বিষ্ণু-জ্যোতি সোঁৱৰণী ফুটবল কেৰালাৰ লুক্কাচকাৰ ফাইনেলত

0 18

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৬অক্টোবৰ: তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা খেলপথাৰত পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিঞ্চুজ্যোতি সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত কেৰালাৰ লুক্কা চকাৰ ক্লাৱে দমনীয় খেল প্ৰদৰ্শনৰে ফাইনেলত প্ৰৱেশ কৰিছে৷ দলটোৱে আজি ঢেকিয়াজুলি টাউন ক্লাৱক ৪-০গলৰ ব্যৱধানত পৰাভূত কৰে৷প্ৰথমাৰ্ধত দুটা আৰু দ্বিতীয়াৰ্ধত দুটাকৈ গলৰে চূড়ান্ত খেলত স্হান নিশ্চিত কৰা কেৰালাৰ লুক্কা চকাৰৰ হৈ চাহিৰ, য়াহিয়া, যশোৱা আৰু চাজ্জাদে একোটাকৈ গল স্কৰ কৰিবলৈ সক্ষম হয়

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More