বিৰল চেঙেলী গোম উদ্ধাৰ(ভি ডি অ’ আছে)

0 142

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ মে’:
লখিমপুৰ জিলাৰ ঘিলামৰা তিনি আলিত আজি এটা বিৰল প্ৰজাতিৰ চেঙেলী গোম (Indu-Chinese Rat Snake সাপ উদ্ধাৰ হয়। উদ্ধাৰকাৰী তথা প্ৰকৃতিপ্ৰেমী যুৱক ত্ৰিবেণী ৰঞ্জন গগৈয়ে জনোৱা মতে সাপটো এখন ফলমূলৰ দোকানত আছিল। সৰ্প সজাগতা তথা সৰ্প উদ্ধাৰত বিশেষ ভাবে পাৰদৰ্শী গগৈয়ে বিষহীন সাপটো উদ্ধাৰ কৰাৰ সময়ত প্ৰয়োজনীয় আহিলা নাছিল বাবে সাপটো হাতেৰে ধৰিব লগা হয় আৰু সেই সময়তে চেঙেলী গোমটোৱে তেঁওক আঙুলিত কামোৰে।বিষহীন সাপ বাবেই তেঁওৰ আঘাত গুৰুতৰ নহয় বুলি জনাইছে।আনহাতে উদ্ধাৰ কৰা সাপটো এই অঞ্চলত প্ৰাপ্ত প্ৰথমটো চেঙেলী গোম বুলি গগৈয়ে জনাইছে। গগৈয়ে লগতে জনোৱা মতে
চেঙেলী গোম সাপক চেঙেলী বাঢ়ি, ৰায়েল, মচোৱাগুম আদি নামেৰেও জনা যায়। ইয়াৰ  মূৰৰ আকাৰ ডিঙিতকৈ ডাঙৰ। চকু ডাঙৰ, মণি ঘূৰণীয়া । শৰীৰৰ উপৰিভাগৰ আগফালৰ অংশ জলফাই-সেউজীয়া বা হালধীয়া-মুগা বৰণৰ হয় আৰু পিছত অংশৰ মুগা ৰঙৰ বাকলিবোৰৰ শেষাংশত স্পষ্ট কলা ৰং থাকে। শৰীৰৰ তলভাগৰ ৰং বগা। এই সাপবিধে কণী পাৰি বংশ বৃদ্ধি কৰে।

বহু সময়ত এই সাপবিধক মোট (বাকলি) সলোৱাৰ সময়ছোৱাত চাপৰ জোপোহা, শস্যৰ থানি আদিত কুণ্ডলী পকাই বেছ কিছুদিনলৈ ৰৈ থকা দেখা যায়।

ইয়াৰ সংৰক্ষণৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ বন্যজীৱ সুৰক্ষা আইন(IWPA)ৰ অধীনত এই সাপবিধক চাৰি নং অনুসূচী ( schedule IV) ৰ অন্তৰ্ভুক্তিৰে আইনী সুৰক্ষা প্ৰদান কৰিছে।

মন কৰিবলগীয়া: সৰ্পদংশন কোনো কপালৰ লিখন নহয়, এয়া দুৰ্ঘটনা । যিকোনো সৰ্পদংশনৰ ক্ষেত্ৰত সদায় তৎক্ষণাত ওচৰৰ চিকিৎসালয়লৈ যোৱা উচিত। কেতিয়াও বেজ, ওজা, ঘৰুৱা চিকিৎসা, বন দৰৱ আদিত সময় নষ্ট নকৰিব। সঠিক সময়ত লোৱা সঠিক সিদ্ধান্তই  কাৰোবাৰ জীৱন বচাব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More