বিশ্বনাথত সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ সঞ্জীৱ উপাধ্যায়ক সম্বৰ্ধনা

0 26
শতাব্দ প্ৰতিনিধি, বিশনাথ চাৰিআলি ১ জুলাইঃ আজি বিশ্বনাথ চাৰিআলিৰ হাটখোলাস্থিত আকাশ ভৱনত ২০২১ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ সাহিত্য শিতানত নেপালী ভাষাৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱা ড০ সঞ্জীৱ উপাধ্যায়ক সম্বৰ্ধনা জনোৱা হয়। আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি ক্ষীৰধৰ বৰুৱাই সভাপতিত্ব কৰা সম্বৰ্ধনা সভাখনত অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ সভাপতি ড০ প্ৰদীপ মহন্ত, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ বিশ্বনাথ জিলাৰ কাৰ্যকৰী সভাপতি ৰাণা প্ৰসাদ হাজৰিকা, বিশ্বনাথ পৌৰসভাৰ পৌৰপতি অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী দীক্ষাগুৰু ড০ ৰনেন্দ্ৰ নাথ বৰ্মন, ইলোৰা বিজ্ঞান মঞ্চৰ ধনেশ্বৰ বৰা, ৰিপুঞ্জয় নলেজ হাবৰ তত্ত্বাৱধায়িকা জ্যোতিকণা দাস তামূলী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে আঁত ধৰা সম্বৰ্ধনা সভাখনত ড০ সঞ্জীৱ উপাধ্যায়ক আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰ‌‌‌, অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত অসমীয়া আৰু নেপালী ভাষাৰ অনুবাদ সাহিত্যৰ ওপৰত বিশদ আলোচনা কৰা হয়। ড০ সঞ্জীৱ উপাধ্যায়ে নিজৰ বক্তব্যত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ জনপ্ৰিয় কালজয়ী উপন্যাস’পিতা-পুত্ৰ’ৰ নেপালী অনুবাদ ‘বাবু-ছোৰা’ অনুবাদ কৰাৰ আঁৰৰ বিভিন্ন বিষয় সম্পৰ্কে সমজুৱাকৈ অৱগত কৰে। সভাত উপস্থিত ড০ ৰত্ন কিংকৰ গোস্বামী, ড০ মনোজ কুমাৰ শৰ্মা, বিদ্যাধৰ ত্ৰিপাঠী, ড০ প্ৰশান্ত নেওগ, ড০ হেমেন্দ্ৰ চৌধুৰী, বিজ্ঞান শিক্ষক গিৰীচ ফুকন, সঞ্জীৱ গগৈ, প্ৰস্তুতি কলা কাননৰ সম্পাদক ড০ ভক্ত প্ৰসাদ গৌতম, গণিতৰ শিক্ষক দুৰ্গা নেপালৰ দৰে বিশিষ্ট বিজ্ঞান কৰ্মীয়ে উপধ্যায়ৰ সফলতাত মত ব্যক্ত কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More