ কথা উল্লেখ কৰা হৈছিল। আমেৰিকা, কানাডা, ইউৰোপ আৰু মধ্যপ্ৰাচ্যক লক্ষ্য কৰি লৈছে এই ভাবুকিয়ে। চীনৰ স্নাতক ছাত্ৰ-ছাত্ৰীসকলে চোৰাংচোৱাগিৰি কৰা দেখা এয়াই প্ৰথম নহয়। চীনা হেকাৰ হেকিঙৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত। চীনা হেকাৰসকলে হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰাও দেখা গৈছে। ই-কমাৰ্চ কোম্পানীক আগবঢ়াবলৈ তেওঁলোকে ভুৱা URL তৈয়াৰ কৰিছিল। তাৰ পিছত হোৱাটছএপৰ দৰে মেছেজিং প্লেটফৰ্ম ব্যৱহাৰ কৰি ক্ৰেতাৰ মাজত বিয়পাই দিয়ে। ভুৱা পুৰস্কাৰৰ প্ৰলোভনো আছে। যদি কোনো ক্ৰেতাই এই ফান্দত থকা সেই লিংকটোত ক্লিক কৰে, তেন্তে তেওঁৰ সকলো তথ্য হেকাৰসকলৰ হাতলৈ যাব। ভাৰত আৰু অন্যান্য দেশত এনে ফান্দ ৰোধ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উদ্বোধন কৰিব নতুন সামৰিক সঁজুলি। সেই সঁজুলিয়ে চাইবাৰ আক্ৰমণ ৰোধ কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰাত সহায় কৰিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More