বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতালৈ নিৰ্বাচিত তেজপুৰ কন্যা

দুহেজাৰ প্ৰতিযোগীৰ মাজত জিলিকি উঠিল তেজপুৰ কন্যা

0 21

শতাব্দ  প্ৰতিনিধি তেজপুৰ , ২৭ মে’: বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতালৈ এইবাৰ নিৰ্বাচিত হৈছে তেজপুৰৰ কন্যা। অহা ১৫ জুলাইত মালদ্বীপত অনুষ্ঠিত হ’ব লগা শৰীৰৰ চৰ্চাৰ এক বিশেষ প্ৰতিযোগিতাত তেজপুৰ কন্যাই ভাৰতক প্ৰতিনিধিত্ব কৰিব আৰু অহা অক্টোবৰত অনুষ্ঠিত হ’ব লগা শৰীৰ চৰ্চাৰ বিশ্ব চেম্পিয়নশ্বিপত তেজপুৰৰ পৰা একমাত্ৰ অসম কন্যা হিচাপে সমগ্ৰ এছিয়া মহাদেশক প্ৰতিনিধিত্ব কৰিব লগা এক অতি উৎসাহজনক খবৰে তেজপুৰবাসীক আহ্লাদিত কৰি তোলাই নহয় তেজপুৰ, অসম, ভাৰত তথা সমগ্ৰ এছিয়া মহাদেশলৈ আশাৰ খবৰ কঢ়িয়াই আনিছে। IMG 20220527 WA0043উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শৰীৰ চৰ্চা অব্যাহত ৰাখি বহুবাৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তেজপুৰৰ ছায়া বৰুৱা নামৰ উদ্যোগী মহিলাগৰাকীয়ে যোৱা ২২ মে’ত হিমাচল প্ৰদেশৰ পাৱন্টা চাহিবত অনুষ্ঠিত হোৱা বডি বিল্ডিং এণ্ড ফিটনেচৰ মিষ্টাৰ এণ্ড মিছ এছিয়া এণ্ড ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ বাচনি শিবিৰত বিশ্বৰ বিভিন্ন দেশৰ দুহেজাৰ প্ৰতিযোগীৰ ভিতৰত এছিয়া আৰু বিশ্ব প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে। উল্লেখ্য যে এই বাচনি শিবিৰতে গুৱাহাটীৰ বৰ্ণালী বসুমতাৰীও এছিয়া চেম্পিয়নশ্বিপলৈ ছায়া বৰুৱাৰ লগতে নিৰ্বাচিত হৈছে যদিও বিশ্ব চেম্পিয়নশ্বিপলৈ একমাত্ৰ ছায়া বৰুৱা নিৰ্বাচিত হৈছে। মনকৰিবলগীয়া যে, ছায়া বৰুৱা হ’ল একমাত্ৰ অসম কন্যা যিয়ে প্ৰথমবাৰৰ কাৰণে ভাৰত আৰু এছিয়া মহাদেশক প্ৰতিনিধিত্ব কৰিব। অহা জুলাই মাহত মালদ্বীপত অনুষ্ঠিত হ’ব এছিয়া চেম্পিয়নশ্বিপ আৰু অক্টোবৰ হ’ব বিশ্ব চেম্পিয়নশ্বিপচ। বৰ্তমানলৈকে বিশ্ব চেম্পিয়নশ্বিপৰ স্থান নিৰ্ধাৰণ হোৱা নাই যদিও ছায়া বৰুৱাৰ এই সাফল্যত অসম শৰীৰ চৰ্চা সন্থাৰ কাৰ্যালয়ত উল্লাসপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। তেজপুৰ চহৰত “কিংখাপ” নামৰ মহিলা সাজপাৰৰ দোকান দি আৰ্থিক স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাই অহা ছায়া বৰুৱাই যোগাসনৰ জৰিয়তেও কৃতিত্বৰ পৰিচয় দি আহিছে। এটি সন্তানৰ মাতৃ ছায়া বৰুৱাৰ এই সাফল্যক লৈ স্বাভাৱিকতে তেজপুৰবাসীও উৎফুল্ল হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More