বিশ্ব ঘৰচিৰিকা দিৱস আৰু সাধুকথা দিৱস পালন
তেজপুৰৰ হলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 'ইন'ভেটিভ এণ্ড কমিউনিটি লাৰ্ণিং হাব'ৰ উদ্যোগত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২০ মাৰ্চ: শিশুক সাধুকথাই আকৰ্ষিত কৰে।বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাধুকথাসমূহে শিশুক নৈতিক আৰু মূল্যবোধৰ শিক্ষা প্ৰদান কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তদুপৰি শিশুৰ মৌখিক ভাষাৰ বিকাশৰ বাবেও সাধুকথাৰ গুৰুত্ব অপৰিসীম। সেয়ে সাধুকথাৰ প্ৰতি শিশুক আকৰ্ষিত কৰিবলৈ আৰু ইয়াৰ গুৰুত্ব বুজিবলৈ আজি বিশ্ব সাধু কথা দিৱস উপলক্ষে তেজপুৰৰ নিকটৱৰ্তী হলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইন’ভেটিভ এণ্ড কমিউনিটি লাৰ্ণিং হাব’ ৰ উদ্যোগত হলেশ্বৰ মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰীক লৈ এই দিৱস পালন কৰা হয়। এই উপলক্ষে সাধু কবলৈ কেইগৰাকীমান ককা-আইতাক আমন্ত্ৰণ কৰি শিশুসকলৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় আৰু তেখেত সকলে তেওঁলোকক সাধু কথা কৈ মোহিত কৰে। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাও সাধু কোৱা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ্য ,বিদ্যালয় পৰিয়ালৰ এগৰাকী জ্যেষ্ঠ সদস্য ডিম্বেশ্বৰ বৰুৱাই এই অনুষ্ঠানতে নাটকৰ সংলাপ মাতি শিক্ষাৰ্থী সকলক মনোৰঞ্জনৰ খোৰাক যোগায়।আনহাতে আজিৰ দিনটোৰ আন এক তাৎপৰ্য হৈছে,আজি বিশ্ব ঘৰচিৰিকা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানতে চিত্ৰাংকণ প্ৰতিযোগিতা ও অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আজি সমগ্ৰ অনুষ্ঠানটি সুকলমে পৰিচালনা কৰে হলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙৰ লগতে বিদ্যালয়ৰ কেইবাগৰাকী সহ শিক্ষক আৰু সমল কেন্দ্ৰটিৰ আন আন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে।