বিশ্বৰ সকলোতকৈ ওখ মহিলা ৰুমেইছা গেলগি

আন তিনিটা অভিলেখৰো গৰাকী তেওঁ

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মে’ : গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ (GWR)ৰ দ্বাৰা বিশ্বৰ আটাইতকৈ ওখ মহিলাৰ সন্মান লাভ কৰা ৰুমেইছা গেলগিয়ে শেহতীয়াকৈ আন তিনিটা অভিলেখ ভংগ কৰিছে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে, তুৰ্কীৰ মহিলাগৰাকী এতিয়া পাঁচটা বিশ্ব অভিলেখৰ গৌৰৱান্বিত গৰাকী। ২০২২ চনৰ ফেব্ৰুৱাৰীত কৰা এটা পৰীক্ষণ অনুসৰি গেলগিৰ অভিলেখ ভংগকাৰী বৈশিষ্ট্যসমূহ এনেধৰণৰ— জীৱিত ব্যক্তিৰ ভিতৰত আটাইতকৈ দীঘল আঙুলিৰ (১১.২ ছেমি) গৰাকী, আটাইতকৈ ডাঙৰ হাতৰ মহিলা (সোঁহাতৰ জোখ ২৪.৯৩ ছেমি বা ৯.৮১ ইঞ্চি আৰু বাওঁহাতৰ জোখ ২৪.২৬ ছেমি বা ৯.৫৫ ইঞ্চি) আৰু জীৱিত ব্যক্তিৰ ভিতৰত আটাইতকৈ দীঘল পিঠিৰ মহিলা ( ৫৯.৯০ ছেমি)। ১৯৯৭ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা ৰুমেইছা গেলগি এগৰাকী অধিবক্তা, গৱেষক আৰু ফ্ৰন্ট-এণ্ড ডেভেলপাৰ যিয়ে ২০২১ চনৰ অক্টোবৰৰ পৰা বিশ্বৰ আটাইতকৈ ওখ জীৱিত মহিলাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে (৭ফুট ০.৭ ইঞ্চি)। ইউটিউবত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ-এ এটা ভিডিঅ’ পোষ্ট কৰিছে য’ত গেলগিয়ে নিজৰ বিষয়ে আৰু জন্মৰ পৰাই হোৱা ৰোগৰ বিষয়ে উল্লেখ কৰিছে। উল্লেখ্য যে, ২০১৪ চনত কিশোৰী অৱস্থাত তেওঁ প্ৰথম অভিলেখ খিতাপ লাভ কৰিছিল ওখ কিশোৰী হিচাপে। গেলগিয়ে সাধাৰণতে নিজৰ অক্ষমতাৰ বাবে হুইল চেয়াৰত বহিয়েই সময় কটায়। তেওঁ খুব কম সময়ৰ বাবেহে খোজকাঢ়িব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More