বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলনলৈ অসম কলেজ শিক্ষক সংস্থাৰ সৰ্বাত্মক সঁহাৰি 

বিহপুৰীয়া মহাবিদ্যালয়লৈ ন্যায় বিচাৰি সমগ্ৰ অসমতে আন্দোলনৰ হুংকাৰ

0 43

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জুনঃ লক্ষীমপুৰ জিলাৰ অন্যতম অগ্ৰণী আৰু পুৰণি উচ্চ শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে অধ্যক্ষ ড° অমূল্য কুমাৰ হাজৰিকাই দীৰ্ঘদিন ধৰি চলাই অহা গুৰুতৰ বিত্তীয় কেলেংকাৰী, মহিলা সহকৰ্মীৰ প্ৰতি প্ৰদৰ্শন কৰি অহা যৌন নিৰ্যাতন, কৰ্মচাৰী সকলক কৰি অহা অশালীন আচৰণ, মহাবিদ্যালয় আৰু কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ তথ্য সম্বলিত কম্পিউটাৰ আৰু তথ্য চুৰি আদি ভালেমান অভিযোগৰ লগতে শেহতীয়া ভাবে শিক্ষক গোটৰ বিৰুদ্ধে মহাবিদ্যালয়ত অধ্যয়নৰত আৰু এচাম প্ৰাক্তন ছাত্ৰক আন্দোলন কৰিবলৈ উদগণি যোগোৱাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষ গৰাকীৰ তৎকালীন বৰ্খাস্তকৰণ আৰু উচ্চ শিক্ষাধিকৰ্তাৰ হস্তক্ষেপত উচ্চ স্তৰীয় তদন্তৰ দাবী জনাই অৱস্থান ধৰ্মঘট অব্যাহত ৰাখিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই ৷ অধ্যক্ষ গৰাকীয়ে মহাবিদ্যালয়ৰ পৰিচালনা সমিতি আৰু ছাত্ৰ একতা সভাখনৰ লগতে একাংশ প্ৰাক্তন ছাত্ৰ তথা স্থানীয় যুৱকক নিজৰ হাতত ৰাখি শিক্ষক সকলক বিভিন্ন ধৰণেৰে ভয়-ভাবুকি প্ৰদৰ্শন কৰাৰ লগতে ভালেকেইগৰাকী অধ্যাপকক ভুৱা অভিযোগেৰে আইনী মেৰপাকত সুমুৱাবলৈয়ো অগ্ৰসৰ হোৱা পৰালক্ষিত হৈছে ৷ সমান্তৰাল ভাবে অধ্যক্ষ গৰাকীয়ে শিক্ষক গোটৰ গণতান্ত্ৰিক আন্দোলনটোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই সৰ্বসাধাৰণক বিপথে পৰিচালিত কৰিবলৈয়ো যত্ন কৰি আহিছে ৷ ইয়াৰ মাজতে  ১০ জুনত অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক ড° জয়ন্ত বৰুৱা, শোণিতপুৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সদস্য ড° হৃদয় হাজৰিকা আৰু দুগৰাকী সদস্যকে ধৰি লক্ষীমপুৰ মণ্ডলৰ সভাপতি, সম্পাদক আৰু প্ৰতিখন মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি, সম্পাদক আৰু তিনিগৰাকীকৈ অধ্যাপকে বিহপুৰীয়া মহাবিদ্যলয়লৈ আহি শিক্ষক গোটৰ আন্দোলনটোৰ বুজ লয়৷ মহাবিদ্যালয়খনত অধ্যক্ষগৰাকীয়ে সুদীৰ্ঘ দিন চলাই অহা নীতি-বহিৰ্ভূত আৰু চূড়ান্ত স্বৈৰাচাৰী ক্ৰিয়াকলাপক তেখেতসকলে একেমুখে গৰিহণা দিয়ে আৰু ইতিপূৰ্বে শিক্ষক গোটে মহাবিদ্যালয়ৰ সমস্যাৰাজিৰ আশু সমাধানৰ বাবে শিক্ষামন্ত্ৰী আৰু উচ্চ শিক্ষাধিকৰ্তাক আৱেদন জনোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে আৰু শিক্ষক গোটৰ এই দাবী সমূহৰ তৎকালীন সমাধানৰ বাবে অসম কলেজ শিক্ষক সংস্থাই উৰ্দ্ধতন কৰ্তৃপক্ হেঁচা প্ৰয়োগ কৰাৰ লগতে অহা ১৪ জুনৰ ভিতৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সমগ্ৰ অসমতে তীব্ৰতৰ ৰূপত আন্দোলন গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ অসম কলেজ শিক্ষক সংস্থাৰ সম্পাদকৰপৰা এই প্ৰতিশ্ৰুতি লাভ কৰাৰ বাবে বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে সংস্থাক কৃতজ্ঞতা জনায় আৰু যোৱা ১১ মে’ৰপৰা চলাই অহা অৱস্থান ধৰ্মঘট সাময়িক ভাবে স্থগিত ৰখাৰ সিদ্ধান্ত কৰে ৷IMG 20220824 WA0001

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More