বিশ্বনাথ চাৰিআলি, ২৬ ছেপ্টেম্বৰঃ বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ নবাগত আদৰণি সভাখন যোৱা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ স্বৰ্গীয় চন্দ্ৰধৰ বৰুৱা সোঁৱৰণী তোৰণখন দাতা পৰিয়ালৰ হৈ তেখেতৰ সহধৰ্মিনী নিৰু বৰুৱাই উদঘাটন কৰে আৰু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি টংকেশ্বৰ বৰুৱাই বৃক্ষৰোপণ কৰে। অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তন্ময় শইকীয়া। আনহাতে ২৫ ছেপ্টেম্বৰত মহাবিদ্যালয়খনৰ মিচিং ছাত্ৰ ছাত্ৰী তথা কৰ্মচাৰীৰ উদ্যোগত মহা উলহ মালহেৰে কাংকিন কৌবাং অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে আয়োজক কমিটীৰ সভাপতি জ্যোতি পেগুৱে পতাকা উত্তোলন কৰে আৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° শেখৰ জ্যোতি বৈশ্যই বৃক্ষৰোপণ কৰে। কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সভাৰ সভাপতি দিপেন কামানে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটো বাৰে ৰহনীয়া কাৰ্যসূচীৰে সামৰণি পৰে। সভাৰ অন্যতম আকৰ্ষণ আছিল গণেশ পেগুৰ গীতৰ শৰাই আৰু ৰজাবাৰীৰ পুনচা:নে আপ্পুন ডান্স একাডেমীৰ নৃত্যৰ অনুষ্ঠান।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.