বিশ্ব চাইকেল দিৱস উপলক্ষে তেজপুৰ মহাবিদ্যালয় আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ চাইকেল শোভাযাত্ৰা 

0 14
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ আজি বিশ্ব বাইচাইকেল দিৱস উপলক্ষে তেজপুৰ মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনৰ পৰা শিলঘাটলৈ উলিওৱা চাইকেল ৰেলী আজি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।মহাবিদ্যালয়খনৰ  অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকাৰ লগতে একাংশ অধ্যাপকেও অংশ লোৱা তেজপুৰ মহাবিদ্যালয়ৰ এই চাইকেল ৰেলী পতাকা জোকাৰি শুভাৰম্ভ কৰা বিধায়ক ৰাভাই চাইকেল চালনাৰ অভ্যাসে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত যেনেদৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে একেদৰে নিজৰ শৰীৰো মজবুত কৰি এগৰাকী সুস্বাস্থ্যবান ব্যক্তি হোৱাৰ পথ সূচল কৰে বুলি মন্তব্য কৰে।এই অনুষ্ঠানত তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৱেও অংশ লয়।উল্লেখযোগ্য যে, তেজপুৰৰ এক স্বেচ্ছাসেৱী সংগঠন” মাইলছ উইথ চাইকেল” এ তেজপুৰ মহাবিদ্যালয়ৰ সহযোগত বাহিৰ কৰা এই ৰেলীৰ দলটোৱে  শিলঘাট আৰু পুনৰ শিলঘাটৰ পৰা তেজপুৰ মহাবিদ্যালয়লৈ উভটি আহে। ৩৫জনীয়া পুৰুষ মহিলাৰ দলটোয়ে মুঠ ৫৩কিঃমিঃ দূৰত্ব অতিক্ৰম কৰে। আনহাতে, দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ পুৰ্তি উপলক্ষে পালিত স্বাধীনতা কি অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগতে বিশ্ব চাইকেল দিৱসৰ অংশ হিচাপে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ এন এছ এছ গোটে মহাবিদ্যালয়ৰ কৰ্মচাৰী গোটৰ সহযোগত মিছন চাৰিআলিৰ পৰা ডেকাৰগাঁৱৰ ৰেল ষ্টেচনলৈকে এক চাইকেল ৰেলীৰে সজাগতা সৃষ্টি কৰে। উল্লেখ্য যে, গাড়ী – মটৰৰ ধোঁৱাই সৃষ্টি কৰা প্ৰদূষণে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি চূড়ান্ত ভাবুকি কঢ়িয়াই অনাৰ সময়তে চাইকেলৰ প্ৰয়োজনীয়তা আৰু চাইকেল চালনাই শাৰীৰিক অনুশীলন সদৃশ কাম কৰাৰ গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি সজাগতা সৃষ্টিৰে আজি চাইকেল দিৱসৰ দিনটোত উলিওৱা এই চাইকেল ৰেলী শুভাৰম্ভণি কৰে গোলাঘাট জিলাৰ ধনশিৰী মহকুমাৰ মহকুমা আৰক্ষী বিষয়া তথা তেজপুৰৰ সন্তান ত্ৰিনয়ন ভূঞাই।উল্লেখযোগ্য যে, এই চাইকেল ৰেলীয়ে নিৰ্দিষ্ট স্থান সামৰি পুনৰ মহাবিদ্যালয় প্ৰাংগনত উপস্থিত হয় আৰু সকলো অংশ গ্ৰহণকাৰীক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰি মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই চাইকেল চালনাৰ বিভিন্ন সুফল সমূহ শিক্ষাৰ্থীসকলক অৱগত কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More