বিশ্ব ক্ষুধা সূচকাংকত ১০৭ নম্বৰ স্থানলৈ ভাৰত

আগত পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু নেপাল

0 19
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ অক্টোবৰ : বিশ্ব ক্ষুধা সূচকাংকত ভাৰত ৬ ৰেংক তললৈ নামিল। গ্ল’বেল হাংগাৰ ইনডেক্স ২০২২ৰ তথ্য অনুসৰি বৰ্তমান ১২১খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৭।1665826865318 যুদ্ধবিধ্বস্ত আফগানিস্তানৰ বাহিৰে দক্ষিণ এছিয়াৰ সকলো দেশৰ ভিতৰতে ভাৰত পিছ পৰি আছে। ভাৰতৰ স্ক’ৰ হৈছে ২৯.১। গ্ল’বেল হাংগাৰ ইনডেক্সৰ প্ৰকাশক কনচাৰ্ণ ৱৰ্ল্ডৱাইড আৰু ৱেলথ হাংগাৰ হেল্পে ক্ষুধাৰ মাত্ৰাক ‘তীব্ৰ’ বুলি অভিহিত কৰিছে। যোৱা বছৰ ভাৰত ১০১ নম্বৰ স্থানত আছিল। GHI স্ক’ৰ চাৰিটা উপাদান সূচকৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। সেইবোৰ হ’ল— পুষ্টিহীনতা, শিশুৰ বৃদ্ধি স্তব্ধ হৈ পৰা, শিশুৰ ‘ অপচয়’, শিশুৰ মৃত্যুৰ হাৰ। শিশু অপচয়ক পাঁচ বছৰৰ তলৰ শিশুৰ উচ্চতাৰ বাবে কম ওজন বুলি সংজ্ঞায়িত কৰা হৈছে। এই সূচকসমূহৰ বাবে ব্যৱহৃত তথ্যসমূহ ইউনিচেফ, বিশ্ব বেংক, খাদ্য আৰু কৃষি সংস্থা (এফএঅ’)কে ধৰি বিভিন্ন ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুপক্ষীয় সংস্থাৰ পৰা আহৰণ কৰা হৈছে। চুবুৰীয়া দেশ পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, নেপাল আৰু ম্যানমাৰৰ স্থান ক্ৰমে ৯৯, ৬৪, ৮৪, ৮১ আৰু ৭১। সকলো ভাৰতৰ ওপৰত।
* ভাৰতৰ পিছত কোন কোন আছে?
গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতৰ তলত স্থান লাভ কৰা দেশসমূহ হ’ল— জাম্বিয়া, আফগানিস্তান, টিমৰ-লেষ্টে, গিনি-বিছাউ, ছিয়েৰা লিয়ন, লেচোথো, লাইবেৰিয়া, নাইজাৰ, হাইটি, চাদ, কংগো, মাদাগাস্কাৰ, মধ্য আফ্ৰিকান ৰিপাব্লিক, য়েমেন। গিনি, মোজাম্বিক, উগাণ্ডা, জিম্বাবুৱে, বুৰুণ্ডি, ছোমালিয়া, দক্ষিণ চুডান, ছিৰিয়াকে ধৰি ১৫খন দেশৰ তথ্যৰ অভাৱৰ বাবে ৰেংক নিৰ্ধাৰণ কৰিব পৰা নগ’ল।

এই প্ৰতিবেদন প্ৰকাশৰ পিছতে বিৰোধী নেতাসকলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে কয় যে ২০১৪ চনৰ পৰা মোদী চৰকাৰৰ ৮ বছৰত ভাৰতৰ জি এইচ আই স্ক’ৰ ক্ৰমাগতভাৱে বেয়া হৈ আহিছে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই কয় যে বিজেপিয়ে পাঁচ ট্ৰিলিয়ন অৰ্থনীতি সৃষ্টিৰ সন্দৰ্ভত ভাষণ দিছে। কিন্তু মানুহক দিনটোত কমেও দুবাৰকৈ আহাৰ দিয়াৰ ক্ষেত্ৰত ১০৬খন দেশ আমাৰ আগত। উল্লেখ্য যে বিগত বৰ্ষৰ গ্ল’বেল হাংগাৰ ইনডেক্সৰ প্ৰতিবেদন নাকচ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। এই প্ৰকাশন গোষ্ঠীসমূহে তথ্যসমূহ সঠিকভাৱে সংগ্ৰহ আৰু হিচাপ কৰা নাছিল বুলি কেন্দ্ৰই দাবী কৰিছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More