যুগল বৰা
আজি ৩১ মে’, বিশ্ব ভাটৌ দিৱস। ২০০৪ চনৰ পৰা প্ৰথমে ইউৰোপীয় দেশসমূহত ভাটৌ চৰাই আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনাৰ বাবে প্ৰস্তাৱ লোৱাৰ পাছৰ পৰা এই বনৰীয়া ভাটৌ চৰাই সঁজাত বন্দী কৰি ৰখাৰ ক্ষেত্ৰত সজাগতা আনিবলৈকে মূলতঃ এই ভাটৌ দিৱস পালন কৰি অহা হৈছে। বনৰীয়া আন আন চৰাইৰ দৰেই ভাটৌ এটা বনৰীয়া প্ৰজাতিৰ চৰাই, ইহঁতক সঁজাত বন্দী কৰি ৰখাটো আইন মতে দণ্ডনীয়। বিভিন্ন ঠাইত বহু ব্যক্তি তথা সংগঠনে বিভিন্ন সজাগতা অনুষ্ঠান কৰি অহাৰ পাছত বৰ্তমান আমাৰ মানুহ সামান্য পৰিমাণে সজাগ হৈছে সঁচা কিন্তু সেয়া তেনেই নগণ্য। এনেদৰে মানুহে ভাটৌ সঁজাত ধৰি ৰখাৰ ফলতে বৰ্তমান এই মৰমলগা ভাটৌ চৰাইৰ প্ৰজাতিবোৰো ক্ৰমে হ্ৰাস পাই আহিছে। বৰ্তমান সময়তো আমাৰ সমাজৰ অধ্যৱন্ত পৰিয়ালৰ মানুহে সঁজাত ভাটৌ চৰাই পুহি ৰখা দেখা যায়।
আমি জীৱশ্ৰেষ্ঠ, লক ডাউনৰ সময়ছোৱাত আমি বন্দীৰ জীৱন পাৰ কৰোতে মনত কেনে অনুভব হৈছিল সেইবোৰ সহজে পাহৰি যোৱা উচিত নহয়। তৎসত্বেও বহু মানুহে কেৱল মনোৰঞ্জনৰ বাবেই সঁজাত ইহঁতক বন্দী কৰি ৰাখে। এইবোৰৰ মাজতেই মই এইবাৰ এটা অতি তিক্ত অভিজ্ঞতা লাভ কৰিলোঁ অসম তথা উত্তৰ পূৱৰ দুৱাৰমুখ গুৱাহাটীত। বিষয় আছিল ভাটৌ। গুৱাহাটীখন বহুতৰে প্রিয় হোৱাৰ বিপৰীতে মোৰ অতি অপ্ৰিয়। নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰেৰে ভাৰতৰ দীৰ্ঘতম river ropeway হোৱাৰ পাছত জীৱনত পোন প্ৰথমবাৰৰ বাবে ropewayত উঠি উত্তৰ গুৱাহাটীলৈ গৈছিলোঁ। যেতিয়া উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰলৈ যাত্ৰা কৰোঁ তেতিয়া সেই মন্দিৰলৈ যোৱা ৰাস্তাৰ দুয়োকাষে প্ৰায়বোৰ মানুহৰ ঘৰতে গলমণিকা ভাটৌ সঁজাত ভৰাই ৰখা দেখিবলৈ পাইছিলোঁ। যি মোৰ যাত্ৰাটো দুৰ্বিসহ কৰি পেলাইছিল। এঘৰত দেখিলো, মাইকী ভাটৌ জনী বন্দী কৰি ৰখাৰ বাবে সঁজাৰ বাহিৰত মতা ভাটৌটোৰ বিৰহৰ বিননি। আমি মানুহ, জীৱশ্ৰেষ্ঠ তাতে তেওঁলোক মহানগৰীৰ বাসিন্দা তথাপি এনে ঘটনা। মোৰ দৃষ্টিত এয়া এক দুষ্কাৰ্য; আনে কি কয় নাজানো। সেয়াও নাজানো যে প্ৰশাসনে এইবোৰ দেখিছেনে বা নামজ্বলা প্ৰকৃতিপ্ৰেমীসকলে। মানুহ কেতিয়া সজাগ হব সেয়া আমি নাজানো কিন্তু মই সুধিছিলোঁ, কি মূল্যৰ বিনিময়ত সঁজা মুক্ত হব ইহঁত? মই পাছত অনুভৱ কৰিলো সেই মূল্য দিবৰ জোখাৰে সক্ষম নহওঁ মই, সেয়ে সিহঁত আজিও সজাত বন্দী। তেনে ঘটনা অসমত আৰু কতো যেন দেখিবলৈ নাপাওঁ আজিৰ ভাটৌ দিৱসত সেয়াই শেষ আশা।