বিশ্বনাথত বিজ্ঞান আৰু গণিতৰ প্ৰোৎসাহন কাৰ্যসূচীৰ শুভ উদ্বোধন

0 9
শতাব্দ প্ৰতিনিধি, বিশ্বনাথ ২৪ এপ্ৰিলঃ বিশ্বনাথ চাৰিআলিৰ হাটখোলাস্থিত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰত ‘বিজ্ঞান আৰু গণিতৰ ব্যৱহাৰিক শিক্ষাৰ প্ৰোৎসাহন কাৰ্যসূচী’ৰ আজি শুভ-উদ্বোধন কৰে বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই। পোনপ্ৰথমে ক্ষীৰধৰ বৰুৱাই ২২ এপ্ৰিলৰ পৰা উদযাপন কৰি থকা ধৰিত্ৰী সপ্তাহৰ তাৎপৰ্য আৰু আমাৰ কৰণীয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ আগত জনপ্ৰিয় বক্তৃতা প্ৰদান কৰে। আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে পৰিচালনা কৰা দশম মানৰ সাধাৰণ বিজ্ঞান আৰু গণিতৰ ব্যৱহাৰিক পৰীক্ষা-নিৰীক্ষা কৰাত সহায় কৰে প্ৰীতি বৰুৱা আৰু মামুদ আহমেদে। উল্লেখযোগ্যযে বিশ্বনাথ জিলাৰ চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠ, নিজবাঘমাৰীৰ মৰহুম ৰহিমুদ্দিন আহমেদ উচ্চ মাধ্যমিক বিদ্যালয়, চাৰিআলি আদৰ্শ বিদ্যাপীঠ আৰু শংকৰগুৰু জাতীয় বিদ্যালয় তিনিসুঁতিৰ দশম মানৰ পঞ্চাশ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। ফুৱালে মমবাতি নুনুমাই, ৰসায়নৰ যাদু, যাদুকৰী বৰ্গ, গণিতৰ অভেদ মনত ৰখাৰ কৌশল, বিদ্যুৎ বিশ্লেষণ, কাৰটেজিয়ানৰ ডুবাৰু, খোজকঢ়া স্প্ৰীং, অপসৰণ বিক্ৰিয়া, সংযোজন বিক্ৰিয়া আদিৰ দৰে বিশটা দশম মানৰ বিজ্ঞান আৰু গণিতৰ ব্যৱহাৰিক পৰীক্ষা-নিৰীক্ষা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৰোৱা হয়। হাতে-কামে গণিত আৰু বিজ্ঞানৰ ব্যৱহাৰিক পৰীক্ষা-নিৰীক্ষা কৰি ছাত্ৰ-ছাত্ৰীসকল বাৰুকৈয়ে আপ্লুত হৈ পৰে। সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে সাংবাদিকক জানিবলৈ দিয়ে যে বিশ্বনাথ জিলাৰ প্ৰাক্তন উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে বিনামূলীয়াকৈ অনুষ্ঠিত কৰা কৰ্মশালাখনত ছাত্ৰ-ছাত্ৰীক আপ্যায়নৰ বাবে আৰ্থিক সহায় আগবঢ়ায়। যাদুকৰী বৰ্গ প্ৰতিযোগিতাত প্ৰথম দল ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ নিহা সৰকাৰ, মিচকিন্না হাজৰিকা, পূজা কলিতা, দীক্ষশিতা হাজৰিকা, নৃপাঙ্গনা হাজৰিকা, দ্বিতীয় শ্ৰেষ্ঠ দল এম আৰ এ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মনিষা খাটুন, মাহমুদা খাটুন, ৰূপমিলি ৰংপিপি, ৰিজা ৰাণী দেৱী, তৃতীয় শ্ৰেষ্ঠ দল চাৰিআলি আদৰ্শ বিদ্যাপীঠৰ প্ৰিয়াংশু সৰকাৰ, দেৱজিৎ কলিতা, ঋষিকেশ দত্ত, আব্দুল আলিম ফাৰুকি। বৰ্তমান সময়ত চৰকাৰী আৰু বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰ বিজ্ঞান আৰু গণিতৰ ব্যৱহাৰিক পৰীক্ষা-নিৰীক্ষাৰ তথৈবচ অৱস্থাৰ সময়ত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰই বিনামূলীয়াকৈ প্ৰদান কৰিব বিচৰা এই প্ৰোৎসাহন কাৰ্যসূচীক বিদ্বৎ সমাজে ভূয়সী প্ৰশংসা কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More