বিৰল মহাজাগতিক পৰিঘটনা : ৭০ বছৰৰ পাছত পৃথিৱীৰ ওচৰ চাপিব বৃহস্পতি

0 43

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি। ই পৃথিৱীতকৈ প্ৰায় ১১ গুণ ডাঙৰ। ইয়াৰ আকাৰেই ইয়াক সৌৰজগতৰ বাকী গ্ৰহবোৰৰ পৰা পৃথক কৰি তোলে। এই গ্ৰহটোৰ বৃহৎ আকাৰৰ বাবে জ্যোতিৰ্বিজ্ঞানীসকলো আকৰ্ষিত হৈ আহিছে। উপগ্ৰহৰ পৰা আৰম্ভ কৰি ইয়াৰ ট্ৰেজেক্টৰী ইয়াৰ পৃষ্ঠত কি আছে সেই বিষয়ে জানিবলৈ বহু গৱেষণা চলি আছে। গ্ৰহটোৰ বিষয়ে অধিক জানিবলৈ একাংশ বিজ্ঞানীয়ে ২৪ ঘণ্টা ধৰি টেলিস্কোপত চকু ৰাখে। এনে টেলিস্কোপপ্ৰেমী তৰাদৰ্শকৰ বাবে এটা ভাল খবৰ। ২৬ ছেপ্টেম্বৰত বৃহস্পতি পৃথিৱীৰ আটাইতকৈ ওচৰ চাপিব। বিজ্ঞানীসকলৰ মতে যোৱা ৭০ বছৰৰ ইতিহাসত এনে ঘটনা বিৰল। পৃথিৱীৰ পৰা বৃহস্পতিলৈ দূৰত্ব প্ৰায় ৫৯২.৬৯ মিলিয়ন কিলোমিটাৰ। কিন্তু ২৬ ছেপ্টেম্বৰত পৃথিৱীৰ পৰা বৃহস্পতিলৈ দূৰত্ব আটাইতকৈ কম হ’ব, মাত্ৰ ৩৬.৫ কোটি কিলোমিটাৰ। নাছাৰ মাৰ্শ্বেল স্পেচ ফ্লাইট চেণ্টাৰৰ গৱেষক জ্যোতিৰ্বিজ্ঞানী এডাম কবেলস্কিয়ে কয় যে পৃথিৱীৰ প্ৰতি বৃহস্পতিৰ দৃষ্টিভংগী মহাজাগতিক। তেওঁ কয়— “যদি আপুনি ভাল, অত্যাধুনিক বেণ্ডযুক্ত বাইনোকুলাৰ ব্যৱহাৰ কৰে, তেন্তে সেইদিনা আপুনি পৃথিৱীৰ পৰা গেলিলিয়ান ৩-৪টা উপগ্ৰহ চাব পাৰিব।” লগতে সেউজীয়া-নীলা ফিল্টাৰৰ সৈতে ৪ ইঞ্চিৰ টেলিস্কোপ ব্যৱহাৰ কৰিলে বৃহস্পতিৰ গ্ৰেট ৰেড দেখা যাব সেইদিনা। এসময়ত বিখ্যাত জ্যোতিৰ্বিজ্ঞানী গেলিলিঅ’ৱে অপটিক্সৰ সহায় লৈ বৃহস্পতিৰ এই উপগ্ৰহবোৰ পৰীক্ষা কৰিছিল। কিন্তু কোবেলস্কিয়ে কয়— “যদি আমি সেইদিনা বৃহস্পতিৰ চন্দ্ৰবোৰ দেখিবলৈ পাওঁ তেন্তে আমি সুৰক্ষিত মাউণ্ট থকা টেলিস্কোপ ব্যৱহাৰ কৰিব লাগিব।” জ্যোতিৰ্বিজ্ঞানীসকলে এই পৰ্যন্ত বৃহস্পতিৰ মাত্ৰ ৫৩টা চন্দ্ৰ বা উপগ্ৰহৰ নামহে উল্লেখ কৰিবলৈ সক্ষম হৈছে। কিন্তু গৱেষকসকলে অনুমান কৰিছে যে বৃহস্পতিৰ মুঠ ৭৯টা উপগ্ৰহ আছে। গেলিলিঅ’ হৈছে বৃহস্পতিৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। বৃহস্পতিৰ আন আন চন্দ্ৰ বা উপগ্ৰহসমূহ হ’ল আয়ো, ইউৰোপা, গেনিমিড আৰু কেলিষ্টো। ছবছৰ পূৰ্বে নাছাই জুনো নামৰ এখন মহাকাশযান বৃহস্পতিলৈ প্ৰেৰণ কৰিছিল। ই যোৱা ছবছৰ ধৰি বৃহস্পতি গ্ৰহক প্ৰদক্ষিণ কৰি আহিছে আৰু বিজ্ঞানীসকলে মূলতঃ কক্ষপথত থকাৰ সময়ত জুনোৱে প্ৰেৰণ কৰা বৃহস্পতি আৰু উপগ্ৰহৰ ফটোসমূহ বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More