বিশ্বতে বিৰল ! লোহা নোহোৱাকৈ নিৰ্মাণ কৰা তেজপুৰৰ পকী দলংখন তিনি মাহতে ভাগিল

0 17

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬মে’: সম্ভৱত বিশ্বতে বিৰল ! লোহা নোহোৱাকৈ নিৰ্মাণ কৰিছিল এখন পকী দলং। ঠিকাদাৰে এই বিৰল নিৰ্মাণ কাৰ্যক লৈ গীনিজ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিলেহেঁতেন যদিও সেই কথা গুপুতে ৰাখিছিল। কিন্তু দলংখন ভাগি পৰাতহে কমিছনৰ নামত চলি থকা দুৰ্নীতি পোহৰলৈ আহিল। তেজপুৰত গড়কাপ্তানি বিভাগত চলিছে তিনি শতাংশ কমিছনৰ অংক । পৰিণতিত এতিয়া বিভাগীয় বিভিন্ন নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ হোৱা বুলি ৰাজহুৱা অভিযোগ উঠিছে । উল্লেখযোগ্য যে, আজি তেজপুৰৰ নিকটৱৰ্তী পিঠাখোৱা লিখক গাঁও আৰু ১৫নম্বৰ ৰাষ্ট্ৰীয় পথ সংযোগী এখন পকী দলং নিৰ্মাণৰ প্ৰায় তিনি মাহৰ পাছতেই ভাঙি পৰাত ৰাইজ ক্ষোভত ফাটি পৰিছে । উল্লেখযোগ্য যে ,লিখক গাঁৱৰ এই পথত পূৰ্বে এটা কালভাৰ্ট আছিল আৰু সেইটো ইতিমধ্যে ভাঙি যোৱাত গড়কাপ্তানি বিভাগৰ অধীনত ইয়াত কালভাৰ্টৰ সলনি এখন পকী দলং নিৰ্মাণ কৰা হৈছিল । শোণিতপুৰৰ বৰছলা বিধান সভা সমষ্টি অন্তৰ্গত এই অঞ্চলত পৰিমল শইকীয়া নামৰ ঠিকাদাৰজনে এই দলং নিৰ্মাণ কৰাৰ বিষয়ে প্ৰকাশ কালি ৰাইজে কয় যে, আচৰিত ভাবে দলংখন ভাঙি পৰাত বৰ্তমান স্পষ্ট হৈছে যে ইয়াৰ প্ৰয়োজনীয় অংশত লোহাৰ ব্যৱহাৰেই কৰা হোৱা নাছিল । উল্লেখযোগ্য যে দৈনিক এই পথৰে বিভিন্ন যানবাহন, ছাত্ৰ-ছাত্ৰীসহ প্ৰায় ১০সহস্ৰাধিক লোকে যাতায়াত কৰে । সম্প্ৰতি ধাৰাবাহিক ভাবে হৈ থকা বৰষুণৰ ফলত দুয়োপাৰে থকা কৃষি পথাৰৰ পানীৰ সোঁততে নৱনিৰ্মিত দলংখন ভাঙি পৰাত আতংকিত হৈ পৰা ৰাইজে কয় যে, সৌভাগ্যক্ৰমে আজি সেই সময়ত ইয়াৰ ওপৰৰে কোনো যানবাহন তথা মানুহে অহাযোৱা কৰা নাছিল । এনে অকল্পনীয় ঘটনাৰ বিষয়ে ক্ষোভ ব্যক্ত কৰি ৰাইজে লগতে অভিযোগ কৰে যে,ঠিকাদাৰৰ পালমৰা কামৰ লগতে কমিছনৰ অংকত ব্যস্ত থকা গড়কাপ্তানি বিভাগৰ অকৰ্মণ্য অভিযন্তাসকল ইয়াৰ বাবে জগৰীয়া । বৰ্তমান বিভাগটোত কেবল কমিছনৰাজ চলা বুলিও অভিযোগ কৰি একাংশ লোকে কয় যে বৰ্তমান তেজপুৰত তিনি শতাংশ কমিছনৰাজ চলি থকাটো সৰ্বজনবিদিত বিষয় হৈ পৰিছে । ৰাইজে এই ঘটনা সন্দৰ্ভত শোণিতপুৰৰ উপায়ুক্তক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিমুক্ত ৰাজ্য গঢ়িবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়ত একাংশ ঠিকাদাৰে চলোৱা এনে দুৰ্নীতিৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। উল্লেখযোগ্য যে,এই নৱনিৰ্মিত লোহা বিহিন দলংখন ভাঙি পৰাত বহুসংখ্যক লোক এতিয়া আৱদ্ধ হৈ পৰিব লগীয়া হৈছে । এই দলংখনৰ নিৰ্মানৰ ঠিকা নিশাটোৰ ভিতৰতে আৱন্টন দিয়াৰ অভিযোগ কৰি এইক্ষেত্ৰত বিধায়ক গণেশ লিম্বুৰ বিৰুদ্ধেও আঙুলি টোঁৱাইছে একাংশ ক্ষোভিত লোকে । উল্লেখযোগ্য যে, তেজপুৰৰো মাজগাঁও দাধৰা সংযোগী পথচোৱা নতুনকৈ নিৰ্মাণৰ কামো অতি লেহেমীয়া হোৱাৰ লগতে ইয়াত নিৰ্মাণ হোৱা পকী কালভাৰ্টৰ কাষত পথৰ দুৰৱস্থাই হেজাৰ হেজাৰ লোকক জীয়াতু ভোগাইছে । ব্যস্ততাপূৰ্ণ পথচোৱাৰ বহলকৰণৰ লগতে নতুনকৈ নিৰ্মাণৰ বাবে ঠিকাদাৰে নিজ ইচ্ছামতে কাম কৰাত ব্যস্ততাপূৰ্ণ পথচোৱাত যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হোৱা সত্বেও গড়কাপ্তানি বিভাগৰ বিষয়া অভিযন্তাসকল এইক্ষেত্ৰত নিৰ্বিকাৰ হৈ আছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More