বিশ্বৰ সবাতোকৈ দীৰ্ঘতম আইনাৰে নিৰ্মিত দলংখন

0 41

glass bottomed bridge 2 626be2bab9212শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ এপ্ৰিলঃ ভিয়েটনামত কালি মুকলি কৰা হ’ল বিশ্বৰ সবাতোকৈ দীৰ্ঘতম আইনাৰে নিৰ্মিত দলংখন। দলংখনৰ মজিয়া নিৰ্মাণ কৰা হৈছে ফ্ৰান্সত তৈয়াৰ কৰা এবিধ বিশেষ ধৰণৰ আইনাৰে। ভিয়েটনামৰ ম’ক চাউ জিলাৰ বাছ লংত পথচাৰী সকলৰ বাবে নিৰ্মিত দলংখনৰ দৈৰ্ঘ্য হৈছে ৬৩২ মিটাৰ। ঘন সেউজ অৰণ্যৰ ১৫০ মিটাৰ উচ্চতাত নিৰ্মাণ কৰা দলংখনৰ পৰা তলৰ দৃশ্য বৰ্ণনাতীত। ইয়াৰ পূৰ্বে চীনৰ গুৱাংড’ত থকা আইনাৰ মজিয়াৰ দলংখন আছিল বিশ্বৰ দৈৰ্ঘতম এনেধৰণৰ দলং।এই দলংখনৰ দৈৰ্ঘ্য আছিল ৫২৬ মিটাৰ। আইনাৰ মজিয়াৰে নিৰ্মিত এই দলংখন হৈছে ভিয়েটনামৰ এনে তৃতীয়খন দলং। দলংখনৰ নিৰ্মাতা সকলৰ মতে ইয়াত ব্যৱহৃত আইনাখনে একেসময়তে ৪৫০ জন মানুহৰ ভৰ সহ্য কৰিব পাৰিব। পৰ্যটকসকলৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’বলগীয়া এই দলংখনে ইতিমধ্যে বিশ্বৰ সংবাদ মাধ্যমটো খলকনি তুলিছে। বিশ্বৰ সবাতোকৈ দীঘল দলংখনৰ স্বীকৃতিৰ বাবে অলপতে গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধিয়ে দলংখন ভ্ৰমণ কৰিবলৈ অহাৰ কথা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More