বিশ্বৰ একমাত্ৰ চহৰ য’ত নিষিদ্ধ মোবাইল-টিভি

শিশুৰ খেলনাও নিষিদ্ধ

0 51

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুলাই : সমগ্ৰ বিশ্বতে নতুন নতুন প্ৰযুক্তিৰ বিকাশ অহৰহ হৈ আছে। আজি সমগ্ৰ বিশ্ব ডিজিটেল হৈ পৰিছে। সকলোৰে হাতে হাতে স্মাৰ্টফোন আছেই। ঘৰবোৰতো আছে উন্নত প্ৰযুক্তিৰ সামগ্ৰী। কিন্তু এনে সময়তো এনে এখন চহৰ আছে, য’ত কোনেও বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰে। মোবাইল, টিভি, ৰেডিঅ’ সকলো নিষিদ্ধ এই চহৰৰ জনসাধাৰণৰ বাবে। এইবোৰ কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব আৰু যদি কাৰোবাক তেনে কৰা দেখা যায় তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হ’ব পাৰে।

* ক’ত এই চহৰ
আমেৰিকাৰ পশ্চিম ভাৰ্জিনিয়াৰ প’কাহন্টাছ কাউন্টিত অৱস্থিত এই চহৰখন। ইয়াৰ নাম গ্ৰীণ বেংক চিটি। মহানগৰীখনৰ জনসংখ্যা অতি কম। এই চহৰখনত প্ৰায় ১৫০ জন লোকে বাস কৰে। ম’বাইল, টিভি বা ৰেডিঅ’ৰ দৰে ইলেক্ট্ৰনিক যন্ত্ৰ ব্যৱহাৰ নকৰে গোটেই চহৰখনতে। সূত্ৰ অনুসৰি বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টিয়াৰেবল ৰেডিঅ’ টেলিস্কোপটো এই চহৰখনতে অৱস্থিত। ইয়াক গ্ৰীণ বেংক টেলিস্কোপ বুলিও জনা যায়। এই টেলিস্কোপটো ইমানেই ডাঙৰ যে ইয়াৰ এখন প্লেটত এখন ডাঙৰ ফুটবল খেলপথাৰ সোমাব পাৰে। ইয়াৰ দৈৰ্ঘ্য ৪৮৫ ফুট আৰু ওজন ৬০০ মেট্ৰিক টন। আটাইতকৈ আচৰিত কথাটো হ’ল যে এই টেলিস্কোপটো এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰি। খবৰ অনুসৰি এই ষ্টিয়াৰেবল ৰেডিঅ’ টেলিস্কোপটো আমেৰিকাৰ নেচনেল অব্জাৰ্ভেটৰী অৱ ৰেডিঅ’ এষ্ট্ৰ’নমিৰ মালিকানাধীন। ১৯৫৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পৰাই বিজ্ঞানীসকলে মহাকাশৰ পৰা পৃথিৱীলৈ অহা তৰংগসমূহৰ বিষয়ে অধ্যয়ন কৰে। এই টেলিস্কোপটো ইমানেই ডাঙৰ যে ই ১৩ বিলিয়ন আলোকবৰ্ষ দূৰত থকা মহাকাশৰ সংকেত ল’ব পাৰে। যিহেতু টিভি, ৰেডিঅ’, ম’বাইলৰ দৰে সকলো ইলেক্ট্ৰনিক যন্ত্ৰৰ পৰা নিৰ্গত হোৱা তৰংগই মহাকাশৰ পৰা অহা তৰংগত প্ৰভাৱ পেলায়, সেয়েহে এই চহৰত ইলেক্ট্ৰনিক যন্ত্ৰসমূহ নিষিদ্ধ কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More