বিশ্ব পৰিৱেশ দিৱসত তামুলপুৰ- নাগ্ৰীজুলি পথত ১০০ টা গছপুলি ৰোপণ

তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ বলিষ্ঠ পদক্ষেপ

0 16
শতাব্দ প্ৰতিনিধি, তামুলপুৰ, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি তামুলপুৰ জিলাক সেউজীয়াকৰণ কৰি সমগ্ৰ জিলাখনৰ সৌন্দৰ্য্যবৰ্ধন কৰাৰ লক্ষ্যৰে এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তামুলপুৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যাগত আৰু ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ বলিষ্ঠ নেতৃত্বত তামুলপুৰ- নাগ্ৰীজুলি- ওদালগুৰি পথৰ দাঁতিত আজি ১০০ টা সৌন্দৰ্যবৰ্ধক গছপুলিৰ লগতে বিভিন্ন গছ পুলি ৰোপণ কৰা হয়। এক মাংগলিক পৰিবেশত বিটিচিৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ন দাস, এমচিএলএ বিজিত গৌৰা নাৰ্জাৰী, এমচিএলএ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱ, ভূমি সংৰক্ষণ বিভাগৰ তামুলপুৰ ৰেঞ্জৰ বিষয়া তফিকুৰ ৰহমানৰ উপস্থিতিত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে। বিধায়ক গৰাকীৰ আমন্ত্ৰণ ক্ৰমে আজিৰ এই বিশেষ কাৰ্যসূচীত  তামুলপুৰৰ কেইবাজনো বিশিষ্ট ব্যক্তি, বিভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ নেতাকে ধৰি এশ জন ব্যক্তিয়ে উপস্থিত থাকি এশটা মূল্যৱান গছপুলি ৰোপণ কৰে। গছপুলি ৰোপণ কাৰ্যসূচীৰ অন্তত পথৰ দাঁতিতেই এখন সজাগতামূলক সভাও অনুষ্ঠিত হয়। তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্য ধর্ম নাৰায়ণ দাসে কয়- আমি গছপুলি ৰোপণ কৰিলেই নহয়। আমি ৰোপণ কৰা গছপুলিসমূহৰ প্ৰতিপালনৰ দায়িত্ব আমিয়েই ল’ব লাগিব । সভাখনত অংশগ্ৰহণ কৰি বিটিচিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰী, হেমন্ত কুমাৰ ৰাভা আৰু তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক পঙ্কজ যাদৱেও বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে গছপুলি ৰোপণৰ প্ৰয়োজনীয়তা সম্পৰ্কেও বহলাই ব্যাখ্যা দাঙি ধৰে। ইপিনে অনুষ্ঠানত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে কয় আমি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ গছপুলি ৰোপণ কৰিবই লাগিব। তামুলপুৰ জিলাক প্ৰাকৃতিকভাৱে চহকী কৰাৰ লগতে জিলাখনৰ সৰ্বাংগীন বিকাশ আৰু প্ৰগতিৰ হকে কাম কৰাৰ বাবে আমি বদ্ধপৰিকৰ। তামুলপুৰ জিলাৰ উন্নয়নৰ কাম কৰাৰ ক্ষেত্ৰত জিলাখনৰ সৰ্বস্তৰৰ ৰাইজৰ ঐকান্তিক সহায় সহযোগিতা তেওঁ কামনা কৰে। ইপিনে নিজৰ ভাষণত তামুলপুৰ ভূমি সংৰক্ষণ বিভাগৰ বিষয়া তফিকুৰ ৰহমানে কয়- তামুলপুৰত আজি এশ ডাল গছ পুলি ৰোপণ কৰা হৈছে। পৰ্যায়ক্ৰমে তামুলপুৰ ওদালগুৰি পথত তামুলপুৰ জিলাৰ শেষ সীমালৈকে গছপুলি ৰোপণ কৰা হ’ব। আজিৰ এই অনুষ্ঠানত তামুলপুৰৰ কেইবাজনো বিশিষ্ট ব্যক্তি, তামুলপুৰ প্ৰেছ ক্লাৱৰ বিষয়ববীয়া, ৰাজনৈতিক নেতা আৰু ছাত্ৰ সংগঠনৰ নেতা কৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More