বিশ্ব সংবাদ মাধ্যমৰ স্বতন্ত্ৰ সূচাংক ২০২২ত ভাৰত অৱনমিত

১৮০ খন দেশৰ ভিতৰত ভাৰতৰ ১৫০ ত অৱস্থান

0 68

শতাব্দ বিশেষ প্ৰতিনিধি, ৪ মে’: বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বাধীনতা এতিয়া মুঠেও সুৰক্ষিত নহয়। আৰু ক্ৰমে ক্ৰমে এই স্বাধীনতাৰ অৱক্ষয় ঘটাৰহে উপক্ৰম হৈছে। ৩ মে’ত বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস (World Press Freedom Day) উপলক্ষে ‘ৰিপৰ্টাছ উইদাউট বৰ্ডাৰ্ছ’ নামৰ স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে প্ৰকাশ কৰা ‘World Press Freedom Index 2022’ শীৰ্ষক বছৰেকীয়া প্ৰতিবেদনখনত ভাৰতৰ শোচনীয় ৰূপ প্ৰতিফলিত হৈছে। ২০২১ চনৰ বছৰটোত বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত চলোৱা সমীক্ষাত ভাৰতবৰ্ষৰ স্থান পূৰ্বৱৰ্তী বছৰটোৰ তুলনাত অৱনতি হৈছে। এইবাৰ ভাৰতে ৮ টা স্থান পিছুৱাই ১৫০ ত অৱস্থান কৰিছে। এইবাৰৰ সমীক্ষাত শীৰ্ষৰ প্ৰথম পাঁচটা স্থানত আছে ক্ৰমে নৰৱে, ডেনমাৰ্ক, ছুইডেন, ইষ্ট’নিয়া আৰু ফিনলেণ্ড। একেবাৰে নিম্নতম স্থানত আছে স্বাভাৱিকতেই উত্তৰ কোৰিয়া। ৰাছিয়া আৰু চীনৰ স্থান ক্ৰমে ১৫৫ আৰু ১৭৫। ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান ১৫৭, শ্ৰীলংকা ১৪৬, বাংলাদেশ ১৬২ আৰু ম্যানমাৰ ১৭৬ স্থানত অৱস্থান কৰিছে। আন এখন চুবুৰীয়া ৰাষ্ট্ৰ নেপালে কিন্তু পূৰ্বৰ ১০৬ স্থানৰ পৰা অগ্ৰগতি লাভ কৰি এইবাৰ ৭৬ নং স্থানত অৱস্থান কৰিছে।standforpressfreedom
‘ৰিপৰ্টাৰ উইদাউট বৰ্ডাৰ্ছ’ নামৰ এই স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে ২০০২ চনৰে পৰাই বিশ্বৰ প্ৰায় সমুদায় দেশৰ সংবাদ মাধ্যমৰ ওপৰত সূক্ষ্ম দৃষ্টি ৰাখি নিৰপেক্ষ ভাৱেই এই প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে। সংস্থাটোৱে স্পষ্ট কৰি দিছে যে, এই সূচকাংক প্ৰস্তুত কৰোঁতে তেওঁলোকে সংবাদ মাধ্যমৰ স্বাধীনতাৰ দিশটোৰ ওপৰতহে দৃষ্টি ৰাখে, সংবাদ মাধ্যমৰ গুণাগুণৰ দিশটোৰ লগতে সাধাৰণ মানৱাধিকাৰ উলঙ্ঘনৰ বিষয়টো তেওঁলোকৰ বিচাৰ্যৰ বিষয় নহয় ।

ভাৰতবৰ্ষত সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰাৰ বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে “ৰিপ’টাৰ্ছ উইদাউট বৰ্ডাৰ্ছ’ ৰ লগতে আন নটা আন্তঃৰাষ্ট্ৰীয় সংগঠনে। তেওঁলোকে ভাৰতবৰ্ষৰ চৰকাৰক সাংবাদিক আৰু অন-লাইন মাধ্যমত চৰকাৰৰ কাম-কাজৰ সমালোচনা কৰা সকলক আক্ৰমণৰ লক্ষ্য কৰি ন’লবলৈ আৰু বিশেষ ভাৱে সংবাদ কৰ্মীসকলক সন্ত্ৰাসবাদ বা দেশদ্ৰোহী কাৰ্যকলাপত লিপ্ত হোৱাৰ ভুৱা গোচৰত অভিযুক্ত নকৰিবলৈও ভাৰত চৰকাৰক আহ্বান জনাইছে। ভাৰতীয় সংবাদ মাধ্যমৰ ওপৰত ৰাষ্ট্ৰযন্ত্ৰই চলোৱা নিপীড়নৰ কথা উল্লেখ কৰি সংস্থাটোৱে কয় যে, ভাৰতবৰ্ষত সম্প্ৰতি একলাখৰো অধিক সংবাদ পত্ৰ আৰু ৩৮০ টাৰো অধিক টেলিভিছন চেনেল আছে, কিন্তু ইয়াত কৰ্মৰত সাংবাদিক সকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে দেখাত ভাৰতীয় আইন কঠোৰ যদিও যিসকল সাংবাদিকে চৰকাৰক সমালোচনা কৰে তেওঁলোকৰ ওপৰত দেশদ্ৰোহ, মানহানি, ন্যায়ালয়ক অৱমাননা কৰা বা ৰাষ্ট্ৰীয় নিৰাপত্তা বিপন্ন কৰা আদি বিভিন্ন গোচৰ জাপি দি হাৰাশাস্তি কৰাৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। ভাৰতত সাংবাদিক সকলে কৰ্মক্ষেত্ৰত সকলোধৰণৰ হিংসাত্মক ঘটনা বিশেষকৈ আৰক্ষী, ৰাজনৈতিক কৰ্মী আৰু অপৰাধী সকলৰ সন্ত্ৰাসৰ বলি হ’বলগীয়াও হৈছে। তথ্য অনুযায়ী দেশখনত ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা এতিয়ালৈকে এজন সাংবাদিক কৰ্মক্ষেত্ৰত এনে ঘটনাৰ বাবে নিহত হৈছে আৰু ১৩ জন সাংবাদিক কাৰাৰুদ্ধ হৈছে। গণতান্ত্ৰিক দেশ এখনত সংবাদ মাধ্যমৰ স্বাধীনতাৰ যি প্ৰমূল্য সেয়া অক্ষুণ্ণ ৰখাটো চৰকাৰৰ যি দায়িত্ব হোৱা উচিত ভাৰতত তাৰ যে অৱনমন ঘটিছে সেয়াই এই প্ৰতিবেদনত স্পষ্ট ভাৱে প্ৰতিফলিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More