বিহালী সংৰক্ষিত বনাঞ্চলক ’’বিহালী বন্যপ্ৰাণী অভয়াৰণ্য’’ হিচাপে ঘোষণা

0 207

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মেঃ  জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অৱস্থিত অসমৰ নৱগঠিত বিশ্বনাথ জিলাৰ বিহালীত ১৯১৭ চনত ব্ৰিটিছ প্ৰশাসনে ঘোষণা কৰা বিহালী সংৰক্ষিত বনাঞ্চল (BRF)ক অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছ। বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ৰ ধাৰা ১৮ মতে অসম চৰকাৰৰ ৰাজপত্ৰ নং ৩১৮, ৪ মে ২০২২, জাননী নং FRS.124/2021/386 মৰ্মে বিহালী সংৰক্ষিত বনাঞ্চলক ’’বিহালী বন্যপ্ৰাণী অভয়াৰণ্য’’ হিচাপে ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠী স্বাক্ষৰিত জাননীত এই কথা প্ৰকাশ।IMG 20220508 WA0003 বিহালী হৈছে উত্তৰ অসমৰ জীৱিত অৱস্থাত থকা অন্তিমখন অৰ্ধ-চিৰসেউজ বনাঞ্চল। বিগত বর্ষত মুখ্যমন্ত্ৰীয়ে ইয়াত ভ্ৰমণ কৰি অভয়াৰণ্য ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ই শোণিতপুৰ হস্তী সংৰক্ষিত বনাঞ্চলৰ এটা গুৰুত্বপূৰ্ণ অংশ, ইয়াক ২০০১ চনত এক গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ হিচাপে আৰু ২০১৪ চনত অসমৰ ভিতৰতে এখন গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল।
১৫৭.২৫ বৰ্গ কিঃমিঃ সামৰি ঘোষণা কৰা এই অভয়াৰণ্যত ৩১০ বিধ স্থানীয় উদ্ভিদৰ প্ৰজাতিৰ লগতে ৪৯ বিধ স্তন্যপায়ী প্ৰাণী, ২৮২ বিধ চৰাই, ২৩ বিধ সাপ, ১১ বিধ কাছ, ১১ বিধ উভচৰ প্ৰাণী আৰু ২৯৫ বিধৰো অধিক ভিন্ন প্ৰজাতি পখিলা চিনাক্ত কৰা হৈছে। ইয়াৰ বাহিৰেও বনাঞ্চলখনত বিপদাপন্ন টুপিমূৰীয়া বান্দৰ, হাতী, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, লতামেকুৰী বাঘ, বনৰৌ, লাজুকী বান্দৰ, হৰিণ, বনৰীয়া গাহৰি, দেওহাঁহ আদি আছে।
আনহাতে ক্লৰ’ফাইটাম আছমিকাম (Chlorophytum assamicum) নামৰ উদ্ভিদ জোপা পৃথিৱীৰ ভিতৰতে কেৱল মাত্ৰ এই বিহালীতহে পোৱা যায়। আজি বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ ৰাজপত্ৰ পোৱাৰ লগে লগেই অসমৰ সমূহ প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় ৰাইজ শতিকা পুৰণি বনাঞ্চলখনে স্বীকৃতি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে। যোৱা ছটা বছৰ বিহালীত গৱেষণা কৰি থকা ৱাইল্ড হাৰ্ট ফাউণ্ডেচন, যাৰ মূল প্ৰচেষ্টাতে বিহালী অভয়াৰণ্য হোৱাৰ যোগ্যতা থকাৰ দিশবোৰ ওলাই আহিছিল তেওঁলোকেও চৰকাৰৰ এই প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ কাৰ্যক একেমুখে প্ৰশংসা কৰিছে। চৰকাৰে স্থানীয় প্ৰশাসনক শীঘ্ৰে কৰিবলগীয়া যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰি অভয়াৰণ্য হিচাপে ৰাইজৰ বাবে মুকলি কৰি দিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More