বিহগুৰিত প্ৰথমবাৰ মহিলাৰ দ্বাৰা অনুষ্ঠিত হয় মঞ্চ ভাওনা

0 118

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫জুনঃ বিহগুৰিৰ মৈলা গাঁৱত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় মহিলাৰ মঞ্চ ভাওনা। গুৰুজনাৰ অমৰ সৃষ্টি “ৰুক্মিণী হৰণ” নাটখনত গাওঁখনৰ মহিলাসকলে কৰা অভিনয়ে দৰ্শক সকলক আপ্লুত কৰে। উল্লেখ্য যে, মৈলা গাঁৱৰ ৰাইজে যোৱা ৩ আৰু ৪ জুনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে বাৰ্ষিক নাম আৰু পানীতোলা সবাহ। এই ধৰ্মীয় কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৈলা গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত দুয়োটা নিশা দুখন ভাওনা মঞ্চস্থ কৰে। দ্বিতীয় নিশা গুৰুজনাৰ অমৰ সৃষ্টি “ৰুক্মিণী হৰণ” নাটখনৰ কাহিনীৰ আধাৰত আধুনিক নাট্যৰূপ মঞ্চ ভাওনা খন মঞ্চস্থ কৰে গাওঁখনৰ মহিলা সকলে। গাওঁ খনত প্ৰথমবাৰ মঞ্চস্থ হোৱা মহিলাৰ ভাওনাত মহিলা সকলৰ অভিনয়ে শ্ৰোতা দৰ্শকক নাট খনৰ শেষ পৰ্যন্ত মোহিত কৰি ৰাখে। নাট্যকাৰ, অভিনেতা তথা নাট পৰিচালক অমিতাভ কলিতা পৰিচালিত মঞ্চ ভাওনাখনে এক নতুন মাত্ৰা প্ৰদান কৰে। আনহাতে প্ৰথম দিনা গাওঁখনৰ পুৰুষ সকলৰ দ্বাৰা প্ৰদৰ্শিত হয় “মণিকাঞ্চন” আন এখন ভাওনা। দুয়োখন ভাওনাত অভিনয় কৰা পুৰুষ আৰু মহিলাসকলৰ অভিনয়ে দৰ্শক সকলক আপ্লুত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More