বিহপুৰীয়াত ভংয়কৰ অগ্নিকাণ্ডঃ শুই থাকোতেই প্ৰাণ গ’ল এজনৰঃ

0 24

শতাব্দ প্ৰতিনিধি লখিমপুৰ, ২৮ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াত যোৱা নিশা এক ভংয়কৰ অগ্নিকাণ্ড সংঘটিত হয়৷ বিহপুৰীয়াৰ সন্তপুৰ চাৰিআলিত সংঘটিত হোৱা এই ঘটনাত এজন লোক জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে চাৰিখন দোকান ভস্মীভূত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা  বিহপুৰীয়া নগৰৰ সমীপৱৰ্তী সন্তপুৰ পাঁচআলিত থকা এখন দোকানত জুই লাগে৷ সেই সময়ত এখন চাইকেল দোকানৰ ভিতৰত ৰঙাই গগৈ নামৰ এজন লোক শুই আছিল৷ জুয়ে আন তিনিখন দোকানৰ লগতে ৰঙাই গগৈৰ চাইকেল দোকানখনো স্পৰ্শ কৰাত দোকানৰ ভিতৰত শুই থকা ৰঙাই গগৈ [৫৮] জীৱন্তে অগ্নিদগ্ধ হয়৷ যোৱা নিশাৰ এই ঘটনাত প্ৰদীপ চেতিয়া, প্ৰবোধ গোঁহাই, আৰু অজিত ফুকনৰ দোকান কেইখনো জ্বলি ভস্মীভূত হয়৷ সেই সময়ত ক্ষুদ্ৰ ব্যৱসায়ী কেইজন দোকানৰ ভিতৰত নথকাৰ বাবেই তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে৷ যোৱা নিশাৰ ঘটনা সন্দৰ্ভত স্থানীয় লোকে বিহপুৰীয়াৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় ১ ঘণ্টাৰ পিছত জুই নুমোৱাবলৈ সক্ষম হয়৷ পৰিতাপৰ কথা যে সন্তপুৰ পাঁচআলিত চাইকেল মেৰামতি কৰি পৰিয়াল পোহপাল দিয়া ৰঙাই গগৈয়ে চোৰৰ উপদ্ৰৱৰ বাবেই নিতৌ দোকানৰ ভিতৰতে শুই আহিছিল৷ এনেদৰে ৰঙাই গগৈয়ে আকস্মিক মৃত্যুক সাৱতি লোৱাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত গগৈয়ে দুই পুত্ৰ কন্যা সহ বহু আত্মীয়ক এৰি থৈ যায়৷ অৱশ্যে দোকান কেইখনত অগ্নিসংযোগৰ ঘটনাৰ কাৰণ এই সন্দৰ্ভত জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More