বিহাৰত সোণৰ বিশাল ভাণ্ডাৰ আৱিষ্কাৰঃ উদ্ঘাটনৰ বাবে সাজু চৰকাৰ

0 41

শতাব্দ বিশেষ প্ৰতিনিধি, ২৯ মে’ : মূল্যবান হালধীয়া ধাতু সোণৰ উদ্ঘাটনৰ বাবে সাজু হৈছে বিহাৰ চৰকাৰ। ইতিমধ্যে বিহাৰ চৰকাৰৰ খনি আৰু ভূতত্ত্ব বিভাগে সোণ উদ্ঘাটনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নেশ্যনেল মিনাৰেল ডেভলেপমেণ্ট কৰ্পোৰেছনৰ লগত শীঘ্ৰেই এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব বুলি ৰাজ্য চৰকাৰে কালি ঘোষণা কৰিছে।gold ore found mine hands pure men 129704016 উল্লেখযোগ্য যে, বিহাৰৰ দক্ষিণ পূব অঞ্চলৰ জামুই জিলাত সোণৰ এটা বিশাল ভাণ্ডাৰ আৱিষ্কাৰ হোৱাৰ তথ্য যোৱা ডিচেম্বৰ মাহত সংসদত কেন্দ্ৰীয় খনি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছিল। জৰীপ কাৰ্য চলোৱা ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে জামুই জিলাৰ ভূগৰ্ভত ২২২.৮৮৫ নিযুত মেট্ৰিক টন পৰিমাণৰ সোণৰ ধাতু থকাৰ তথ্য নিশ্চিত কৰিছিল। এই ভাণ্ডাৰৰ পৰিমাণ ভাৰতবৰ্ষৰ মুঠ সোণৰ ভাণ্ডাৰৰ ৪৪ শতাংশ আৰু দেশখনৰ ভিতৰত ই সোণৰ বৃহত্তম ভাণ্ডাৰ। অৱশ্যে এই পৰিমাণৰ সোণৰ আকৰৰ লগত ৩৭.৬ নিযুত মেট্ৰিক টন আন খনিজ পদাৰ্থৰ আকৰো মিশ্ৰিত হৈ আছে। বিহাৰৰ খনি আৰু ভূতত্ত্ব বিভাগে সংশ্লিষ্ট কেন্দ্ৰীয় প্ৰতিষ্ঠান সমূহৰ লগত যুটীয়া ভাবে জিলাখনৰ কাৰমাটিয়া, ঝাঝা আৰু ছ’ন’ অঞ্চলত প্ৰাথমিক পৰ্যায়ৰ খনন কাৰ্য চলাব। ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ পাটনাস্থিত উপ মহানিৰ্দেশক গৰাকীৰ মতে বৰ্তমানৰ হিচাপতকৈ বিহাৰৰ সোণৰ আহৰণৰ মাত্ৰা যথেষ্ট কম। সোণ আহৰণৰ ক্ষেত্ৰত সাধাৰণতে এক মেট্ৰিক টন আকৰৰ পৰা নিম্নতম ২ গ্ৰাম সোণ লাভ কৰিব লাগে যদিও বিহাৰৰ আকৰৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ মাথোন ০.১৭ গ্ৰাম। অৱশ্যে উদ্ঘাটন কাৰ্য আৰম্ভ কৰাৰ পাছতহে ছবিখন সম্পূৰ্ণকৈ পৰিস্ফুট হ’ব বুলি আশা কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More