বিহপুৰীয়াত সাত মাহৰ পূৰ্বে বিবাহ স্থলীৰ পৰা নিৰুদিষ্ট হোৱা যুৱকৰ নৰকংকাল পুখুৰীত উদ্ধাৰ

বিহপুৰীয়াত তীব্ৰ চাঞ্চল্য-উত্তেজনাঃ আৰক্ষীক তীব্ৰ কৰ্কথনা

0 21

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০ জানুৱাৰীঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত ভোগদৈ-গন্ধীয়াত বৃহস্পতিবাৰে বিয়লি পুখুৰীত মানুহৰ এটা লাওখোলা উদ্ধাৰ হোৱাৰ পিছত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ একাংশ লোকে সন্দেহ কৰা অনুসৰি প্ৰায় ৭ মাহ পূৰ্বে এখন বিবাহ স্থলীৰপৰা নিৰুদিষ্ট হোৱা যুৱক চিত্তৰঞ্জন দত্ত [২৩]ৰেই উক্ত লাওখোলা হয়৷ ইফালে আজি আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত চিত্তৰঞ্জন দত্তৰ পৰিয়ালৰ লোকে উক্ত ঘটনা হত্যাকাণ্ড সন্দেহ কৰি আৰক্ষীক শীঘ্ৰে দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনায়৷ ঘটনাৰ বিৱৰণী অনুসৰি চলিত বৰ্ষৰ ৮ জুলাইত বিহপুৰীয়া থানাৰে অন্তৰ্গত চৌধ্যপুনীয়া গাঁৱৰ প্ৰফুল্ল দত্তৰ পুত্ৰ চিত্তৰঞ্জন দত্তই নিকটৱৰ্তী তথা বিহপুৰীয়া থানাৰে অন্তৰ্গত প্ৰায় ১০ কিলোমিটাৰ নিলগৰ ভোগদৈ গন্ধীয়াত অনুষ্ঠিত হোৱা এখন বিবাহত বৰযাত্ৰী হিচাপে দৰাৰ লগত গৈছিল৷ বিবাহস্থলীত মাজনিশালৈকে উপস্থিত থকা চিত্তৰঞ্জন দত্ত সেইনিশা বিবাহস্থলীৰ পৰাই নিৰুদ্দেশ হয়৷ পিছত পৰিয়ালৰ লোকে আৰু আত্মীয় স্বজনে স্নাতক ষষ্ঠ ষাণ্মাসিকত পঢ়ি থকা যুৱকজনক বিচাৰি চলাথ কৰি তেওঁৰ কোনো সন্ধান নাপাই বিহপুৰীয়া আৰক্ষীক অৱগত কৰে৷ আৰক্ষীয়ে পৰিয়ালৰ লোকক যুৱকজন আলফালৈ যোৱাৰ সন্দেহ আছে বুলি ব্যক্ত কৰি বিষয়টো অধিক অনুসন্ধানৰ পৰা বিৰত আছিল৷ ইফালে কালি তথা বৃহস্পতিবাৰে বিয়লি ভোগদৈ-গন্ধীয়াত দুজনমান লোকে প্ৰদীপ চুৰীৰ এটা জলাশয় তথা পুখুৰীত মাছ ধৰি থকাৰ সময়তে হঠাতে এটা লাওখোলা প্ৰত্যক্ষ কৰে৷ উক্ত ঘটনা সন্দৰ্ভত তেওঁলোকে আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষীয়ে কালিয়েই লাওখোলাটো উদ্ধাৰ কৰি থানাত ৰাখে৷ ইফালে আজি উক্ত পুখুৰীটো পানী সিঁচি পেলোৱাত সেই পুখুৰীটোতে শৰীৰৰ বাকী অৱশিষ্ট তথা নৰকংকাল আৰু জোতা, চোলা-পেন্ট আদি উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোকে উক্ত নৰকংকাল আৰু লাওখোলাটো চিত্তৰঞ্জন দত্তৰ বুলি দাবী কৰি আৰক্ষীক শীঘ্ৰে ঘটনাৰ সঠিক তদন্ত কৰিবলৈ দাবী জনায়৷ তেওঁলোকে অভিযোগ কৰা অনুসৰি ৮ জুলাইৰ নিশাই বিবাহস্থলীৰ পৰা নি যুৱকজনক দুবৃৰ্ত্তই হত্যা কৰি পুখুৰীত পেলাই দিছিল৷ আনহাতে আৰক্ষীয়ে সেই সময়ত সঠিক তদন্ত নকৰাৰ অভিযোগ তোলাৰ লগতে আৰক্ষীৰ ভূমিকাত সন্দেহ প্ৰকাশ কৰি আজি ঘটনাস্থলীত আৰক্ষীক চিত্তৰঞ্জন দত্তৰ পৰিয়ালৰ লোকে তীব্ৰ কৰ্কথনা কৰে৷ আজি এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাৰ সৃষ্টি হয়৷ আজি দণ্ডাধীশৰ লগতে লখিমপুৰ জিলা উচ্চ পদস্থ আৰক্ষী বিষয়াৰ উপস্থিতিত উদ্ধাৰ হোৱা উক্ত নৰকংকাল ফৰেনচিকলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More